ETV Bharat / bharat

জঘন্য ! মহিলাক বিবস্ত্ৰা কৰি পেৰেড, বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 6:16 PM IST

জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কাণ্ড ৷ পুত্ৰৰ প্ৰেমৰ চৰম শাস্তি প্ৰদান মাতৃক ৷ মহিলাক বিবস্ত্ৰা কৰি পেৰেড কৰোৱাৰ লগতে বিদ্যুতৰ খুটাত বান্ধি, মাৰপিট কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷

Woman paraded naked in Belagavi
মহিলাক উলংগ কৰি পেৰেড, বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ

জঘন্য ! মহিলাক বিবস্ত্ৰ কৰি পেৰেড, বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ

নেশ্যনেল ডেস্ক, 11 ডিচেম্বৰ : কৰ্ণাটকৰ বেলাগাভি জিলাত জঘন্য ঘটনা সংঘটিত হৈছে ৷ দেওবাৰে নিশা বেলাগাভি তালুকৰ এখন গাঁৱত এগৰাকী মহিলাক বিবস্ত্ৰা কৰি পেৰেড কৰোৱাৰ লগতে বিদ্যুতৰ খুটাত বান্ধি, মাৰপিট কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ ইতিমধ্যে এই ঘটনাৰ লগত জড়িত 7 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ভুক্তভোগী মহিলাগৰাকীৰ পুত্ৰ এগৰাকী যুৱতীৰ প্ৰেমত পৰিছিল ৷ কিন্তু তেওঁলোকৰ সম্পৰ্ক যুৱতীগৰাকীৰ ঘৰত মানি লোৱা নাছিল ৷ যুৱতীগৰাকীৰ পৰিয়ালে ইতিমধ্যে যুৱতীগৰাকীৰ বিবাহ অন্য যুৱকৰ সৈতে ঠিক কৰিছিল ৷ দেওবাৰে যুৱতীগৰাকীৰ বাগদানৰ অনুষ্ঠান আয়োজন কৰিছিল যুৱতীগৰাকীৰ পৰিয়ালে ৷ আনকি যুৱতীগৰাকীৰ বিবাহৰ তাৰিখো ঠিক কৰিছিল পৰিয়ালৰ সদস্যসকলে ৷ কিন্তু যুৱতীগৰাকীয়ে বাগদানৰ তাৰিখৰ এদিনৰ পূৰ্বে মহিলাগৰাকীৰ পুত্ৰ অৰ্থাৎ প্ৰেমিকজনৰ লগত পলাই যাবলৈ ঠিৰাং কৰিলে ৷

দুয়োৰে সিদ্ধান্তমৰ্মে ভুক্তভোগী মহিলাগৰাকীৰ পুত্ৰই যুৱতীগৰাকীক পলুৱাই লৈ গৈছিল ৷ এই ঘটনাৰ খবৰ পাই যুৱতীগৰাকীৰ ঘৰৰ পৰিয়ালৰ লোক ক্ষুব্ধ হৈ পৰে ৷ তাৰ পিচতে যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যসকলে যুৱকজনৰ ঘৰলৈ আহি ঘৰ দুৱাৰ লণ্ডভণ্ড কৰাৰ লগতে মাতৃক আক্ৰমণ কৰে। যুৱতীৰ পৰিয়ালে ইমানতেই ক্ষান্ত নাথাকি মহিলাগৰাকীক এটা বিদ্যুতৰ খুঁটাত বান্ধি থোৱাৰ উপৰি বিবস্ত্ৰা কৰি গাঁওখনত পেৰেড কৰায় ৷ ইয়াৰোপৰি মহিলাগৰাকীক মাৰপিট কৰে ৷

এই ঘটনাৰ খবৰ লাভ কৰি কাকতি ষ্টেচন আৰক্ষীয়ে নিশা পলমকৈ ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। মহানগৰ আৰক্ষী আয়ুক্ত এছ এন চিদ্দাৰামাপ্পাইও সোমবাৰে গাঁওখন পৰিদৰ্শন কৰি ঘটনা সন্দৰ্ভত সোধা পোছা কৰে ।

সম্প্ৰতি আৰক্ষীয়ে পলাতক যুৱক আৰু যুৱতীগৰাকীক বিচাৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷ এই ঘটনাৰ পিচতে গাঁওখনত 2 টা কে এছ আৰ পি দল আৰু এটা আৰক্ষী দলো মোতায়েন কৰা হৈছে ।

গৃহমন্ত্ৰী জি পৰমেশ্বৰে মহিলাগৰাকীৰ স্বাস্থ্যৰ বিষয়ে সোধা পোছা কৰাৰ লগতে ঘটনা সন্দৰ্ভত বুজ লয় ৷ গৃহমন্ত্ৰীগৰাকীয়ে ভুক্তভোগী মহিলাগৰাকীক সাক্ষাৎ কৰি সাহস দিয়ে ৷ গৃহমন্ত্ৰীগৰাকীৰ সৈতে মহানগৰ আৰক্ষী আয়ুক্ত এছ এন চিদ্দাৰামাপ্পা আৰু মহিলা আৰু শিশু কল্যাণ বিভাগৰ বিষয়াসকলেও মহিলাগৰাকীক সাক্ষাৎ কৰে ৷

আৰক্ষীয়ে সম্প্ৰতি মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিছে ৷ তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ পৰা গৈছে । আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত অন্য দুজনক অচিৰেই গ্ৰেপ্তাৰ কৰিব বুলি জানিবলৈ দিয়ে ৷

এই ঘটনা সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, এনে ঘটনা ঘটিব নালাগে ৷ এই সন্দৰ্ভত যদি আৰক্ষীক অভিযোগ দিয়া হ’লহেঁতেন, আৰক্ষীয়ে ব্যৱস্থা ল’লেহেঁতেন। অন্যথা গাঁওখনৰ জ্যেষ্ঠসকলে কথা পাতি সমাধান কৰিব পাৰিলেহেঁতেন । এয়া অতি অমানৱীয় ঘটনা।

এই অমানৱীয় ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এই ঘটনাত জড়িত অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

লগতে পঢ়ক: টকা গণনা কৰা কাম শেষ, কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ বাসগৃহত কিমান টকা উদ্ধাৰ হ’ল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.