নেশ্যনেল ডেস্ক, ১১ এপ্ৰিল: ১৯৬১ চনত ডিউক অৱ এডিনবাৰ্গ প্ৰিন্স ফিলিপে ৰাণী দ্বিতীয় এলিজাবেথৰ সৈতে ভাৰতলৈ প্ৰথমবাৰ ভ্ৰমণলৈ আহিছিল । বিশেষকৈ কলকাতাত অভিজাত দম্পতীৰ ভ্ৰমণে 'চিটি অফ জয়'বাসীক যথেষ্ট উৎসাহী কৰি তুলিছিল । ইংৰাজ দম্পতীৰ ভাৰত ভ্ৰমণত প্ৰায় ২০ লাখ লোকে তেওঁলোকক আদৰিবলৈ কলকাতাৰ ৰাজপথ ভিৰ কৰিছিল । ভাৰত ভ্ৰমণকালত দম্পতীয়ে কলকাতাৰ আইকনিক ভিক্টোৰিয়া মেম'ৰিয়েল পৰিদৰ্শন কৰিছিল আৰু তেওঁলোকৰ ফটো সংগ্ৰহ কৰি ভিক্টোৰিয়া মেম'ৰিয়েলৰ চিৰিৰ ওপৰত স্মাৰকৰ আৰ্কাইভত আঁৰি থোৱা হৈছে । বৰ্তমানেও দম্পতীৰ ফটো সম্বলিত হৈ আছে । দম্পতীৰ এই ভ্ৰমণ চৰকাৰী ৰাজ্যিক ভ্ৰমণ আছিল বুলি ভিক্টোৰিয়া মেম'ৰিয়েলৰ সঞ্চালক জয়ন্ত সেন গুপ্তাই জনায় ।
তাৰ পাচত ভিক্টোৰিয়া মেম'ৰিয়েলৰ পৰা ৰয়েল কলিকতা টাৰ্ফ ক্লাবলৈ গৈছিল দম্পতীয়ে । তেওঁলোকে মুম্বাই, চেন্নাই, জয়পুৰ, আগ্ৰা আৰু শেষত কলকাতা ভ্ৰমণ কৰিছিল । ১৯৬১ চনত জয়পুৰৰ মহাৰাজাই বাঘৰ চোৰাং চিকাৰ অনুষ্ঠানৰ আয়োজন কৰিছিল য'ত ডিউক অৱ এডিনবাৰ্গে প্ৰিন্স ফিলিপে ৰাণী এলিজাবেথৰ সৈতে ভাৰতলৈ ভ্ৰমণ কৰিছিল । তেওঁলোকৰ এই ভ্ৰমণ বিশেষভাৱে স্মৰণীয় আছিল । ১৯৬১ চনৰ প্ৰথম ভাৰত ভ্ৰমণৰ পাচত পৰৱৰ্তী ১৯৮৩ আৰু ১৯৭৭ চনত আন দুটা ভাৰত ভ্ৰমণ কৰিছিল । উল্লেখযোগ্য যে, ভাৰত স্বাধীন হোৱাৰ ৫০ সংখ্যক বাৰ্ষিকী উদযাপন উপলক্ষে ১৯৯৭ চনত ভাৰতলৈ আহিছিল ।
লগতে পঢ়ক: কৰ্ণাটকৰ পুথিভঁৰালত দুৰ্বৃত্তৰ অগ্নিসংযোগ