ETV Bharat / bharat

Mahatma Gandhi গান্ধীজী কিয় মহাত্মা নামেৰে জনাজাত হৈ পৰিল?

এই প্ৰৱন্ধটিত মহাত্মা গান্ধীৰ কৰ্মৰাজি তথা জীৱন আদৰ্শৰ ইতিবৃত্ত সম্পৰ্কে আলোচনা আগবঢ়োৱা হৈছে ৷

Albert Einstain on Mahatma Gandhi
গান্ধীজী কিয় মহাত্মা নামেৰে জনাজাত হৈ পৰিল?
author img

By

Published : Sep 20, 2019, 9:56 PM IST

Updated : Aug 13, 2022, 9:27 AM IST

গান্ধীজীক কিয় মহাত্মা বোলা হয়?

গান্ধীজীৰ সন্দৰ্ভত এলবাৰ্ট আইনষ্টাইনে কৈছিল(Albert Einstain on Mahatma Gandhi) ,"আগন্তক ভৱিষ্যত প্ৰজন্মই এই কথা অবিশ্বাস্য যেন অনুভৱ কৰিব যে এজন তেজ-মঙহৰ ব্যক্তিয়ে একালত এই পৃথিৱীত খোজ কাঢ়িছিল ৷"

দৰাচলতে মহাত্মা উপাধিটো গান্ধীজীৰ বাবে এক অভিশাপতকৈ কোনো গুণে কম নাছিল ৷ তেখেতক কোনোবাই মহাত্মা বুলি সম্বোধন কৰোতে বহুসময়ত অশ্বস্তিও অনুভৱ কৰিছিল ৷ অন্যান্য মনুষ্যৰ দৰে গান্ধীজীও আছিল সাধাৰণ মৰণশীল মানৱ ৷ তেখেতে নিজৰ কৰ্মৰ জৰিয়তেহে মহানতা অৰ্জন কৰিছিল ৷ এই কথাত কোনো সন্দেহ নাই যে তেখেতৰ যাত্ৰাত সময়ৰ কিছু ঘটনা-পৰিঘটনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ যদিও তেখেতৰ নিহিত চাৰিত্ৰিক গুণে তেখেতক মহানতাৰ উচ্চস্থানত আৰোহণ কৰাত সহযোগ কৰিছিল ৷

অন্য ব্যক্তিৰ দৰে গান্ধীজীয়েও জীৱনত বহুতো ভুল কৰিছিল ৷ কিন্তু যিয়েই তেখেতক অন্য সকলতকৈ বেলেগ হিচাবে গঢ়ি তুলিছিল, সেয়া হল তেখেতে কেতিয়াও একেটা ভুল কাহানিও পুনৰাবৃত্তি কৰা নাছিল ৷ এয়াই আছিল তেখেতৰ নৈতিক উত্তৰণৰ মূল চাবি-কাঠি ৷ জীৱনৰ প্ৰতিটো পৰ্যায়ত নিজকে আত্ম-পৰ্যালোচনা কৰাটো তেখেতৰ অভ্যাস আছিল ৷ তেওঁ নিজকে আত্ম-সমালোচনা কৰিছিল আৰু কাৰোৰেই চকুত নপৰা নিজৰ দুখ-ক্ৰতিবোৰ বিচাৰি উলিয়াইছিল ৷ তেওঁ কেৱল যে নিজৰ কথাবোৰৰহে পৰীক্ষণ কৰিছিল এনে নহয় বৰং তেওঁ নিজৰ নিহিত চিন্তাধাৰাৰও পৰ্যালোচনা কৰিছিল ৷ গান্ধীজীয়ে বিশ্বাস কৰিছিল যে যদিও তেখেতে কোনো পাপ বা ভুল কৰিছে কিন্তু তেওঁৰ মানত এই সকলোবোৰ পৰমেশ্বৰে প্ৰত্যক্ষ কৰাটো প্ৰয়োজনীয় যাতে তেখেতে সমগ্ৰ বিশ্বৰ আগত নিজৰ ভুল স্বীকাৰ কৰিব পাৰে আৰু সেই ভুলৰ প্ৰায়োচিত কৰিব পাৰে ৷ দক্ষিণ আফ্ৰিকাৰ "পয়েনিক্স আশ্ৰম"ত থাকোতে এবাৰ তেখেতে ভোজন বৰ্জন আৰু নিমখ পৰিহাৰ কৰিছিল ৷ এনেধৰণৰ স্ব-প্ৰেৰিত দণ্ডই পৰৱৰ্তী সময়ত আমৰণ ব্ৰতলৈ পৰিৱৰ্তন হৈছিল ৷

