ETV Bharat / bharat

অজেয় নহয় নৰেন্দ্ৰ মোডী-অমিত শ্বাহ: শিৱসেনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ অজেয় নহয়, বংগৰ নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ পিছত মুখপত্ৰযোগে এই মন্তব্য় প্ৰকাশ শিৱসেনাৰ ৷ বিজেপিৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে ক’ভিড প্ৰটকল ভংগ কৰাৰ অভিযোগ শিৱসেনাৰ ৷

author img

By

Published : May 3, 2021, 10:49 PM IST

West Bengal poll results show Modi-Shah not invincible: Sena
অজেয় নহয় নৰেন্দ্ৰ মোডী-অমিত শ্বাহ: শিৱসেনা

নেশ্যনেল ডেস্ক,3 মে’: শিৱসেনাই সোমবাৰে কয় যে পশ্চিমবংগৰ নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অজেয় নহয় । সেনাৰ মুখপত্ৰ মাৰাঠী দৈনিক 'চামনা'ৰ এক সম্পাদকীয়ত কোৱা হৈছে যে, চাৰিখন ৰাজ্যৰ (পশ্চিমবংগ, অসম, তামিলনাডু আৰু কেৰালা) আৰু শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাহিৰে সকলোৰে দৃষ্টি পশ্চিমবংগৰ ওপৰত আছিল ।

ক’ভিড-১৯ মহামাৰীৰ মোকাবিলা কৰাৰ পৰিৱৰ্তে, প্ৰধানমন্ত্ৰী মোডীকে ধৰি সমগ্ৰ কেন্দ্ৰীয় চৰকাৰে মমতা বেনাৰ্জীক পৰাস্ত কৰিবলৈগৈ পশ্চিমবংগৰ নিৰ্বাচনী ক্ষেত্ৰত আছিল । দেওবাৰে, বেনাৰ্জীয়ে পশ্চিমবংগত পুনৰুজ্জীৱিত বিজেপিৰ এক কঠিন প্ৰত্যাহ্বান ৰোধ কৰে আৰু তেওঁৰ তৃণমূল কংগ্ৰেছে (টিএমচি) একেৰাহে তৃতীয়বাৰৰ বাবে বিপুল বিজয় লাভ কৰে ।

মাৰাঠী দৈনিকখনে এই ফলাফলে প্ৰমাণ কৰিছে যে, সকলো চৰকাৰী যন্ত্ৰ-পাতি আৰু প্ৰযুক্তি তেওঁলোকৰ হাতত থকা স্বত্বেও অজেয় নহয়, মোডী-শ্বাহ বুলি প্ৰকাশ কৰে ৷ মহাৰাষ্ট্ৰত এনচিপি আৰু কংগ্ৰেছৰ সৈতে ক্ষমতা ভাগ-বতৰা কৰা শিৱসেনাই পশ্চিমবংগৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল যদিও বেনাৰ্জীক সমৰ্থন আগবঢ়াইছিল ।

সম্পাদকীয়ত উল্লেখ কৰা অনুসৰি পশ্চিমবংগত আঠটা পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল ৷ বিজেপিয়ে মমতা বেনাৰ্জীক পৰাস্ত কৰিবলৈ ধন, ক্ষমতা আৰু চৰকাৰী যন্ত্ৰৰ ব্যৱহাৰ কৰিছিল । কিন্তু বিজেপি পৰাজিত হ’ল আৰু কৰ’ণাহে জয়ী হ’ল ৷ এইটোৱেই পশ্চিমবংগৰ নিৰ্বাচনৰ এক শাৰীৰ ফলাফল বিশ্লেষণ ।

পশ্চিমবংগ জয়ৰ একমাত্ৰ লক্ষ্যৰে মোডী আৰু শ্বাহে নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰে, বিশাল ৰেলী আৰু ৰোড শ্ব' অনুষ্ঠিত কৰে, সকলো ক’ভিড সুৰক্ষা নিয়ম উলংঘা কৰে বুলি মুখপত্ৰখনত অভিযোগ কৰা হৈছে ৷

ইয়াৰ লগতে মুখপত্ৰখনত উল্লেখ কৰা হৈছে যে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহত বিশেষকৈ পশ্চিমবংগত দীৰ্ঘদিন ধৰি চলি থকা প্ৰচাৰৰ বাবে কৰ’ণাৰ প্ৰসাৰ হোৱা বুলি নিৰ্বাচন আয়োগক দোষাৰোপ কৰিছে ।

লগতে পঢ়ক : ভয়াৱহ দুৰ্যোগৰ দিশে অসমৰ চাহ উদ্যোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.