ETV Bharat / bharat

২০ দিনত শ্বুটিং সম্পূৰ্ণ কৰিব কাৰ্তিক আৰ্য়ানে !

author img

By

Published : Dec 19, 2020, 1:25 PM IST

অভিনেতা কাৰ্তিক আৰ্য়ানৰ কেইবামাহৰ অন্তত ছেটলৈ প্ৰত্যাৱৰ্তন ঘটিছে ৷ ছেটলৈ আহিয়েই অভিনেতাগৰাকী ব্যস্ত হৈ পৰে আহিবলগীয়া নতুন ছবি ধামাকাৰ শ্বুটিঙত ৷ এমাহতকৈ কম সময়ৰ ভিতৰতে শ্বুটিং শেষ হ’বলগীয়া ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে ৷

অবিশ্বাস্য ! ২০ দিনত শ্বুটিং সম্পূৰ্ণ কাৰ্তিক আয়ানৰ

চিটাৰা ডেস্ক,১৯ ডিচেম্বৰ: বলীউডৰ হাৰ্ট থ্ৰ’ব অভিনেতা কাৰ্তিক আৰ্য়ান সম্প্ৰতি ভীষণ ব্যস্ত ৷ অভিনেতাগৰাকীয়ে আহিবলগীয়া নতুন ছবি ধামাকাৰ শ্বুটিং প্ৰায় ২০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈছে ৷

ইতিমধ্যে ৰাম মাধৱনী ছবিখনৰ ট্ৰেইলাৰৰ বাবে চৰ্চিত হৈ পৰিছে ৷ ধামাকাৰ নিৰ্দেশক ৰামে শ্বুটিং আৰম্ভ কৰাৰ সমান্তৰালকৈ প্ৰি প্ৰডাকছনৰ কামো চম্ভালিছে যাতে ২০ দিনৰ ভিতৰত ছবিখনৰ শ্বুটিং শেষ কৰিব পৰা যায় ৷ পৰিকল্পনা অনুযায়ী সকলো কাম সম্পূৰ্ণ হ’লে ছবিখনে এক অভিলেখ গঢ়িব ৷

সময় ৰাহি কৰিবলৈ ছবি প্ৰস্তুতকাৰী টীমটোৱে শ্বুটিঙৰ বাবে মুম্বাইৰ এক হোটেলত ২০ দিনৰ বাবে বাহৰ পাতিছে ৷ ক'ভিড ১৯ ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈকে টীমটোৱে হোটেলখন ছবিখনৰ এক অংশ হিচাপে উপস্থাপন কৰিছে ৷

ধামাকাত অভিনেতা কাৰ্তিকক এগৰাকী সাংবাদিকৰ চৰিত্ৰত দৰ্শকে দেখা পাব ৷ যিয়ে সন্ত্ৰাসবাদীৰ মুম্বাই আক্ৰমণৰ ঘটনাৰ চাক্ষুষ সাক্ষী হিচাপে ভূমিকা গ্ৰহণ কৰিব ৷

ছবিখনত অভিনয়ৰ বাবে আগ্ৰহী অভিনেতাগৰাকীয়ে থ্ৰীলাৰ সমৃদ্ধ ছবিখনত অভিনয় কৰাৰ অনুভৱ সুকীয়া বুলি ব্যক্ত কৰে ৷ ধামাকা ছবিখনৰ প্ৰযোজনা ৰনী স্ক্ৰেৱালাৰ আৰু ৰাম মাধৱনীৰ ৷ সহ প্ৰযোজনা অমিত মাধৱনীৰ ৷ ২১ শতিকাৰ সংবাদ মাধ্যমৰ ভূমিকাক মুখ্য বিষয় হিচাপে লৈ ছবিখন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে ৷

লগতে পঢ়ক : বাজিৰাও মাষ্টানি'ৰ পাঁচটা বছৰ : অভিজ্ঞতা শ্বেয়াৰ কৰিলে প্ৰিয়ংকা চোপ্ৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.