জীৱনৰ পাছৰ সময়খিনিত তেখেতে পালন কৰি থকা নীতি-নিয়মসমূহক নিজৰ সহকৰ্মী সকললৈও বিস্তাৰ কৰাইছিল যিসকল আশ্ৰমত আৰু সভ্য সমাজত বাস কৰিছিল ৷ তেখেতে তেতিয়া অনশন কৰিছিল যেতিয়াই শান্তিপূৰ্ণ সত্যাগ্ৰহৰ মাজত অসূয়া, অপ্ৰীতি হিংসা প্ৰত্যক্ষ কৰিছিল ৷ অনশনৰ সময়ত প্ৰাৰ্থনাই তেখেতক শাম্ত কৰি তুলিছিল আৰু অনশনে শান্তি প্ৰদান কৰিছিল ৷

সচৰাচৰ আনৰ দুখ-ক্ৰতি সন্ধান কৰি থকাটো ব্যক্তিৰ সহজাত প্ৰবৃত্তি কিন্তু গান্ধীয়ে সদায় নিজৰ দুখসমূহক নিজে বিচাৰি উলিয়াইছিল আৰু তাক "হিমালয়সম ভুল" বুলি অভিহিত কৰিছিল ৷ যেতিয়াই তেখেতে নিজৰ ভুলটো উলিয়াব পাৰিছিল লগে লগে তেওঁ তাক ৰাজহুৱা কৰিছিল, নিজৰ দুখৰ বাবে অনুতপ্ত হৈছিল, প্ৰায়চিত্ত বিচাৰিছিল আৰু তাক পুনৰবাৰ নকৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল ৷ এনেদৰেই তেখেতে সত্যৰ অন্বেষণ কৰিছিল আৰু নৈতিকতাৰ হিমালয়ৰ চূড়ান্ত শিখৰত অৱস্থান কৰিছিল ৷

এই ধাৰণাই তেখেতক এজন বিকশিত ব্যক্তি হিচাবে গঢ়ি তুলিলে ৷ তেখেতৰ সত্য অন্বেষণৰ ধাৰণা তেখেতৰ চিন্তাধাৰাৰ সৈতে বিকশিত হৈছিল ৷ তেওঁ লগতে কৈছিল যদিহে কোনোৱে তেখেতৰ কথাৰ সৈতে বিসংগতি প্ৰত্যক্ষ কৰে তেন্তে সেইসকলে তেখেতে কোৱা সত্য অন্বেষণৰ বাৰ্তাবোৰক বিশ্বাস কৰিব পাৰে ৷ নিজৰ স্থিতিত সদায় অটল থাকিও তেখেতে নিজৰ দোষসমূহক চিনাক্ত কৰিছিল আৰু তাক মানি লবলৈ কোনোদিনেই কুন্ঠাবোধ কৰা নাছিল ৷

