নেশ্বনেল ডেস্ক, 6 নবেম্বৰ : "স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ আৰু আমি নিশ্চিতভাৱে ইয়াক লাভ কৰিম " ভাৰতৰ শাসনৰ গাদীত অধিস্থিত হৈ থকা ব্ৰিটিছসকলক এইদৰে কৈছিল লোকমান্য বাল গংগাধৰ তিলকে ৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদান আছিল অনবদ্য । কেশৰী আৰু মহৰাট্টাত প্ৰকাশিত তেওঁৰ প্ৰবন্ধসমূহে মানুহক স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিবলৈ অনুপ্ৰাণিত কৰিছিল । ব্ৰিটিছসকলে সেয়েহে তেওঁক, 'Father of Indian Unrest'' হিচাপে অভিহিত কৰিছিল ।
লোকমান্য তিলকৰ জন্ম ১৮৫৬ চনৰ ২৩ জুলাইত ৰত্নগিৰিত হৈছিল । 1866 চনত, তিলকে তেওঁৰ পিতৃ-মাতৃৰ সৈতে ৰত্নগিৰিৰ পৰা পুনেলৈ আহিছিল । ইয়াতেই ১৮৭২ চনত তেওঁৰ মেট্ৰিকৰ দেওনা পাৰ হৈছিল । ইয়াৰে এবছৰ আগতে, ১৮৭১ চনত তেওঁ বল্লাল বাল পৰিয়ালৰ সত্যভামা বাইক বিয়া কৰাইছিল ৷ ১৮৭৬ চনত তেওঁ ডেক্কানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে, য'ত তেওঁ গোপাল গণেশ আগৰকাৰক লগ পায় ।
দুয়োজনে ব্ৰিটিছ শাসনৰ পৰা দেশক স্বাধীন কৰাৰ সংগ্ৰামত জপিয়াই পৰাৰ সিদ্ধান্ত লৈছিল । পিছলৈ, ১৮৮১ চনত তিলক আৰু আগৰকাৰে ইংৰাজী ভাষাৰ কেশৰী আৰু মাৰাঠা ভাষাত মহৰাট্টা নামৰ দুখন বাতৰি কাকত আৰম্ভ কৰে ৷
কেশৰীৰ সম্পাদকৰ দায়িত্বত আগৰকাৰ আছিল আৰু তাৰ বিপৰীতে তিলকে মহৰত্তাৰ দায়িত্ব লৈছিল । অৱশ্যে, পিছত তিলকে দুয়োখন বাতৰি কাকতৰে দায়িত্ব লয় । তিলকে ১৮৮১ ৰ পৰা ১৯২০ চনৰ ভিতৰত ৫১৩ টা প্ৰবন্ধ লিখিছিল আৰু সেই আটাইবোৰে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছিল । ব্ৰিটিছ চৰকাৰক কৰা তীক্ষ্ণ সমালোচনাৰ বাবে তেওঁ কাৰাৰূদ্ধও হৈছিল; কিন্তু থমকি ৰোৱা নাছিল এইজনা স্বাধীনতা সংগ্ৰামীৰ কলম ৷
১৯০৫ চনত বংগ বিভাজনৰ পিছতে এক হিংসাত্মক আন্দোলন আৰম্ভ হয় । আন্দোলনৰ সমৰ্থনত তিলকে স্বদেশী, বৰ্জন, ৰাষ্ট্ৰীয় শিক্ষা আৰু স্বৰাজ্যক উজ্জীৱিত কৰিছিল । তিলকৰ স্বাধীনতা সংগ্ৰামৰ কাহিনীয়ে আজিও হাজাৰজনক অনুপ্ৰাণিত কৰে । সম্প্ৰতি দেশে ৭৫ তম স্বাধীনতা বাৰ্ষিকী উদযাপন কৰি আছে ৷ এই সময়তে ইটিভি ভাৰতেও দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া তেজস্বী নেতাজনক জনাইছে শতকোটি প্ৰণাম ৷
লগতে পঢ়ক : Subrata Mukherjee ৰ মৃত্যু : খহি পৰিল বংগৰ ৰাজনীতিৰ এটা শক্তিশালী স্তম্ভ