ETV Bharat / bharat

ভিআইপি-ভিভিআইপি আহিব; 22 জানুৱাৰীত সাধাৰণ লোকক অযোধ্যালৈ নাহিবলৈ আহ্বান প্ৰধামন্ত্ৰীৰ - Modi in Ayodhya

Ayodhya Ram Temple: অযোধ্যাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীত ভক্তসকলক ৰাম মন্দিৰলৈ নাহিবলৈ আহ্বান জনায় ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত নিৰ্দিষ্ট সংখ্যক লোককহে নিমন্ত্ৰণ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে কয় ৷

Ayodhya Ram Temple
PM Narendra Modi
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 5:16 PM IST

নিউজ ডেস্ক, 30 ডিচেম্বৰ: বহু বাদ-বিবাদ, ক’ৰ্ট-কাছাৰীৰ মামলা-মোকৰ্দমা, বিভিন্ন আলোচনা, টক শ্ব’ আদিৰ অন্তত অহা 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ ৷ 2019 চনৰ 9 নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে দীৰ্ঘদিন ধৰি চলি থকা ৰাম জন্মভূমিৰ গোচৰৰ নিষ্পত্তি কৰি চূড়ান্ত ৰায় প্ৰদান কৰে ৷ বাবৰি মছজিদৰ পৰিৱৰ্তে সেই স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে ৷

তাৰ পিচতেই বিজেপি চৰকাৰৰ নেতৃত্বত আৰম্ভ হ’ল ৰাম মন্দিৰ নিৰ্মাণৰ কাম ৷ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৰাম মন্দিৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 22 জানুৱাৰীত এই মন্দিৰ উদ্বোধন কৰিব ৷ শনিবাৰে অযোধ্যা ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২২ জানুৱাৰীত অযোধ্যাত ৰামৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ ঐতিহাসিক মুহূৰ্তৰ বাবে সমগ্ৰ বিশ্বই অপেক্ষা কৰি আছে ।

অযোধ্যাত কেইবাটাও প্ৰকল্প উদ্বোধন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 'বিকাশ', 'বিৰাসত' (ঐতিহ্য)ৰ শক্তিয়ে ভাৰতক আগুৱাই লৈ যাব । প্ৰধানমন্ত্ৰীয়ে ২২ জানুৱাৰীত অযোধ্যালৈ নাহিবলৈও সাধাৰণ জনতাক আহ্বান জনাই কয় যে মাত্ৰ কেইজনমান মানুহকহে নিমন্ত্ৰণ কৰা হৈছে আৰু তেওঁলোক আহিব ।

"আমি ৫৫০ বছৰ অপেক্ষা কৰিলোঁ, সেয়ে আৰু কেইটামান দিন অপেক্ষা কৰিব পাৰো । মই আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিছোঁ, ৰাম মন্দিৰ দৰ্শনাৰ্থীৰ বাবে খোলা আছে ৷ গতিকে ২২ জানুৱাৰী (উদ্বোধনী দিন)ত ভিৰ নকৰিব । মই বাৰে বাৰে অনুৰোধ কৰিছো যে ২২ জানুৱাৰীত ভিৰ নকৰিব ।’’ প্ৰধানমন্ত্ৰীয়ে কয় ।

লগতে ১৪ জানুৱাৰীৰ পৰা সমগ্ৰ দেশৰ তীৰ্থস্থানত স্বচ্ছতা অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে । "বছৰ বছৰ ধৰি লাখ লাখ মানুহ আহিব, গতিকে অযোধ্যাবাসীয়ে চহৰখনক ভাৰতৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ কৰি তুলিব লাগিব । দেশৰ সকলো মন্দিৰলৈ মই আবেদন জনাইছো ১৪ জানুৱাৰীৰ মকৰ সংক্ৰান্তিৰ পৰা ২২ জানুৱাৰীলৈকে স্বচ্ছতা অভিযান চলাব লাগে ৷" তেওঁ লগতে কয় । তেওঁ লগতে কয় যে ৰাম সমগ্ৰ দেশৰ, যেতিয়া ৰাম আহিব তেতিয়া আমাৰ সকলো মন্দিৰ পৰিষ্কাৰ হ’ব লাগে ।

লগতে পঢ়ক: অযোধ্যা ৰে’লৱে ষ্টেচন আৰু বিমান বন্দৰ জনতাৰ নামত উৎসৰ্গিত প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.