ETV Bharat / bharat

Amar Chandra Banthia : নিৰস্ত্ৰ হৈয়ো ব্ৰিটিছক হতবাক কৰা মানুহজন - নিৰস্ত্ৰ

অমৰ চন্দ্ৰ বান্থিয়াৰ জন্ম ১৭৯৩ চনত ৰাজস্থানৰ বিকানেৰত হৈছিল । সৰুৰে পৰা তেওঁ দেশৰ গৌৰৱৰ বাবে কিবা কৰিব বিচাৰিছিল । ব্যৱসায়ত লোকচানৰ বাবে তেওঁৰ দেউতাক পৰিয়ালৰ সৈতে গোৱালিয়ৰলৈ স্থানান্তৰিত হৈছিল ৷ এই গোৱালিয়ৰতে তেওঁ আগবঢ়াইছিল দেশ মাতৃৰ বাবে সৰ্বোচ্চ অৱদান ৷ সবিশেষ জানো আহক ৷

without-taking-up-arms-amar-chandra-banthia-shocked-the-british-made-the-supreme-sacrifice
Amar Chandra Banthia : নিৰস্ত্ৰ হৈয়ো ব্ৰিটিছক হতবাক কৰা মানুহজন !
author img

By

Published : Nov 20, 2021, 6:12 AM IST

নেশ্বনেল ডেস্ক, 19 নবেম্বৰ : ১৭৯৩ চনত ৰাজস্থানৰ বিকানেৰত জন্ম হৈছিল অমৰ চন্দ্ৰ বান্থিয়াৰ । সৰুৰে পৰা, তেওঁৰ আছিল দেশৰ গৌৰৱৰ বাবে কিবা এটা কৰাৰ বাসনা ৷ তেওঁৰ দেউতাকে বিকানেৰত এটা পৰিয়াল কেন্দ্ৰীক ব্যৱসায় চলাইছিল । ব্যৱসায়ত হোৱা লোকচানৰ বাবে তেওঁ সিন্ধিয়া ৰাজবংশৰ দ্বাৰা শাসিত গোৱালিয়ৰ ৰাজ্যলৈ স্থানান্তৰিত হ'ব লগা হৈছিল । গোৱালিয়ৰৰ তেতিয়াৰ মহাৰাজাই তেওঁক তাত তেওঁৰ ব্যৱসায় পুনৰ আৰম্ভ কৰিবলৈ পৰামৰ্শ দিছিল ।

পিছলৈ পোৱা গৈছিল কঠোৰ পৰিশ্ৰমৰ সৈতে কৰা ব্যৱসায়ৰ ফল । বিত্তীয় সম্পৰ্কত তেওঁৰ নিপুণতা লক্ষ্য কৰি জয়াজী ৰাও সিন্ধিয়াই তেওঁক গোৱালিয়ৰৰ কোষাধ্যক্ষ হিচাপে নিযুক্ত কৰিছিল । পিছলৈ ১৮৫৭ চনত দেশত ব্ৰিটিছৰ বিৰুদ্ধে উত্থান হোৱা ঘৃণাৰ পৰিৱেশৰ মাজত অমৰ চন্দ্ৰ বান্থিয়াৰ সহকৰ্মীসকলে প্ৰায়ে তেওঁক ব্ৰিটিছৰ বিৰুদ্ধে স্থিতি লোৱাৰ বাবে আহ্বান জনাইছিল ৷

Amar Chandra Banthia : নিৰস্ত্ৰ হৈয়ো ব্ৰিটিছক হতবাক কৰা মানুহজন

তেওঁ কৈছিল যে তেওঁ অস্ত্ৰ হাত তুলি ল’ব নোৱাৰে; কিন্তু যেতিয়া সময় আহিব তেতিয়া তেওঁ স্বাধীনতা সংগ্ৰামলৈ নিজৰ অৰিহণা যোগাব । তেওঁ কৈছিল যে, স্বাধীনতা সংগ্ৰামীসকলে এদিন তেওঁৰ অৱদানক প্ৰশংসা কৰিব লাগিব ।

অৱশেষত আহিছিল সেই সময়, যেতিয়া ১৮৫৭ চনত ঝান্সিৰ ৰাণী লক্ষ্মীবায়ে ব্ৰিটিছ বাহিনীৰ মুখামুখি হোৱাৰ সিদ্ধান্ত লৈছিল । ঝান্সিৰ ওচৰে পাজৰে ব্ৰিটিছৰ সৈতে সন্মিলিত হোৱা সকলো ৰাজ্যকে তেওঁ আক্ৰমণ কৰা আৰম্ভ কৰিছিল। এটা সময়ত তেওঁ গোৱালিয়ৰো দখল কৰিছিল । কিন্তু তেওঁৰ সৈন্যবাহিনী তীব্ৰ পুঁজিৰ অভাৱত ভুগি আছিল । পৰিস্থিতি দেখি অমৰ চন্দ্ৰ বান্থিয়াই সিদ্ধান্ত লৈছিল যে এয়াই তেওঁৰ বাবে কাম কৰাৰ উচিত সময় । তেওঁ গোৱালিয়ৰৰ গোটেই গংগাজালি কোষাগাৰ ৰাণী লক্ষ্মীবাইলৈ হস্তান্তৰ কৰিছিল ।

ৰাণী লক্ষ্মীবাই শ্বহীদ হোৱাৰ চাৰি দিনৰ পিছত ১৮ জুনত তেওঁক ৰাজহুৱাভাৱে ফাঁচী দিয়া হৈছিল । তেওঁক চাৰাফা বজাৰত ৰাজহুৱাভাৱে এডাল গছত ফাঁচী দিয়া হৈছিল। ব্ৰিটিছে মানুহৰ হৃদয়ত ভয় জন্মোৱাৰ বাবে তেওঁৰ শৰীৰটো তিনিদিন ধৰি ওলমাই ৰাখিছিল ৷ আজিও একেদাল গছৰ তলত অমৰ চন্দ্ৰ বান্থিয়াৰ প্ৰতিমূৰ্তি আছে। এই প্ৰতিমূৰ্তিয়ে প্ৰতিজন পথচাৰীক মনত পেলাই দিয়ে যে তেওঁ কেনেকৈ দেশৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিছিল ।

লগতে পঢ়ক : OIL ক বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে: শংকৰ জ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.