ETV Bharat / bharat

গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিও হেঁপাহ নপলোৱাত খুৰাই দিলে চুলি

এগৰাকী মহিলাক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছে একাংশ লোকে ৷ আগ-পাচ ভাবিবলৈ একো নাই ৷ মাথো মাৰিছে আৰু মাৰিছে ৷ মাৰৰ কোবত মহিলাগৰাকীয়ে ৰাউচি জুৰি কান্দিছে প্ৰাণৰক্ষাৰ বাবে ৷ কিন্তু আগবাঢ়ি অহা নাই কোনো লোক ৷ এই দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত ৷

WOMAN TIED TO TREE AND BEATEN UP BADLY IN KATIHAR
গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিও হেঁপাহ নপলোৱাত খুৰাই দিলে চুলি
author img

By

Published : Aug 5, 2021, 6:26 PM IST

নেশ্যনেল ডেস্ক, 5 আগষ্ট : চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ ৷ এগৰাকী মহিলাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা হৈছে ভিডিঅ’টোত ৷ কেইবাগৰাকীও পুৰুষ-মহিলাই মিলি নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছে মহিলাগৰাকীক ৷ প্ৰহাৰ সহিব নোৱাৰি প্ৰাণৰ কাতৰেৰে চিঞৰিছে মহিলা গৰাকীয়ে ৷ কিন্তু যিখন দেশত দুৰ্ঘটনাত আহত ব্যক্তিক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে ফটো উঠোৱাত মানুহ ব্যস্ত হয়, সেই দেশত জানো সহায় বিচাৰি লাভ আছে ৷

কোনো আগবাঢ়ি নাহিল, মহিলাগৰাকীক বচাবলৈ ৷ মহিলাগৰাকীৰ ওপৰত মানুহখিনিৰ ইমানেই খং যে, কেৱল মাৰ-কিল কৰিয়েই ক্ষান্ত নহ’ল তেওঁলোক ৷ খঙৰ কোবত মহিলাগৰাকীৰ চুলিও খুৰাই দিলে তেওঁলোকে ৷ ইমান নিৰ্দয়তা কেৱল মানুহৰ পক্ষেই সম্ভৱ ৷

আপুনি হয়তো ভাবিছে ক’ত এনেকৈ প্ৰহাৰ কৰিছে মহিলাক ৷ ব’লক ঘটনাৰ আঁতি-গুৰি বিচাৰি বিহাৰলৈ যাওঁ ৷

লগতে চাওক : পৰ্ণগ্ৰাফী গোচৰ: ৰাজ কুন্দ্ৰাৰ জামিন আবেদন নাকচ

ঘটনাৰ স্থান বিহাৰৰ কাটিহাৰ জিলা ৷ এই যে প্ৰহাৰ কৰি থকা মহিলা গৰাকী, তেওঁ সাত বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল কাটিহাৰৰ মনশাহী থানাৰ অন্তৰ্গত এটা অঞ্চলৰ বাসিন্দা মনোজ নামৰ ব্যক্তিগৰাকীৰ সৈতে ৷ বিয়াৰ পাচত স্বামী-স্ত্ৰীৰ মাজত খুট-খাট লাগেই, সেইটো তেনেই সাধাৰণ কথা ৷ এওঁলোকৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহ’ল ৷ কিন্তু বিয়াৰ দুবছৰ পাচৰ পৰা মহিলাগৰাকীৰ জীৱনলৈ নামি আহিল কালক্ষণ ৷

পত্নীক শাৰিৰীক-মানসিক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিলে মনোজে ৷ সৰু-সৰু কথাতে পত্নীক প্ৰহাৰ কৰাতো যেন মনোজৰ বাবে হৈ পৰিল অভ্যাস ৷ কিমাননো সহিব মহিলাগৰাকীয়ে ? তেৱোঁ তেজ-মঙহৰেহে গঢ়া ৷ স্বামীগৃহৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি পিতৃগৃহলৈ পলায়ন কৰে তেওঁ ৷ ইয়াতেই যেন আত্ম সন্মানত আঘাত লাগিল স্বামীগৃহৰ ৷ বিভিন্ন ধৰণে বুজাই মেলি মহিলাগৰাকীক ঘৰলৈ লৈ আহিলে তেওঁলোকে ৷

লগতে চাওক : ভক্তৰ বাবে পুনৰ মুকলি হ'ব পুৰীৰ জগন্নাথ মন্দিৰ

কিন্তু, তাৰ পাচত আৰম্ভ হ’ল আন এক অধ্যায় ৷ স্বামীগৃহলৈ অহাৰ পিছত মহিলাগৰাকীৰ ওপৰত চলিবলৈ ধৰিলে অবৰ্ণনীয় অত্যাচাৰ ৷ এই ঘটনাই ধাৰণ কৰে চূড়ান্ত ৰূপ ৷ প্ৰথমে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা হ’ল মহিলা গৰাকীক ৷ কিন্তু তাতেই শেষ নহ’ল শাস্তি ৷ এডাল গছত বান্ধি প্ৰহাৰ কৰাৰ পিছত মহিলাগৰাকীক চুলি খুৰাই দিয়ে স্বামীগৃহৰ লোকে ৷

কিন্তু কিয় খুৰালে মহিলাগৰাকীৰ চুলি, তাৰ কাৰণ শুনিলে আপুনি আচৰিত হ’ব ৷ যাতে পৰৱৰ্তী সময়ত মহিলাগৰাকী পিতৃগৃহলৈ পলায়ন কৰিব নোৱাৰে তাৰ বাবেই খুৰাই দিলে চুলি ৷

এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত জড়িত থকাৰ অভিযোগত কৰায়ত্ত কৰে চাৰিগৰাকী লোকক ৷ তদুপৰি মহিলাগৰাকীক চুলি খুৰাই দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰে শহুৰ, শাহু আৰু স্বামীক ৷

লগতে চাওকঃ উন্নত হৈছে জম্মু-কাশ্মীৰৰ আইন শৃংখলা পৰিস্থিতি: IG CRPF

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.