ETV Bharat / bharat

ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰাম্ভ হোৱা যুদ্ধবিৰতি দীৰ্ঘস্থায়ী হ’ব নে ? - যুদ্ধবিৰতি উলংঘন

শান্তি ঘূৰি আহিবনে ভাৰত আৰু পাকিস্তানৰ সীমান্তলৈ ? যুদ্ধবিৰতি উলংঘনৰ পৰণতিস্বৰপে বিগত বৰ্ষত সীমান্তৰ বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । শত্ৰু ৰাষ্ট্ৰৰ আক্ৰমণৰ আশংকাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হয় সীমান্তৱৰ্তী এলেকাৰ বাসিন্দাই । ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত যুদ্ধবিৰতি চুক্তি দুয়োখন দেশৰ মাজত শান্তি প্ৰতিষ্ঠাত সহায়ক হ'বনে নাই সেয়া বৰ্তমান বিবেচনাৰ বিষয় হৈ পৰিছে ।

ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰাম্ভ হোৱা যুদ্ধবিৰতি দীৰ্ঘস্থায়ী হ’ব নে ?

author img

By

Published : Mar 3, 2021, 9:25 PM IST

Updated : Mar 3, 2021, 9:54 PM IST

২০০৩ চনৰ নৱেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হোৱা যুদ্ধবিৰতি চুক্তিখনক ন কৈ সন্মান প্ৰদৰ্শন কৰাক লৈ দুয়ো দেশ সন্মত হোৱা বিষয়টো হুৰিয়ৎ আৰু পাকিস্তানৰ মাজত ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰা ব্যৱধান আৰু প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চলি থকা ‘ডিএস্কেলেশ্বন’ প্ৰক্ৰিয়াৰ পটভূমিত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

বিশেষকৈ ২০১৪ চনত কেন্দ্ৰত বি জে পিৰ চৰকাৰ গঠন হোৱাৰ পাছত সীমান্তত যুদ্ধবিৰতি উলংঘনৰ ঘটনাসমূহত কোনো ধৰণৰ তাৰতম্য ঘটা নাছিল ৷ ইয়াৰ বিপৰীতে যেতিয়াই এখন ৰাষ্ট্ৰই কোনো এক বক্তব্য ৰাখিবলৈ বিচৰা মূহুৰ্তত নাইবা যেতিয়াই কোনো এখন দেশে আনখন প্ৰতিৱেশী ৰাষ্ট্ৰই গ্ৰহণ কৰা কোনো আইন সংক্ৰান্তত ভাৱে যে উক্ত আইনখন তেওঁলোকৰ ৰাষ্ট্ৰ নীতিৰ পক্ষে ক্ষতিকাৰক । তেনে পৰিস্থিতিত অসন্তুষ্টি ব্যক্ত কৰিবলৈ যুদ্ধ বিৰতি উলংঘনৰ ঘটনাবোৰ বৃদ্ধি পাই আহিছিল ৷ যোৱা ৫ আগষ্টত ভাৰতীয় সদনে লোৱা সিদ্ধান্তটো পাকিস্তানে সহজে গ্ৰহণ কৰিব নোৱাৰাৰ ফল ভূগিবলগীয়া হৈছিল যুদ্ধবিৰতি সীমা ৰেখাৰ দুয়োফালে বসবাস কৰা সাধাৰণ জনতাই ৷ কিয়নো, তেওঁলোকে কেইবামাহ ধৰি দুয়োফালৰ পৰা চলা গোলা বাৰুদবোৰৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷

জন্মু আৰু কাশ্মীৰক দুভাগত বিভক্ত কৰা যুদ্ধবিৰতি সীমা ৰেখাডালক প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল অ চি) বুলিও জনা যায় ৷ ইয়াৰে এটা অংশ অধিকাৰ কৰি আছে পাকিস্তানে আৰু আনটো অংশ ভাৰতত আছে ৷ প্ৰায়ে হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হোৱা এই অঞ্চলত যুদ্ধবিৰতি উলংঘন কৰাটো দুয়ো পক্ষৰে ৰাজনৈতিক কুচকাৱাজ প্ৰদৰ্শনৰ স্থলী বুলিব পাৰি ৷ যদি এখন ৰাষ্ট্ৰই আনখনৰ প্ৰতি নিজৰ অসন্তুষ্টি প্ৰদৰ্শন কৰিবলগীয়া হয় তেনেক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশৰ উপায় হিচাপে যুদ্ধবিৰতিকেই বাছি লয় ৷

