নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী: ভাৰত-চীনৰ পূৱ লাডাখৰ বিবাদ সন্দৰ্ভত বৃহস্পতিবাৰে এক বিবৃতি প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । ইয়াকে লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ তীব্ৰ আক্ৰমণ কেন্দ্ৰীয় চৰকাৰক ।
'কেন্দ্ৰীয় চৰকাৰে শ্বহীদ জোৱানসকলক অপমান কৰিছে । মোদীয়ে আমাৰ দেশৰ মাটি চীনক কিয় দিবলৈ সাজু হৈছে ?' বৃহস্পতিবাৰে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলৰ সম্বোধন কৰি এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । গন্ধীৰ লগতে বিৰোধী পক্ষৰ কেবাজনো নেতাই সমালোচনা কৰে কেন্দ্ৰৰ এই সিদ্ধান্তক ।
উল্লেখ্য যে, পশ্চিম হিমালয়ৰ যি স্থানত ভাৰত আৰু চীনা সেনাৰ মাজত সংঘৰ্ষ সংঘটিত হৈ আহিছে উক্ত স্থানৰ পৰা পিচুৱাই যোৱাৰ সিদ্ধান্তত সহমত প্ৰদান কৰিছে ভাৰতে । বৃহস্পতিবাৰে সদনত এই কথা জনায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । ৰাহুল গান্ধীয়ে ভাৰত-চীনৰ পূৱ লাডাখৰ সীমা বিবাদ সন্দৰ্ভত কেবাবাৰো মোদী চৰকাৰক সমালোচনা কৰি আহিছে ।
লগতে পঢ়ক: জয়াললিতা আৰু কৰুণাৰ অনুপস্থিতিত তামিলনাডুত বিৰাজ কৰা ৰাজনৈতিক শূন্যতাৰ কল্প কাহিনী