ETV Bharat / bharat

মমতা বেনাৰ্জীসহ পশ্চিমবংগৰ তিনি নৱ-নিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ - মমতা বেনাৰ্জী

পশ্চিমবংগৰ উপ-নিৰ্বাচনত শেহতীয়াকৈ নিৰ্বাচিত হোৱা তিনিগৰাকী বিধায়কে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব । ৰাজ্যপালৰ উপস্থিতিত শপত ল'ব মমতা বেনাৰ্জীসহ তিনিওগৰাকী বিধায়কে ।

West Bengal
মমতা বেনাৰ্জীসহ নৱ নিৰ্বাচিত তিনি বিধায়কৰ শপত গ্ৰহণ
author img

By

Published : Oct 7, 2021, 12:39 PM IST

নেশ্যনেল ডেস্ক,৭ অক্টোবৰ : শেহতীয়াকৈ সম্পন্ন হৈছে পশ্চিমবংগৰ উপ-নিৰ্বাচন । নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দীতা আগবঢ়াইছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । মমতা বেনাৰ্জীয়ে ৮৫,২৬৩ টা ভোট লাভ কৰিছে আৰু ৫৮ হাজাৰ ভোটত বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰুৱালৰ বিৰুদ্ধে জয়ী হৈছে ।

বেনাৰ্জীৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰুৱালে (Priyanka Tibrewal) ২৬,৪২৮ টা ভোট লাভ কৰিছে আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (CPI) প্ৰাৰ্থী শ্ৰীজিব বিশ্বাসে ৪,২২৬ টা ভোট লাভ কৰিছে । ইফালে জাকিৰ হুছেইন জংগীপুৰৰ পৰা নিৰ্বাচিত হৈছে আৰু আমিৰুল ইছলাম পশ্চিমবংগৰ চামচেৰগঞ্জ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে ।

জানিব পৰা মতে, বৃহস্পতিবাৰে মমতা বেনাৰ্জীসহ তিনিওগৰাকী বিধায়কে শপত গ্ৰহণ কৰিব । পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰৰ (West Bengal Governor Jagdeep Dhankhar) উপস্থিতিত শপত গ্ৰহণ কৰিব নৱ-নিৰ্বাচিত বিধায়ককেইগৰাকীয়ে ।

লগতে পঢ়ক :উচ্চতম ন্যায়ালয়ত লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ শুনানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.