ইন্টৰনেশ্চনেল ডেস্ক, 11 আগষ্ট : যদি আপুনি তাৎক্ষণিক মেচেজিং এপ হোৱাটছএপ (WhatsApp) ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ ৷ মেটাৰ মালিকানাধীন(WhatsApp Meta) হোৱাটছ এপে জনাইছে যে, এতিয়াৰে পৰা হোৱাটছ এপ ব্যৱহাৰকাৰীসকলে দুদিনৰ পিছতো ডিলিট কৰিব পাৰিব প্ৰেৰণ কৰা মেছেজ ৷ মাইক্ৰ ব্লগিং প্লেটফৰ্ম টুইটাৰযোগে এই কথা ঘোষণা কৰি কোৱা হয় যে, হোৱাটছএপত প্ৰেৰণ কৰা মেছেজ ডিলিট কৰাৰ বিকল্প সলনি কৰা হৈছে ।
ইফালে, হোৱাটছ এপ প্লেটফৰ্মত অতি শীঘ্ৰেই এটা নতুন Feature মুকলি কৰাৰ কথাও ঘোষণা কৰা হয় ৷ যাক ব্যৱহাৰ কৰি এটা গ্ৰুপত এডমিনসকলক সকলোৰে মেছেজ ডিলিট কৰাৰ ক্ষমতা প্ৰদান কৰিব (WhatsApp group admin can delete messages)।
লগতে পঢ়ক : ধনৰ সুৰক্ষিত ডিজিটেল লেনদেনৰ বাবে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ বিষয়
ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া জুকাৰবাৰ্গে(Chief Executive Officer of Facebook) টুইটাৰযোগে কয় যে, "আপুনি হোৱাটছ এপত প্ৰেৰণ কৰা মেছেজ তৎক্ষণাত ডিলিট কৰিব নোৱাৰাক লৈ চিন্তিত নেকি ? তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই কিয়নো এতিয়াৰে পৰা আপুনি মেছেজ প্ৰেৰণ কৰাৰ পিছত এপৰ পৰা ডিলিট কৰিবলৈ আপুনি দুদিনতকৈ অধিক সময় লাভ কৰিব ।" দিন আৰু বাৰ্তা প্ৰেৰণ কৰাৰ ১২ ঘণ্টাৰ পিছত (WhatsApp message delete feature) ইয়াৰ পূৰ্বে ইয়াৰ সময় সীমা আছিল মাত্ৰ ১ ঘণ্টা, ৮ মিনিট আৰু ১৬ ছেকেণ্ড ।
-
💭 Rethinking your message? Now you’ll have a little over 2 days to delete your messages from your chats after you hit send.
— WhatsApp (@WhatsApp) August 8, 2022 " class="align-text-top noRightClick twitterSection" data="
">💭 Rethinking your message? Now you’ll have a little over 2 days to delete your messages from your chats after you hit send.
— WhatsApp (@WhatsApp) August 8, 2022💭 Rethinking your message? Now you’ll have a little over 2 days to delete your messages from your chats after you hit send.
— WhatsApp (@WhatsApp) August 8, 2022
WhatsApp এ Google Play beta programৰ (WhatsApp Google Play beta program)জৰিয়তে এটা নতুন আপডেট লঞ্চ কৰিছে ৷ যাৰ সংস্কৰণটো 2.22.1.7.12 লৈ আহিছে আৰু গ্ৰুপ এডমিনসকলে সকলোৰে বাবে যিকোনো মেছেজ ডিলিট কৰিব পাৰিব (Delete message in 2 days) আঁতৰোৱা হ'ব । মেটা মালিকানাধীন প্লেটফৰ্মটোৱে এপটোৰ ভৱিষ্যতে আপডেটৰ বাবে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ টেক্সট মেছেজ সম্পাদনা কৰাৰ অনুমতি দিয়াৰ ওপৰতো কাম কৰি আছে । শেহতীয়াকৈ ৱেবছাইটটোৱে শ্বেয়াৰ কৰা এটা স্ক্ৰীণশ্বটত প্ৰকাশ পাইছে যে, মেছেজিং প্লেটফৰ্মটোৱে এটা নতুন বিকল্প প্ৰস্তুত কৰিছে যাতে ব্যৱহাৰকাৰীয়ে বাৰ্তা প্ৰেৰণ কৰাৰ পিছত যিকোনো টাইপ ভুল শুধৰাব পাৰে ৷
লগতে পঢ়ক : Buyout fight between Musk and Twitter: এলন মাস্কে টুইটাৰ ক্ৰয় কৰিব নে নকৰে...অপেক্ষা অক্টোবৰলৈ