ETV Bharat / bharat

Manipur violence: মেইটেইৰ মাটি-ভেটিও কাঢ়ি নিয়াৰ অভিসন্ধি দুষ্ট চক্ৰৰ !

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 9:47 AM IST

যুদ্ধৰ পিচৰ বিভীষিকাৰ ছবিয়ে ক্ষোভিত কৰি তুলিছে ভুক্তভোগী লোকসকলক ৷ ভেটি-মাটি কণ হেৰুৱায় দুখত ভাগি পৰিছে ভুক্তভোগী ৷ সংবাদ মেলযোগে দুগৰাকী ভুক্তভোগীয়ে জনায় এই বিষয়ে ৷ আনকি দুষ্কৃতিকাৰীয়ে মেইটেইসকলৰ মাটিখিনিও নিজৰ কৰি লোৱাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ তোলে ভুক্তভোগী যুৱকে ৷

Manipur violence
ভেটিও কাঢ়ি নিয়াৰ অভিসন্ধি দুষ্ট চক্ৰৰ

তেজপুৰ, 8 ছেপ্টেম্বৰ: বিগত 5 মাহ ধৰি গোষ্ঠীসংঘৰ্ষত জৰ্জৰিত হৈ পৰি মাটি-ভেটি-আপোনজন সকলো হেৰুৱাইছে মণিপুৰৰ লোকসকলে ৷ উঃপূবৰ ৰাজ্যখনত উত্তেজনাময় পৰিস্থিতি পূৰ্বতকৈ কিছু শান্ত হোৱাৰ পিচতহে লাহে লাহে পোহৰলৈ আহিছে গোষ্ঠী সংঘৰ্ষৰ আৰৰ বিভীষিকাৰ ছবিবোৰ ৷ এই বিভীষিকাৰ ছবিয়ে ৰাজ্যখনৰ দুগৰাকীকৈ যুৱকক দিছে যথেষ্ট মনোকষ্ট ৷

যুৱক দুজন হ’ল ৰ’নাল্ড মেইছনাম (37) আৰু আনজন হ’ল অমৰজিৎ মাইবাম (28) ৷ ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ মুখ্য কাৰ্যালয়ৰ সমীপত মেইটেই স্থানীয় মণ্ডপ লেইকাইত অৱস্থিত তেওঁৰ জন্মস্থান ৷ নিজৰ সোণোৱালী শৈশৱ-কৈশোৰৰ দিনবোৰ পালন কৰা ঘৰটো ধ্বংসস্তুপত পৰিণত হোৱা দেখি শোকত ভাগি পৰিছে ৰ’নাল্ড ৷

ৰ’নাল্ডৰ লগতে তেওঁৰ এগৰাকী বন্ধু অমৰজিতৰো গৃহ পৰিণত হৈছে ধ্বংসস্তুপত ৷ ভুক্তভোগী যুৱক দুজনে জানিবলৈ দিয়া মতে, অঞ্চলটোত অগ্নিসংযোগ কৰাৰ লগতে লুটপাত চলায় দুষ্কৃতিকাৰীয়ে ধ্বংস কৰি পেলাইছিল তেওঁলোকৰ মৰমৰ গাঁওখন ৷ অমৰজিতে বৃহস্পতিবাৰে ইম্ফলত এক সংবাদ মাধ্যমৰ আগত জনায় যে, যোৱা 3 মে'ত আৰম্ভ হোৱা জাতিগত হিংসাৰ দাবানলত চুৰাচান্দপুৰৰ 11 খন বিভিন্ন মেইটেই গাঁও ধ্বংসস্তূপত পৰিণত হৈছে ৷ গৃহহাৰা মেইটেইসকলে বৰ্তমান মণিপুৰৰ বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈ আছে ৷

কেৱল ইমানতে ক্ষান্ত নাথাকি ৰ’নাল্ডে মাটিবোৰো কুক্ষিগত কৰাৰ বাবে চক্ৰান্ত চলাইছে বুলি উল্লেখ কৰি আৱেগিক হৈ পৰে । ৰ’ণাল্ডে এই অবৈধ কার্যৰ বিষয়ে সকলো অৱগত হোৱাৰ পিচতো আৰক্ষীয়ে দোষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে ৷ লগতে সমতল অংশ আৰু পাহাৰাঞ্চলৰ বাবে দুখনকৈ আইন আছে বুলিও ৰ’ণাল্ডে লগতে কয় ৷

চুৰাচান্দপুৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত জনোৱা মতে, তদন্তত দোষী সাব্যস্ত হোৱা সকলোকে আইন অনুসৰি শাস্তি প্ৰদান কৰা হ’ব । তেওঁ আৰু কয় যে আভ্যন্তৰীণভাৱে স্থানচ্যুত ব্যক্তি বা সংঘাতৰ অন্যান্য বলি হোৱা লোকসকলে যিসকলে মাটিৰ পট্টা, শিক্ষাৰ প্ৰমাণপত্ৰ আনকি বিত্তীয় অভিলেখৰ দৰে গুৰুত্বপূৰ্ণ নথি-পত্ৰ বা অভিলেখ হেৰুৱাইছে, তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন নাই কাৰণ এই আইনী নথি-পত্ৰসমূহ সংশ্লিষ্ট জিলা দণ্ডাধীশসকলে তেওঁলোকক পুনৰ জাৰি কৰিব য’ত তেওঁলোকে বৰ্তমান আশ্ৰয় বিচাৰিছে । তেওঁলোকে মাত্ৰ জিলাখনৰ সংশ্লিষ্ট জিলা দণ্ডাধীশৰ ওচৰত অভিযোগ দাখিল কৰিব লাগিব ।

শীৰ্ষ আমোলাগৰাকীয়ে কয় যে, ৰাজ্যখনে তাৎক্ষণিকভাৱে স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ কোনো আভাস দেখা নাই যদিও দুয়োজনে অন্যান্য স্থানচ্যুত মেইটিৰ দৰে জন্মগৃহলৈ উভতি যোৱাৰ গভীৰ উদ্যম পুহি ৰাখিছে । ৰ’নাল্ডে কয়, ‘চুৰাচান্দপুৰ ৰাজ্যখনৰ একমাত্ৰ জনজাতীয় জিলা য’ত সৰ্বাধিক সংখ্যক মেইটেই বাস কৰে । মেইটেইসকলে জিলাখন এৰি উপত্যকা অঞ্চল বা আন ঠাইত সিঁচৰতি হৈ থকাৰ পিচত আমি নতুন ইতিহাস স্থাপন কৰিব নিবিচাৰো ।"

লগতে পঢ়ক: Tribute to Bhupen Hazarika: সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত গণচেতনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.