ETV Bharat / bharat

Gwalior Crime News : স্বামী-স্ত্ৰীৰ মাজত পাৰিবাৰিক কন্দল; পত্নীয়ে জ্বলাই দিলে স্বামীৰ গুপ্তাংগ

author img

By

Published : Jun 16, 2023, 7:56 AM IST

Updated : Jun 16, 2023, 9:16 AM IST

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত অঘটন ৷ পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক থকা বাবে মহিলাগৰাকীক বাধা দিছিল তেওঁৰ স্বামীয়ে ৷ সেয়ে খঙৰ ভমকত মহিলাগৰাকীয়ে গৰম তেল ঢালি জ্বলাই দিলে নিজ স্বামীৰ গুপ্তাংগ ৷

Sunil Dhakad suffers burn injuries
মধ্যপ্ৰদেশৰ গোৱালিয়ত অঘটন

নেশ্যনেল ডেস্ক, 16 জুন : অঘটন ৷ মধ্যপ্ৰদেশৰ গোৱালিয়ৰ জিলাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা ৷ পাৰিবাৰিক কন্দলৰ বাবে এগৰাকী মহিলাই জ্বলাই দিলে তেওঁৰ স্বামীৰ গুপ্তাংগ ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

বিৱৰণি অনুসৰি, গোৱালিয়ৰৰ কামপুৰ আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত মাধৱী নগৰত এগৰাকী 32 বছৰীয়া মহিলাৰ সৈতে এজন যুৱকৰ আছিল প্ৰেমৰ সম্পৰ্ক ৷ সেই কথা গম পাইছিল মহিলাগৰাকীৰ স্বামীয়ে ৷ মহিলাগৰাকীৰ অন্য পুৰুষৰ লগত থকা অবৈধ সম্পৰ্কত বাধা হৈ থিয় দিছিল মহিলাগৰাকীৰ স্বামী ৷ যাক লৈ স্বামী-স্ত্ৰীৰ মাজত সঘনে সৃষ্টি হৈছিল বাক-বিতণ্ডাৰ ৷

এনেদৰে সময় বাগৰি গৈ আছিল ৷ অইন দিনাৰ লেখিয়াকৈ বৃহস্পতিবাৰে কামৰ পৰা আহি অন্য পুৰুষৰ লগত ম’বাইল ফোনত কথা পাতি থকা অৱস্থা দেখা পায় মহিলাগৰাকীৰ স্বামীয়ে ৷ খঙৰ ভমকতে মহিলাগৰাকীক গালি-গালাজ কৰাৰ লগতে তেওঁৰ হাতৰ পৰা ম’বাইল ফোনটো কাঢ়ি লৈ যায় তেওঁৰ স্বামীয়ে ৷ যাক লৈ মহিলাগৰাকী ক্ষুব্ধ হৈ পৰে ৷

মহিলাগৰাকীৰ মনত জাগে প্ৰতিশোধৰ ভাৱনা ৷ নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাচত ঘৰৰ সকলোৱে নিজ নিজ কোঠাত শুবলৈ যায় ৷ তেতিয়া নিশা প্ৰায় 2 বাজিছিল ৷ টোপনিত লালকাল আছিল মহিলাগৰাকীৰ স্বামী ৷ তেনে সময়তে মধ্য নিশা প্ৰায় 2 বজাত 32 বছৰীয়া মহিলাগৰাকীয়ে উতলা গৰম তেল আনি তেওঁৰ স্বামীৰ গুপ্তাংগত ঢালি দিয়ে ৷ ফলত আধা মৰা যেন অৱস্থা হয় মহিলাগৰাকীৰ স্বামীৰ ৷ ঘটনাক কেন্দ্ৰ কৰি মাজনিশাই অঞ্চলজুৰি সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ লগতে আটক কৰে অভিযুক্ত মহিলাগৰাকীক ৷ শেহতীয়া তথ্য অনুসৰি, ভুক্তভোগী পুৰুষজনক নিশাই চিকিৎসাৰ বাবে স্থানীয় ৰাইজে ভৰ্তি কৰে চিকিৎসালয়ত ৷ জানিব পৰা মতে, উতলা গৰম তেল পৰাৰ ফলত ভুক্তভোগী পুৰুষজনৰ গুপ্তাংগ প্ৰায় 70 শতাংশ জ্বলি গৈছে ৷ বৰ্তমানো চিকিৎসালয়তে আছে ব্যক্তিজন ৷

আনহাতে, ভুক্তভোগী লোকজনৰ পৰিয়ালৰ লোকে মহিলাগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ সেই এজাহাৰৰ ভিত্তিতে আৰক্ষী এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : Charge Sheet Against WFI Chief : ব্ৰীজ ভূষণৰ বিৰুদ্ধে অভিযোগনামা দাখিল দিল্লী আৰক্ষীৰ

Last Updated : Jun 16, 2023, 9:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.