নেশ্যনেল ডেস্ক,২৭ মে' : কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অভিযান অব্যাহত ৰাখিছে (Kejriwal on Centre ordinance row)। বিৰোধী দলৰ নেতাসকলৰ সমৰ্থন বিচাৰি ইতিমধ্যে বিভিন্ন ৰাজ্যলৈ ভ্ৰমণ কৰিছে নেতাগৰাকীয়ে । কংগ্ৰেছৰো সমৰ্থন বিচাৰিছে কেজৰিৱালে (Kejriwal seeks congress supports)।
অৱশ্যে কংগ্ৰেছে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই । জানিব পৰা মতে কংগ্ৰেছৰ একাংশ নেতাই কেজৰিৱালক সমৰ্থন কৰাৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰিছে । যাৰ বাবে অহা ২৯ মে'ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে দিল্লীৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ এখন বিশেষ বৈঠকৰ আহ্বান কৰিছে (Congress meeting on ordinance row)। য'ত সিদ্ধান্ত লোৱা হ'ব প্ৰকৃততে কেন্দ্ৰ অধ্যাদেশৰ বিৰুদ্ধে কেজৰিৱালক দলটোৱে সমৰ্থন কৰিব নে নাই !
দিল্লীৰ দায়িত্বত থকা এআইচিচি সদস্য শক্তি সিংহ গোহিলে ইটিভি ভাৰতক জনোৱা মতে কংগ্ৰেছ সভাপতিয়ে অধ্যাদেশৰ বিষয়টোক লৈ ২৯ মে'ত দিল্লীৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠক আহ্বান কৰিছে । সূত্ৰৰ মতে জে পি আগৰৱালা, অজয় মাকেন, দেৱেন্দ্ৰ যাদৱ, অনিল চৌধুৰী, অৰবিন্দৰ সিং লাভলী আৰু হাৰুণ ইউছুফৰ দৰে জ্যেষ্ঠ নেতাসকলে খাৰ্গেৰ বাসগৃহত সোমবাৰৰ বৈঠকত উপস্থিত থাকিব ।
দিল্লীত অধ্যাদেশৰ বিষয়টোক লৈ কেজৰিৱাল আৰু বিজেপি শাসিত কেন্দ্ৰৰ মাজত বিবাদৰ সৃষ্টি হৈছে । উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰৰ সপক্ষে ৰায় দিয়াৰ পাছত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অধ্যাদেশটো আনিছে ।
বিজেপিয়ে জুলাইত সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনত অধ্যাদেশটো গৃহীত কৰিব বুলি আশা কৰা হৈছে । লোকসভাত আইনখন গৃহীত কৰাত বিজেপি কোনো সমস্যাৰ সন্মুখীন নহ'ব । অৱশ্যে, ৰাজ্যসভাত বিৰোধীয়ে আইনখন অৱৰোধ কৰিব পাৰে । যাৰ বাবে বিষয়টোক লৈ সমৰ্থন বিচাৰি কেজৰিৱালে টিএমচি নেতা তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, শিৱসেনাৰ ইউবিটি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, এনচিপি নেতা শৰদ পাৱাৰক সাক্ষাৎ কৰিছে । শনিবাৰে বিআৰএছ নেতা তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ সৈতেও তেওঁ এই সন্দৰ্ভত বাৰ্তালাপ কৰিছে (Kejriwal meets oppositions leader)।
শুকুৰবাৰে, কেজৰিৱালে অধ্যাদেশৰ বিষয়টোক লৈ আলোচনা কৰাৰ বাবে খাৰ্গে আৰু দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ পৰা সময় বিচাৰিছিল । অৱশ্যে, অধ্যাদেশৰ বিষয়টোত কংগ্ৰেছে কেজৰিৱালক সমৰ্থন কৰিব নে নকৰে সেই প্ৰস্তাৱটো দলটোৰ দিল্লী আৰু পঞ্জাৱ গোটৰ দ্বাৰা বিৰোধিতা কৰা হৈছে ।
লগতে পঢ়ক :New parliament row : কেজৰিৱাল আৰু খাৰ্গেৰ বিৰুদ্ধে এজাহাৰ