নিউজ ডেস্ক, ৯ জানুৱাৰী : বছৰটোৰ প্ৰথম মাহত এটা শক্তিশালী বিত্তীয় পৰিকল্পনা কৰাটো অতি গুৰুত্বপূৰ্ণ (secure plan for financial freedom) । কৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ আৰু গোলকীয় মন্দাৱস্থাৰ দৰে ভাবুকিৰ মাজত আহিছে ২০২৩ বৰ্ষটো । আনহাতে, মুদ্ৰাস্ফীতি, বৰ্ধিত সুতৰ হাৰ আৰু হ্ৰাস হোৱা উপাৰ্জনে আপোনাৰ সন্মুখত বহুতো প্ৰশ্ন উত্থাপন কৰিব পাৰে । বিগত বছৰৰ পৰা অৰ্জন কৰা অভিজ্ঞতাৰ পৰা আপুনি ২০২৩ চনৰ বাবে পৰিকল্পনা কৰিব লাগিব । আগন্তুক বছৰ আৰু তাৰ পিছতো আপোনাৰ বিত্তীয় ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কি পদক্ষেপ অনুসৰণ কৰিব লাগিব তাত এবাৰ চকু ফুৰাও আহক ।
বিগত দুটা বছৰত মানুহে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে । সেয়ে বৰ্তমান কোনো ধৰণৰ চিন্তা নথকা এটা সঠিক পৰিকল্পনা প্ৰস্তুত কৰাৰ সময় । আমেৰিকান মনোবিজ্ঞানী আব্ৰাহাম মাছলোৱে (American psychologist Abraham Maslow) মানুহৰ প্ৰয়োজনীয়তাক পিৰামিড বুলি বৰ্ণনা কৰিছিল । মানুহৰ মূল তিনিটা মৌলিক প্ৰয়োজনীয়তা হৈছে অন্ন, বস্ত্ৰ আৰু বাসস্থান । এইকেইটাৰ নিশ্চিতিৰ ওপৰতে প্ৰথমতে প্ৰাধান্য দিব লাগিব । তাৰ পিছত আপোনাৰ মানসিক শান্তি আৰু বিত্তীয় সুৰক্ষাৰ বাবে আপোনাৰ সঞ্চয় গুৰুত্বপূৰ্ণ ।
নতুন বছৰত বিত্তীয় স্বাধীনতা লাভ কৰিবলৈ (achieve financial freedom), আপোনাৰ ঘৰলৈ লৈ যোৱা দৰমহাৰ কমেও 10 শতাংশ ৰাহি কৰিব লাগিব । সম্ভৱ হ'লে 20 শতাংশ জমা ৰাখিব । জৰুৰীকালীন অৱস্থাৰ বাবে স্থায়ী জমা (FD) এটাত আপোনাৰ মাহিলি উপাৰ্জনৰ তিনিৰ পৰা ছয় গুণ জমা কৰক । টকা ৰাহি কৰিবলৈ ৰেকাৰিং জমা (Recurring Deposit) ব্যৱহাৰ কৰক । নিয়মীয়াকৈ বাজেট প্ৰস্তুত কৰক । নিশ্চিত কৰিব যাতে আপোনাৰ সকলো উপাৰ্জন আৰু ব্যয়ৰ হিচাপ কৰা হয় । সঞ্চয় বৃদ্ধি কৰিবলৈ ব্যয় হ্ৰাস কৰাৰ মৌলিক নীতিটো নাপাহৰিব ।
এই কথা সত্য যে কেৱল এক বা দুই শতাংশ লোকৰহে স্বাস্থ্য বীমা আছে (health insurance) । নতুন কোভিড প্ৰকাৰে (New Covid variants) বহুতো দেশক প্ৰভাৱিত কৰিছে । সেয়ে আমি আমাৰ প্ৰস্তুতিক অৱহেলা কৰা উচিত নহয় । 2023 চনত পৰ্যাপ্ত জীৱন আৰু স্বাস্থ্য বীমা আঁচনি লওক । আপোনাৰ গোটেই পৰিয়ালৰ বাবে বিত্তীয় সুৰক্ষা নিশ্চিত কৰিবলৈ আপোনাৰ বাৰ্ষিক উপাৰ্জনৰ কমেও 10 গুণ ম্যাদী বীমা (term insurance) আৰু 10 লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি ল'ব লাগিব ।
