ETV Bharat / bharat

ত্ৰিপুৰাৰ কৃষিখণ্ডলৈ ড্ৰেগন ফলে আনিছে উল্লেখযোগ্য পৰিৱৰ্তন

কম খৰচতে অধিক লাভালাভ দিয়া ড্ৰেগন ফলৰ খেতিৰ কৰাৰ বাবে ত্ৰিপুৰাৰ কৃষকৰ মাজত বাঢ়িছে আগ্ৰহ ৷ কৃষকলৈ বিত্তীয় সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে ত্ৰিপুৰাত ড্ৰেগন ফলৰ খেতিক এমজিএনৰেগা(MGNREGA)ৰ কৃষি ভূমি সম্প্ৰসাৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত ৷

author img

By

Published : Jul 1, 2021, 10:33 AM IST

with less space dragon fruits stand tall in tripura
ত্ৰিপুৰাৰ কৃষিখণ্ডলৈ ড্ৰেগন ফলে আনিছে উল্লেখযোগ্য পৰিৱৰ্তন

আগৰতলা, 1 জুলাই: অতি কম সময়ৰ ভিতৰতে ড্ৰেগন ফলে ত্ৰিপুৰাৰ কৃষি খণ্ডত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে ৷ খুউব কম ঠাই তথা কম খৰচতে হোৱা এই লাভজনক খেতিৰ বাবে এতিয়া ত্ৰিপুৰাৰ বহুতো কৃষকে নতুনকৈ বাগিচা পতাৰ পৰিকল্পনা লৈছে ৷ এই ফলবিধৰ প্ৰতি কৃষকৰ লগতে ৰাইজৰ বিশাল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰা চৰকাৰেও কৃষকসকললৈ বিত্তীয় সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে এই খেতিক এমজিএনৰেগা(MGNREGA) কাৰ্যসূচীৰ অধীনত অন্তৰ্ভুক্ত কৰিছে ৷

আচলতে ত্ৰিপুৰাত প্ৰায় পাঁচ বছৰ পূৰ্বেই ড্ৰেগন ফলৰ খেতিক শস্য বিবিধকৰণ প্ৰকল্পৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছিল যদিও বিশেষ সঁহাৰি লাভ কৰাত ব্যৰ্থ হৈছিল ৷ কিন্তু, এই ফলবিধৰ বৃহৎ বজাৰৰ বিষয়ে কৃষকসকল অৱগত হোৱাৰ পাচতে ৰাজ্যখনত এই ফলবিধে ব্যাৱসায়িক দিশৰ পৰা এক বিশেষ ঠাই অধিকাৰ কৰাত সফল হয় ৷ এতিয়া ত্ৰিপুৰাৰ প্ৰায় সকলো জিলাতে ড্ৰেগন ফলৰ বাগিচা দেখিবলৈ পোৱা যায় ৷

ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত এই লাভজনক খেতিৰ বিষয়ে নিজৰ মতামত ব্যক্ত কৰি ত্ৰিপুৰা হৰ্টিকালচাৰ ৰিচাৰ্চ কমপ্লেক্সৰ উপ-সঞ্চালক ৰাজীৱ ঘোষে কয় যে, আৰম্ভণিতে কৃষকসকলে এই ফলবিধৰ খেতি কৰিবলৈ বৰ বেছি ইচ্ছা প্ৰকাশ কৰা নাছিল যদিও বজাৰত এই ফলৰ চাহিদাৰ বিষয়ে অৱগত হোৱাৰ পাচতে এতিয়া কৃষকসকলৰ সংখ্যা ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে ৷ আগৰতলা চহৰৰ নাগিচেৰাত অৱস্থিত এই ৰিচাৰ্চ কমপ্লেক্সটোৱে কৃষকসকলৰ সহায়ক হিচাপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷

উল্লেখ্য যে, এই কেন্দ্ৰটোৱে কেইবাটাও চৰকাৰী আঁচনিৰ জৰিয়তে যোগ্য কৃষকসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে কৃষকসকলক বীজ, সাৰ আদিৰো যোগান ধৰে ৷ ড্ৰেগন ফলৰ খেতিৰ লাভালাভৰ বিষয়ে জানিবলৈ দি ঘোষে কয় যে, ৰাজ্যখনত পৰম্পৰাগতভাৱে খেতি কৰা অন্য ফলৰ তুলনাত ড্ৰেগন ফলে খুউব কম ঠাই অধিকাৰ কৰে ৷ এক নিৰ্দিষ্ট পৰিমাণৰ ভূমিত এই ফলবিধে যিমান লাভ দিব পাৰে সেই অনুপাতে অন্য পৰম্পৰাগত ফলৰ গছ যেনে নেমু, আম, মধুৰিআম আদিয়ে অধিক লাভ দিব নোৱাৰে ৷

তেওঁ লগতে এইবুলিও জানিবলৈ দিয়ে যে, এই ফলবিধক কম যত্নৰ প্ৰয়োজন ৷ তেওঁ কয় যে, "গুৰুত্বপূৰ্ণ বিকাশৰ পৰ্যায়ৰ বাহিৰেও, কৃষকসকলে উদ্ভিদৰ পুষ্টিৰ বিষয়ে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। নিয়মীয়া পানী আৰু ব্যৱস্থাপনাই এই ফলৰ খেতিৰ বাবে যথেষ্ট ৷" ঘোষে কয়, "বৰ্তমান কৃষকসকলে এই ফল প্ৰতি কিলোগ্ৰামত ৫০০ টকাত বিক্ৰী কৰি আছে ৷ তিনিৰ পৰা চাৰিটা ওজন প্ৰায় এক কিলোগ্ৰাম হয় ৷ এবাৰ ৰোপণ কৰাৰ পাচত এজোপা ড্ৰেগন ফলৰ গছে একেৰাহে ১০ ৰ পৰা ১৫ বছৰৰ বাবে ফল দিয়ে । "

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিমান পৰিবহণ স্থগিত ৰখাৰ সময়সীমা বৃ্দ্ধি কৰিছে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.