নেশ্যনেল ডেস্ক, ৩ ফেব্ৰুৱাৰী: "কিয় প্ৰায়বোৰ স্বৈৰাচাৰী শাসকৰ নাম 'ম' আখৰেৰে আৰম্ভ হয় ?" বুধবাৰে এই প্ৰশ্ন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । তেওঁ টুইটযোগে এই প্ৰশ্ন উত্থাপন কৰি কয় যে, মাৰ্ক'ছ, মুছোলিনী, মিল'ছেভিক, মুবাৰক, মবুটু, মুশ্বাৰফ আৰু মাইক'মবেৰ'ৰ নামো 'ম' আখৰেৰে আৰম্ভ হৈছে । অৱশ্যে এই প্ৰশ্ন সন্দৰ্ভত কোনো বিৱৰণ দাঙি ধৰা নাই কংগ্ৰেছ নেতাগৰাকীয়ে । ভাৰতৰ কোনো ৰাজনৈতিক নেতাৰ নাম উল্লেখ নকৰাকৈ তেওঁ এই প্ৰশ্ন উত্থাপন কৰে ।
ৱায়ানাডৰ সাংসদগৰাকীয়ে বাৰম্বাৰ কেন্দ্ৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰোধিতা কৰি আহিছে । শেহতীয়াকৈ কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ নিৰ্দেশত দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহৰে সম্পৰ্ক থকা পোষ্ট শ্বেয়াৰ কৰা টুইটাৰ একাউণ্টসমূহৰ ক্ষেত্ৰত অস্থায়ী প্ৰতিবন্ধকতা অনাক লৈ কংগ্ৰেছ নেতাগৰাকীয়ে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰে । নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভাৰতক তেওঁলোকৰ পুঁজিপতি বন্ধুৰ হাতত গটাব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰে ।
লগতে পঢ়ক:আহমেদাবাদত ভয়ংকৰ অগ্নিকাণ্ড