যুদ্ধবিৰতি চুক্তিখন যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা পুনৰ কাৰ্যকৰী হোৱাৰ পাছৰে পৰা বন্দুকৰ গৰ্জন বন্ধ হৈ আছে ৷ এল অ চিত নিৰৱতা বিৰাজ কৰাটো এটা অশুভ সংকেত বুলিয়েই গণ্য কৰা হয় ৷ কিয়নো, এই নিস্তব্ধতা বেছিদিনলৈ বৰ্তি নাথাকে ৷ জধে-মধে কৰা আকস্মিক গোলা বৰ্ষণৰ গৰ্জনেৰে পুনৰ সকলোকে হতচকিত কৰি তুলিব ৷ তুষাৰপাতৰ পূৰ্বে গলিবলৈ ধৰা বৰফে উগ্ৰপন্থীবোৰৰ বাবে পথবোৰ মুকলি কৰি দিয়ে ৷

ভাৰত আৰু পাকিস্তান সীমান্তৰ অগ্ৰীম চকী দুটাৰ মাজত গুলীৰ বিনিময় নোহোৱাকৈ উগ্ৰপন্থীৰ কোনো এটা গোটেই সীমান্তত অনুপ্ৰৱেশ কৰিব নোৱাৰে ৷ এই বিষয়টো সৰ্বজন বিদিত যে, উগ্ৰপন্থীৰ দলে জন্মু আৰু কাশ্মীৰত তেতিয়ালৈকে প্ৰৱেশ কৰিবলৈ প্ৰয়াস নকৰে, যেতিয়ালৈকে সিহঁতক ঢাল দিয়াৰ উদ্দেশ্যে ভাৰতীয় সীমান্ত বাহিনীক ব্যস্ত কৰি ৰাখিবলৈ গুলীচালনা কৰা নহয় আৰু এই গুলীচালনা পৰ্ব উগ্ৰপন্থীৰ দলটো পাৰ নোহোৱা পৰ্যন্ত চলি থাকে ৷

কিন্তু পুনৰাম্ভ হোৱা এই যুদ্ধবিৰতিৰ ফলত উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ প্ৰয়াসসমূহত বৃহৎ পাৰ্থক্য দেখিবলৈ পোৱা যাব ৷ প্ৰকৃতপক্ষে, যোৱা ২৫ ফেব্ৰুৱাৰীত সেনা বাহিনীৰ প্ৰমুখ নাৰ্ভানেৰ বিবৃতিটোৰ পৰাই যথেষ্টখিনি বুজিব পৰা গৈছিল যে, দুয়োখন দেশে এক অনানুষ্ঠানিক কূটনৈতিক উপায়েৰে সন্ত্ৰাসবাদৰ সমস্যাটোৰ অন্ত পেলাব বিচাৰিছে বা যিমান পৰ্যায়লৈকে সম্ভৱ সিমানলৈকে হ্ৰাস কৰিবলৈ সন্মত হৈছে ৷

সেনা প্ৰমুখজনে যুদ্ধবিৰতি চুক্তিক স্বাগতম জনাই লগতে কয় যে, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব ৷ অৰ্থাৎ সন্ত্ৰাসবাদীসকলক কোনো কাৰণতে পলাই সাৰিবলৈ দিয়া নহ’ব ৷ দৰাচলতে যুদ্ধবিৰতি ৰেখাডালৰ সুবিধা লৈয়ে সন্ত্ৰাসবাদীসকল বিনদ্বিধাই প্ৰৱেশ কৰি আছে আৰু ঠিক একেদৰে ওলায়ো গৈ আছে ৷ এনে পৰিস্থিতিত যদি সন্ত্ৰাসবাদীসকলৰ সুবিধাৰ্থে সিপাৰৰ পৰা চলোৱা গুলীবৰ্ষণ বন্ধ হৈ যায়, তেনেহলে অনুপ্ৰৱেশত তথা ওলাই যোৱা কাৰ্যটো যথেষ্ট কষ্টসাধ্য হৈ পৰিব ৷

প্ৰতিনিয়ত তেওঁলোকৰ মূল সমস্যা বুলি দাবী কৰা কাশ্মীৰৰ প্ৰতি পাকিস্তানৰ নীতিৰ এইয়া এটা চকুত লগা পৰিৱৰ্তন ৷ সন্ত্ৰাসবাদী গোটসমূহৰ সংমিলিত গোট ‘ইউনাইটেড জেহাদ কাউঞ্চিল’ৰ প্ৰমুখ য়ুচুফ শ্বাহ ওৰফে ছৈয়দ ছালাউদ্দিনৰ দৰে সন্ত্ৰাসবাদীৰ বাবে কঠিন সময় সমাগত ৷ ছৈয়দ ছালাউদ্দিনৰ আদৰ্শৰ মূল সমৰ্থক হুৰিয়তৰ প্ৰমুখ ছৈয়দ শ্বাহ গীলানিয়ে এই চুক্তিক লৈ অসন্তুষ্টি ব্যক্ত কৰাৰ পাছতেই তেওঁলৈ ইতিমধ্যে এক সাৱধানবাণী প্ৰেৰণ কৰা হৈছে ৷ কাশ্মীৰৰ বাবে গঠন হোৱা সংসদৰ বিশেষ সমিতিয়ে গীলানিক তেওঁ কৰা সমালোচনা আৰু যুদ্ধবিৰতি চুক্তিখনৰ সংক্ৰান্তত পাকিস্তানলৈ প্ৰেৰণ কৰা এখন পত্ৰত তেওঁ প্ৰদৰ্শন কৰা পলায়নবাদী মনোভাৱৰ বাবে ভৎসৰ্ণা কৰিছে ৷

