ETV Bharat / bharat

Congress defeat in Gujarat: আৰু বহু দূৰ বাট যাবলৈ বাকী: খাৰ্গে - Himachal Pradesh poll result

‘‘আমি পৰাজয় মানি লৈছোঁ । গণতন্ত্ৰত কোনো বিশেষ জয় বা পৰাজয় স্থায়ী নহয় । আমি ফলাফলসমূহ পৰ্যালোচনা কৰি আমাৰ অভাৱসমূহ দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিম । কিন্তু আমি আমাৰ মতাদৰ্শগত যুঁজ এৰিবলৈ যোৱা নাই । আমি যুঁজি যাম ।’’ গুজৰাট নিৰ্বাচনত দলটোৱে শোচনীয়ভাৱে পৰাজয় বৰণ কৰাৰ পিচত এইদৰে কয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে (Gujarat election results)৷

Congress defeat in Gujarat
Congress defeat in Gujarat
author img

By

Published : Dec 9, 2022, 9:44 AM IST

নিউজ ডেস্ক, 9 নৱেম্বৰ: বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে, কংগ্ৰেছে গুজৰাটৰ নিৰ্বাচনত পৰাজয়ৰ পৰ্যালোচনা কৰি পশ্চিমৰ ৰাজ্যখনৰ অভাৱ-অভিযোগসমূহ দূৰ কৰাৰ বাবে সংশোধনী পদক্ষেপ গ্ৰহণ কৰিব যদিও বিজেপিৰ সৈতে মতাদৰ্শগত যুঁজখন অব্যাহত ৰাখিব । ‘‘আমি পৰাজয় মানি লৈছোঁ । গণতন্ত্ৰত কোনো বিশেষ জয় বা পৰাজয় স্থায়ী নহয় । আমি ফলাফলসমূহ পৰ্যালোচনা কৰি আমাৰ অভাৱসমূহ দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিম । কিন্তু আমি আমাৰ মতাদৰ্শগত যুঁজ এৰিবলৈ যোৱা নাই । আমি যুঁজি যাম ।’’ গুজৰাট নিৰ্বাচনত দলটোৱে শোচনীয়ভাৱে পৰাজয় বৰণ কৰাৰ পিচত এইদৰে কয় খাৰ্গেয়ে (Gujarat election results) ।

যোৱা ২৬ অক্টোবৰত কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাচত গুজৰাট আৰু হিমাচল প্ৰদেশ হৈছে খৰ্গেৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দুটা বিধানসভা নিৰ্বাচন । হিমাচলত ১২ নৱেম্বৰত অনুষ্ঠিত হয় নিৰ্বাচন (Gujarat polls results) ৷ আনহাতে, গুজৰাটত ১ ডিচেম্বৰ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হয় ৷ নিৰ্বাচনৰ পূৰ্বে খাৰ্গেয়ে দুয়োখন ৰাজ্যতে প্ৰচাৰ চলাইছিল, য’ত তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰে ।

গুজৰাটত বিগত ২৭ বছৰে চৰকাৰ চলাই থকা বিজেপিৰ পৰা ক্ষমতা দখল কৰিবলৈ পুৰণি ৰাষ্ট্ৰী দলটোৰ পক্ষে একেবাৰে সহজ নাছিল ৷ কিন্তু ২০১৭ চনত ১৮২ টাৰ ভিতৰত লাভ কৰা ৭৭ টা সমষ্টিও নিজৰ দখলত ৰাখিব নোৱাৰিলে দলটোৱে (Congress defeat in Gujarat) ৷ গুজৰাটৰ নিৰ্বাচন দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল ।

ইয়াৰ বিপৰীতে গৃহ ৰাজ্যত প্ৰধানমন্ত্ৰী মোডীৰ জনপ্ৰিয়তাৰ পৰা অপৰিসীম লাভৱান হোৱা বিজেপিয়ে প্ৰথমবাৰৰ বাবে আপৰ প্ৰৱেশৰ লগে লগে বৃহৎ ক্ষমতা বিৰোধী আৰু তিনিপক্ষীয় প্ৰতিদ্বন্দ্বিতা সত্বেও গুজৰাটত নিজৰ আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হয় ৷

যদিও আপে হিমাচলতো ভৰি দিবলৈ চেষ্টা কৰিছিল, ভোটাৰৰ সঁহাৰি নোপোৱাৰ পিছত দলটোৱে পাহাৰীয়া ৰাজ্যখনত নিজৰ প্ৰচাৰ ত্যাগ কৰে । ইয়াৰ দ্বাৰা আচলতে কংগ্ৰেছে হিমাচলত খোজ দিবলৈ সহায় কৰিছিল আৰু প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বৰ বাহিৰে প্ৰদৰ্শন কৰিবলগীয়া বিশেষ একো নাছিল বিজেপি চৰকাৰৰ বাবে কঠোৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল (Himachal Pradesh poll result)।

ইফালে কংগ্ৰেছৰ এই দুৰ্দিনতো হিমাচলত দলটোৱে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ৷ ‘‘হিমাচল প্ৰদেশত জয়লাভ কৰাত মই অতি সুখী । হিমাচল প্ৰদেশৰ ভোটাৰ সকলক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ । এই জয়ৰ বাবে এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়া, এআইচিচিৰ সম্পাদক আৰু ৰাজ্যৰ জ্যেষ্ঠ নেতাসকলকো অভিনন্দন জনাইছো’’ ৷ হিমাচলৰ ফলাফলক লৈ এইদৰে কয় খাৰ্গেয়ে (Himachal Pradesh victory for Congress) ।

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, বৃহস্পতিবাৰে এআইচিচিৰ পৰ্যবেক্ষকসকলে শিমলাত উপস্থিত হৈ চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিবলৈ ৰাজ্যপালৰ সৈতে নিযুক্তি লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ মুখৰ ওপৰত সিদ্ধান্ত ল’বলৈ নৱনিৰ্বাচিত বিধায়কৰ বৈঠক আহ্বান কৰিব ।

অৱশ্যে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই কথাও উল্লেখ কৰে যে, হিমাচল জয়ৰ পিছতো ৰাজনৈতিক দলটোৰ পুনঃ উত্থানৰ বাবে বহু দূৰ বাকী আছে আৰু দলীয় গাঁথনিত উপযুক্ত পৰিৱৰ্তন আনিবলৈ প্ৰস্তুতি চলাইছে । “আমাৰ বহু দূৰ বাকী আছে । ভৱিষ্যতৰ ৰোডমেপত আমি অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহিম’’ বুলি কয় খাৰ্গেয়ে ।

লগতে পঢ়ক: Gujrat Assembly Election: গ্ৰামাঞ্চলবোৰ কংগ্ৰেছপন্থী ? উত্তৰ গুজৰাটৰ ভোটাৰে দিলে উত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.