ETV Bharat / bharat

জন্মু-কাশ্মীৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ মহিলা আৰক্ষী বিষয়া

author img

By

Published : Apr 16, 2021, 8:43 PM IST

জন্মু-কাশ্মীৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এগৰাকী মহিলা বিশেষ আৰক্ষী বিষয়া (এছপিঅ') । নিয়ম বহিৰ্ভূত কাৰ্যৰ বাবে গ্ৰেপ্তাৰ কৰা হয় মহিলা আৰক্ষী বিষয়াগৰাকীক । পৰৱৰ্তী সময়ত চাকৰিৰ পৰাও বৰ্খাস্ত কৰা হৈছে মহিলা বিশেষ আৰক্ষী বিষয়া গৰাকীক ।

জন্মু-কাশ্মীৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বিশেষ আৰক্ষী বিষয়া

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: এগৰাকী বিশেষ আৰক্ষীৰ মহিলা বিষয়া (এছপিঅ')ক গ্ৰেপ্তাৰ জন্মু-কাশ্মীৰ আৰক্ষীৰ । নিয়ম বহিৰ্ভূত কাৰ্যৰ বাবে গ্ৰেপ্তাৰ কৰা হয় মহিলা আৰক্ষী বিষয়া গৰাকীক । গ্ৰেপ্তাৰ হোৱা মহিলা আৰক্ষী বিষয়াগৰাকী জন্মু-কাশ্মীৰৰ কুলগাম জিলাৰ ফ্ৰিচাল অঞ্চলৰ গুলাম নবী ৰহৰ কন্যা চাইমা আখতাৰ বুলি জানিব পৰা গৈছে । ঘটনা অনুসৰি, মহিলা আৰক্ষী বিষয়াগৰাকীয়ে ফ্ৰিচাল কুলগামত এক যুটীয়া কৰ্ডন এণ্ড চাৰ্চ অপাৰেচন (চিএএছঅ')ৰ সময়ত নিৰাপত্তা বাহিনীৰ ওপৰত চিঞৰ-বাখৰ কৰা দৃশ্য কেমেৰাত বন্দী হৈছিল । উক্ত দৃশ্যৰ ভিত্তিত মহিলা আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হয় । সম্প্ৰতি মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত গোচৰ ৰুজু কৰা হৈছে । লগতে চাকৰিৰ পৰাও বৰ্খাস্ত কৰা হৈছে ।

এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জনাই যে, ফ্ৰিচাল গাঁৱৰ কাৰেৱা মোহাল্লাত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পাচতে জন্মু-কাশ্মীৰ আৰক্ষী উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছিল । তেনে সময়তে চাইমা আখতাৰে আৰক্ষী কৰ্মীসকলক চিঞৰ-বাখৰ কৰি অনুসন্ধানকাৰী দলটোৰ বিৰোধিতা কৰিছিল আৰু অশালীন মন্তব্য কৰিছিল ।

উল্লেখ্য যে, চিএএছঅ'ৰ সময়ত নিৰাপত্তা বাহিনীৰ ওপৰত চিঞৰ-বাখৰ কৰা দৃশ্য ছচিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছিল । জন্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ আৰক্ষী বিষয়া (এছপিঅ') হিচাপে নিযুক্তি লাভ কৰিছিল চাইমা আখতাৰ । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে জন্মু-কাশ্মীৰ আৰক্ষীয়ে ।

লগতে পঢ়ক: ৰেমডেছিবিৰৰ ক'লা বেহা : কাণপুৰত ৩ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.