ETV Bharat / bharat

কিৰণহীন হ’ব ৰিল লাইফৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টৰ জীৱন - বিবাহ বিচ্ছেদ

এসময়ত নিজৰ জীৱনত পত্নী কিৰণক লাভ কৰি ধন্য অনুভৱ কৰা আমিৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাওৱে শনিবাৰে এক সংবাদমেল যোগে বিবাহ বিচ্ছেদৰ সংবাদ সদৰি কৰিছে ৷ অৱশ্যে এই বিচ্ছেদক ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰি দুয়ো ইয়াক জীৱনৰ এক নতুন ইনিংছ হিচাপে গ্ৰহণ কৰিছে ৷

when-aamir-khan-said-he-cant-imagine-life-without-kiran-rao
কিৰণহীন হ’ব ৰিল লাইফৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টৰ জীৱন
author img

By

Published : Jul 3, 2021, 8:02 PM IST

চিটাৰা ডেস্ক, 3 জুলাই : বলীউডৰ চুপাৰষ্টাৰ আমিৰ খান(Bollywood super star Aamir Khan ) আৰু তেওঁৰ চলচিত্ৰ নিৰ্মাতা পত্নী কিৰণ ৰাৱে(filmmaker Kiran Rao) শনিবাৰে এক সংবাদমেল যোগে দুয়োৰে বিবাহ বিচ্ছেদৰ খবৰ প্ৰকাশ কৰিছে । এতিয়া পৃথকে থাকিও পুত্ৰ আজাদৰ প্ৰতি এজন নিষ্ঠাৱান অভিভাৱক হৈ থাকিব বুলি প্ৰকাশ কৰা আমিৰে এসময়ত কৈছিল যে এই জীৱনত তেওঁ কিৰণক লাভ কৰি ধন্য অনুভৱ কৰিছে ।

when-aamir-khan-said-he-cant-imagine-life-without-kiran-rao
পুত্ৰ আজাদৰ সৈতে আমিৰ কিৰণ

৫৬ বছৰীয়া আমিৰ আৰু ৪৭ বছৰীয়া কিৰণ প্ৰথমবাৰৰ বাবে মিলিত হৈছিল আমিৰৰ ২০০১ চনৰ ব্লকবাষ্টাৰ চলচ্চিত্ৰ লগানৰ ছেটত (set of blockbuster movie Lagan) ৷ পৰৱৰ্তী সময়ত ২০০৫ চনৰ ডিচেম্বৰ মাহত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল । অৱশ্যে ২০০৫ ত বৈবাহিক জীৱন আৰম্ভ কৰাৰ প্ৰায় ডেৰ বছৰ আগতেই দুয়ো একেলগে বাস কৰি জীৱনৰ ইনিংছ আৰম্ভ কৰিছিল ৷ ২০১১ চনৰ ডিচেম্বৰত দুয়োৰে জীৱনলৈ আহিছিল পুত্ৰ আজাদ ৰাও খান (Aazad Rao Khan)।

when-aamir-khan-said-he-cant-imagine-life-without-kiran-rao
কিৰণহীন হ’ব ৰিল লাইফৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টৰ জীৱন

অৱশ্যে, সুখে-দুখে একেলগে পোন্ধৰটা বৰ্ষ অতিক্ৰম কৰাৰ পিছত দুয়োৰে সম্পৰ্ক এতিয়া বিবাহ বিচ্ছেদৰ পিছত মাথো স্মৃতিৰ এখিলা পাততহে আৱদ্ধ হৈ থাকিব ৷ কিন্তু এসময়ত ছবিজগতৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানে কিৰণৰ প্ৰতি থকা তেওঁৰ মৰম আৰু অনুভুতি স্বীকাৰ কৰি কৈছিল যে কিৰণে তেওঁক বিষাদৰ দিনতো সুখী কৰি ৰাখিব জানে ।

এটা ৱেব্লোইড(webloid)ৰ সৈতে এক থ্ৰোবেক সাক্ষাৎকাৰ(throwback interview)ত আমিৰে কৈছিল, কিৰণক তেওঁ কেনেদৰে লগ পাইছিল আৰু পিছত কেনেদৰে দুয়ো দুয়োৰে প্ৰেমত পৰিছিল । কিৰণৰ প্ৰতি তেওঁৰ অনুভূতি স্বীকাৰ কৰি পিকে খ্যাত তাৰকা(PK actor) গৰাকীয়ে কৈছিল, "কিৰণক মোৰ সংগী হিচাপে নভবাকৈ অথবা তেওঁ অবিহনে মই কেতিয়াও মোৰ জীৱন কল্পনা কৰিব নোৱাৰো । মই বহুত ধন্য অনুভৱ কৰোঁ যে তেওঁক মোৰ জীৱন সংগীৰূপে লাভ কৰিছোঁ ।"

অৱশ্যে এতিয়া আৰু সেই দিন নাই, এতিয়া কথাবোৰ একে হৈ থকা নাই আমিৰ-কিৰণৰ মাজত ৷ কিন্তু এক যুটীয়া বিবৃতিত আমিৰ-কিৰণে কৈছে "আমি এই বিবাহ বিচ্ছেদক সমাপ্তি হিচাপে নহয় বৰঞ্চ জীৱনৰ যাত্ৰা পথৰ এক নতুন আৰম্ভণি হিচাপেহে চাম "। উল্লেখযোগ্য যে, কায়ামত চে কয়ামত তক, চৰফৰোশ, থ্ৰী ইডিয়টছ, তালাশ আৰু দংগলৰ দৰে সফল ছবিৰ তাৰকা আমিৰ খানে ইয়াৰ পূৰ্বেও ৰীনা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু পৰৱৰ্তী সময়ত দুয়োৰে প্ৰেমৰ ইনিংছত যতি পৰিছিল । প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে আমিৰ দুগৰাকীকৈ সন্তান ক্ৰমে জুনেইদ খান আৰু ইৰা খানৰো পিতৃ ।

আমিৰ খানক পৰৱৰ্তী সময়ত টম হেংকছ(Tom Hanks) অভিনীত জনপ্ৰিয় ছবি ফৰেষ্ট গাম্প(Forest Gump)ৰ অফিচিয়েল হিন্দী ৰিমেক(official hindi remake) লাল সিং চাদ্দা(Lal Singh Chadda)ত নাম ভূমিকাত অভিনয় কৰা দেখা যাব। লক্ষণীয়ভাৱে আমিৰৰ এই ছবিখনো প্ৰযোজনা কৰিছে পত্নী কিৰণ ৰাওৱে যিয়ে আমিৰৰ দংগল আৰু চিক্ৰেট চুপাৰষ্টাৰকে ধৰি আন কেইবাখনো ছবি প্ৰযোজনা কৰিছিল ।

লগতে পঢ়ক : চৰকাৰৰ দায়িত্বহীনতা: স্থানীয় লোকে মেৰামতি কৰিলে ভগ্ন মথাউৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.