গান্ধীজীৰ চৰিত্ৰৰ আন এক উল্লেখযোগ্য দিশ আছিল এই যে তেখেতে যুক্তি আৰু আস্থাৰ মাজত এক মনোৰম সন্তুলন স্থাপন কৰিছিল ৷ তেখেতে কেৱল যুক্তিপূৰ্ণ বিচাৰধাৰাসমূহ গ্ৰহণ কৰিছিল ৷ আনহাতেদি তেওঁ অতিকে ধাৰ্মিক ব্যক্তি আছিল ৷ জনা দৰকাৰ যে তেখেতে মৃত্যুৰ পাছৰ জীৱন সম্পৰ্কে থকা ধাৰণাত বিশ্বাস কৰা নাছিল ৷ অস্পৃশ্যতাৰ বিৰুদ্ধে তেখেতৰ বিৰোধ আছিল যুক্তিপূৰ্ণ আৰু তাৰ্কিক ৷ যদিও তেখেতে আস্থাৰ ওপৰত বিশ্বাসী আছিল যত নৰম যুক্তিবোৰ বিফল হৈছিল ৷ গান্ধীজীয়ে পৰমেশ্বৰৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু সকলো মনুষ্যৰ শৰীৰত ভগৱানৰ অংশ বিৰাজমান বুলি বিশ্বাস ৰাখিছিল ৷ তেখেতৰ এটা বিশ্বাস আছিল এইযে যদিহে সৃষ্টিকৰ্তাই সত্য আৰু সৎ কৰ্মক প্ৰতিনিধিত্ব কৰে তেন্তে তেওঁৰ কৰ্তব্য হৈছে সকলোকে সৎ পন্থাত অগ্ৰসৰ কৰা ৷ সত্যৰ ওপৰত তেওঁৰ অগাধ বিশ্বাস আছিল আৰু কেৱল অহিংস নীতিৰ পালনৰ জৰিয়তে সত্যক পাব পাৰি বুলি বিশ্বাস কৰিছিল ৷

গান্ধীজীয়ে ধৰ্মৰ গ্ৰন্থ আৰু পুৰোহিতসকলৰ বাণীসমূহক সন্মান কৰিছিল আৰু এই উপাদানসমূহক মহান চিন্তাধাৰা আৰু অভিজ্ঞতাৰ ফলশ্ৰুতি বুলি অভিহিত কৰিছিল ৷ তৎসত্বেও তেখেতে ধৰ্মগ্ৰন্থৰ বাণীসমূহক যুক্তিৰ জৰিয়তে পৰীক্ষণ চলাইছিল আৰু সমাজৰ লগত খাপ খোৱাৰ স্বাৰ্থত সেইবোৰ বাণীক প্ৰত্যাখান কৰিছিল যিবোৰ তেখেতৰ পৰীক্ষণত অনুৰ্ত্তীণ হৈছিল ৷

জীৱন ধাৰণৰ ক্ষেত্ৰত গান্ধীজীৰ এক সাৰ্বজনীন মাৰ্গ আছিল ৷ যিসময়ত বিশ্বৰ কিছু অৰ্থনীতিবিদে অৰ্থনীতিক এক বিজ্ঞান বুলি অভিহিত কৰিছিল আৰু নৈতিকতাৰ সতে ইয়াৰ কোনো সম্পৰ্কক নাকচ কৰিছিল, সেইসময়তে গান্ধীজীয়ে নৈতিকতাবিহীন অৰ্থনীতিয়ে সমগ্ৰ বিশ্বতেই ভয়াবহ ক্ষতি নমাই আনিব বুলি বিশ্বাস কৰিছিল ৷ সমান্তৰালভাৱে তেখেতে ৰাজনীতি আৰু আধ্যাত্মিকতাক কোনোদিনেই দুটা অসংলগ্ন বিষয় বুলি গণ্য কৰা নাছিল ৷ গান্ধীজীয়ে ৰাজহুৱা জীৱন আৰু ৰাজনীতিৰ পৰা কোনোদিন আঁতৰি নাছিল ৷ যদিও তেওঁ কোনো ৰাজহুৱা কাৰ্যালয় গ্ৰহণ কৰা নাছিল তথাপি তেখেতে ৰাজনৈতিক ইছ্যুবোৰত ৰুচি ৰাখিছিল আৰু মানৱতাবাদী ভাৱধাৰাৰ ভিত্তিত ৰাজনীতিৰ উন্মেষ ঘটাইছিল ৷