পাকিস্তানৰ প্ৰাথমিকতা হ’ল যিকোনো উপায়েৰে এফ এ টি এফৰ ‘গ্ৰে’ তালিকাত অন্তৰ্ভুক্তিৰ পৰা হাত সৰা আৰু সেই যোগ্যতা অৰ্জন কৰিবলৈ হ’লে পাকিস্তানে এই চুক্তি আখৰে আখৰে পালন কৰিব লাগিব ৷ সীমান্তত হিংসা আৰু সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন জনাই শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়াৰ সৈতে একেলগে সহৱস্থান নকৰে ৷ কাশ্মীৰৰ সন্ত্ৰাসবাদৰ বাবেই মূলত পাকিস্তানৰ নাম ‘গ্ৰে’ তালিকাত অন্তৰ্ভুক্ত হৈ আছে ৷ এই যুদ্ধবিৰতিয়ে পাকিস্তানক কেইবাটাও দিশৰ পৰা সহায় কৰিব ৷

এফ এ টি এফৰ উপৰিও এই চুক্তিয়ে পাকিস্তান আৰু চীনক আন এটা দিশত সহায় কৰিব ৷ সেইটো হ’ল, তেওঁলোকে কোনো বাধা অবিহনেই ‘চিপেক’ৰ কামত অগ্ৰগতি আনিব পাৰিব ৷ পাকিস্তানে ইতিমধ্যে কেইবালানিও সাংবাধানিক সালসলনিৰে গিলগিট বালতিস্তানক নিজৰ পঞ্চমখন প্ৰদেশ হিচাপে অন্তৰ্ভুক্ত কৰা কাৰ্যত ভাৰতে বৰ বিশেষ মন্তব্য প্ৰকাশ কৰা নাই ৷ চীনে এই অঞ্চলটোৰ মাজেৰে নিৰ্মাণ কৰিব বিচৰা তেওঁলোকৰ বহু আকাংক্ষিত প্ৰকল্প বি আৰ আইৰ কামতো এই চুক্তিখনে বাধাহীন অগ্ৰগতি প্ৰদান কৰিব ৷

ইয়াৰ বিপৰীতে, যদিহে পুনৰাম্ভ হোৱা এই যুদ্ধবিৰতি চুক্তি দীৰ্ঘস্থায়ী হয় আৰু সীমান্তৰ সিপাৰৰ পৰা কোনো বাধাৰ উৎপত্তি নহয়, তেনেহলে ভাৰতে জন্মু আৰু কাশ্মীৰত উন্নয়নমূলক প্ৰকল্পবোৰত ধ্যান কেন্দ্ৰিত কৰিব পাৰিব ৷ এতিয়া ভাৰতৰ বাবে একমাত্ৰ প্ৰত্যাহ্বানটো হ’ল মূল সূঁতিৰ ৰাজনৈতিক নেতৃত্বক বলাব পৰাটো । ঠিক একেদৰেই পাকিস্তানৰ ক্ষেত্ৰত বিসম্বাদী নেতাসকলক সৈমান কৰিব পৰাটোৱেই হ'ল মূল প্ৰত্যাহ্বান ৷

এফালে দেশৰ ভিতৰতে ক্ৰমান্বয়ে বাঢ়ি অহা সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু আনফালে মূল সুঁতিৰ নেতৃত্বৰ বিসম্বাদী মনোভাৱে ভাৰত আৰু পাকিস্তানৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব ৷ লক্ষ্যণীয় হ'ব যে বিচ্ছিনতাবাদৰ প্ৰৱণতাক বশ কৰিবলৈ মোদী চৰকাৰে ব্যৱহাৰ কৰি অহা কঠোৰ স্থিতিকে অব্যাহত ৰাখিব নে পাকিস্তানৰ উদাসীনতাই নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ মোদী চৰকাৰক বাধ্য কৰাব ৷

Last Updated : Mar 3, 2021, 9:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.