খুচুৰা ঋণৰ মাত্ৰা ২০২২ চনত অতি বৃদ্ধি হৈছিল । বহু লোকে ব্যক্তিগত ঋণ, ক্ৰেডিট কাৰ্ড ঋণ, Buy Now Pay Later (BNPL), সোণৰ বিপৰীতে ঋণ লৈছে । কিন্তু ঋণ লোৱাৰ পিছত এইটো নিশ্চিত কৰিব যে এই ঋণ সময় মতে পৰিশোধ কৰা হয় । ডিজিটেল আৰু চাইবাৰ অপৰাধো এই ক্ষেত্ৰত এক চিন্তনীয় বিষয় (Digital and cyber crimes) । বিভিন্ন প্ৰতিবেদনে পূৰ্বানুমান কৰিছে যে ২০২৩ চনত এই অপৰাধ আৰু বৃদ্ধিৰ আশংকা আছে । UPI, Credit Cards, Net Banking transactions সুৰক্ষিত কৰি ৰাখিব ।
আপোনাৰ বিত্তীয় পৰিস্থিতি শক্তিশালী কৰিবলৈ হ'লে বিশেষজ্ঞসকলৰ মতে আপুনি বিনিয়োগ কৰিব লাগিব । Nifty ৫০ আৰু Sensex-ৰ দৰে index funds-ত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদী সময়ত সম্পদ সৃষ্টি কৰিব পাৰে । আপোনাৰ জীৱনৰ লক্ষ্য, বিনিয়োগ পৰিকল্পনা, লোকচান বহন কৰাৰ সামৰ্থ্য, বিনিয়োগৰ ম্যাদ আদিৰ দৰে সকলো কাৰক বিবেচনা কৰি সিদ্ধান্ত লওক । ২০২৩ চনৰ বাবে স্পষ্ট বিত্তীয় লক্ষ্য নিৰ্ধাৰণ কৰক । বেংক বজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া অধিল শেট্টীয়ে এনেদৰে কয় ।
বজাৰত যিমানেই উত্থান-পতন নহওক কিয়, সেই সকলোবোৰ বিনিয়োগকাৰীৰ বাবে ইতিবাচক । বিনিয়োগকাৰীসকলে উদীয়মান খণ্ড যেনে প্ৰযুক্তি, স্বাস্থ্যসেৱা, সেউজ অৰ্থনীতি (green economy), পৰিষ্কাৰ শক্তি (clean energy) আৰু ভৱিষ্যতৰ গতিশীলতাৰ (future mobility) ওপৰত দৃষ্টি দিব লাগে । আপুনি mutual funds বাছনি কৰিব পাৰে আৰু যিসকলে সুৰক্ষিতভাৱে বিনিয়োগ কৰিব বিচাৰে তেওঁলোকৰ বাবে ঋণ পুঁজিও (debt funds) এক ভাল বিকল্প । Axis AMC-ৰ মুখ্য ব্যৱসায়িক বিষয়া ৰাঘৱ আয়েংগাৰে এই মত প্ৰকাশ কৰে ।
আমি আমাৰ বাবে উপযোগী হোৱালৈ ধন উপাৰ্জন কৰিব লাগে । হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্য লাভ কৰিবলৈ কৌশলগত পদক্ষেপ লোৱা উচিত । বিনিয়োগৰ সৈতে বীমাক একত্ৰিত কৰিব নালাগে । মুদ্ৰাস্ফীতিয়ে বিনিয়োগত প্ৰভাৱিত কৰিব বুলি কেতিয়াও উপেক্ষা কৰিব নালাগে । PGIM India Mutual-ৰ মুখ্য বিনিয়োগ বিষয়া শ্ৰীনিবাস ৰাও ৰাভুৰীয়ে এনেদৰে কয় ।
লগতে পঢ়ক :Difficulty of Digital Loans : ডিজিটেল ঋণৰ বাবে খৰখেদা নকৰিব, পৰিব পাৰে বিপদত