পৰম উদাৰবাদী জীৱন ধাৰণাৰ বাবে গান্ধীজীয়ে কেতিয়াও এজন ব্যক্তিক শিক্ষা, আৰ্থিক অৱস্থা, শৰীীৰ ৰঙ, জাতি, বৰ্ণ আদিৰ ভিত্তিত কেতিয়াও বিচাৰ কৰা নাছিল ৷ তেখেতে প্ৰতিজন মনুষ্যক একোজন উমৈহতীয়া উপাদান বুলি গণ্য কৰিছিল ৷ ইয়াৰ বাবেই তেখেতে প্ৰতিজন ব্যক্তিৰেই অন্তৰ জয় কৰিব পাৰিছিল ৷ তেখেতক যিয়েই সাক্ষাৎ কৰিব আহিছিল তেওঁ সেইসকলৰ বাৰ্তাবোৰ ভালদৰে শুনিছিল ৷ এইক্ষেত্ৰত তেখেতৰ ব্যক্তিত্ব অন্যান্য ৰাজনীতিক সকলৰ সৈতে প্ৰভেদ পৰিলক্ষিত হয় যিসকলে কেৱল নিজৰ বক্তব্য শুনিবলৈ পছন্দ কৰে কিন্তু বেলেগৰ বক্তব্যলৈ নুশুনাৰ ভাও ধৰে ৷ ৰাজনীতিকসকলে ৰাইজক প্ৰভাৱশালী ভাষণৰ যোগেদি আপ্লুত কৰে ৷ কিন্তু এইক্ষেত্ৰত গান্ধীজী আছিল সম্পূৰ্ণ বিপৰীত ৷ তেখেতে কেতিয়াও নিজৰ ভাষণৰ অনুশীলন কৰা নাছিল ৷ তেওঁ আনকি ৰাজহুৱা ভাষণ প্ৰদান কৰাৰ সময়ত কাৰো সৈতে আলোচনাও কৰা নাছিল ৷ গান্ধীজীয়ে সদায় আকস্মিক ভাষণতহে ৰুচি ৰাখিছিল ৷

সকলো ব্যক্তিক সমভাৱে ব্যৱহাৰ কৰাৰ লগতে গান্ধীজীয়ে সকলোকে সকলো কামতেই সমভাৱে গুৰুত্ব দিছিল ৷ জন ৰাস্কিনৰ গ্ৰন্থ "আনটু দা লাচ্ট"য়ে গান্ধীজীক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল ৷ কিতাপখনৰ পৰা প্ৰেৰণা লৈ তেখেতে তাত উল্লেখ থকা কিছু পৰামৰ্শৰ আধাৰত নিজৰ জীৱনৰ সৈতে এক পৰীক্ষণ চলোৱাৰ সিদ্ধান্ত লৈছিল ৷

তাৰেই প্ৰথমটো হৈছে ডাবলিন এৰি ফয়েনিক্সৰ দৰে এখন দুৰ্গম গাঁৱত বাস কৰিছিল ৷ ইয়াৰ যোগেদি তেখেতে নগৰীয়া বিলাসিতাপূৰ্ণ জীৱন এৰি কৃষক বনুৱাৰ জীৱন অনুধাৱন কৰিছিল ৷
যেতিয়া তেখেতে সবৰমতীত থকা আশ্ৰমখন সেৱাগ্ৰামলৈ স্থানান্তৰিত কৰিছিল তেতিয়া আশ্ৰমত থকা যুৱক-যুৱতীসকলক ওচৰৰ সিগাঁওত আনাময় ব্যৱস্থাৰ ওপৰত কাম কৰাৰ পৰামৰ্শ দিছিল ৷ কিন্তু এই উপদেশ দিয়াৰ আগতে গান্ধীজীয়ে নিজেই শৌচাগাৰৰ চাফাই কৰিছিল ৷ আশ্ৰমৰ সহকৰ্মীসকলক সাধাৰণ কাপোৰ পৰিধান কৰিবলৈ উপদেশ দিয়াৰ আগতে তেওঁ নিজেই সাধাৰণ ধূতি পিন্ধা আৰম্ভ কৰিছিল ৷ গ্ৰামোদ্যোগ সংঘ আৰম্ভ কৰাৰ আগতে নিজেই থলুৱা কাগজ আৰু কলম ব্যৱহাৰ কৰিছিল ৷

গান্ধীজীয়ে সেই সকলোবোৰ কৰি দেখুৱাইছিল যিবোৰ তেওঁ কৰিবলৈ উপদেশ দিছিল ৷ সেইবাবেই তেওঁৰ জীৱন পৰিক্ৰমাই হৈছে এক বাৰ্তা ৷

Last Updated : Aug 13, 2022, 9:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.