ETV Bharat / bharat

কেন্দ্ৰ বনাম পশ্চিমবংগ চৰকাৰ: পুনৰ চমন জাৰী তিনিগৰাকী আইপিএছ বিষয়ালৈ

পুনৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পশ্চিম বংগৰ প্ৰশাসনক এক আলোচনাত মিলিত হ'বলৈ নিৰ্দেশ দিছে ৷ নিৰ্দেশনা অনুসৰি তিনি আইপিএছ বিষয়াক গৃহমন্ত্ৰালয়ত উপস্থিত হ'বলৈ জাৰী কৰা চমন সন্দৰ্ভত শুকুবাৰে 5.30 বজাত দিল্লীত এখন আলোচনাৰ আয়োজন কৰিছে গৃহ মন্ত্ৰণালয়ে ৷

author img

By

Published : Dec 18, 2020, 2:35 PM IST

Updated : Dec 18, 2020, 3:21 PM IST

west-bengal-govt-vs-centre-mha-summons-3-lps-officers-again
আইপিএছ বিষয়াৰ হস্তান্তৰৰ সন্দৰ্ভত নতুন নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ

নিউজ ডেস্ক, 18 ডিচেম্বৰ: পশ্চিম বংগৰ তিনি আইপিএছ বিষয়াক জাৰী কৰা চমন সন্দৰ্ভত পুনৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পশ্চিম বংগৰ প্ৰশাসনক এক আলোচনাত মিলিত হ'বলৈ নিৰ্দেশ দিছে ৷ নিৰ্দেশনা অনুসৰি শুকুৰবাৰে 5.30 বজাত দিল্লীত এখন আলোচনাৰ আয়োজন কৰিছে গৃহ মন্ত্ৰণালয়ে ৷

ইয়াৰ বিপৰীতে পশ্চিম বংগ চৰকাৰে এই আলোচনাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে বুলি এক সূত্ৰই জানিবলৈ দিছে ৷ জানিব পৰা মতে কোভিড-19 ৰ বৰ্তমানৰ পৰিস্থিতি বাবে এই আলোচনা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত কৰাৰ দাবী জনাইছে প্ৰশাসনে ৷ সূত্ৰটোৱে সদৰি কৰা অনুসৰি এই সময়লৈকে ভিডিঅ' কনফাৰেন্স সন্দৰ্ভত কোনো উত্তৰ দিয়া নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷

উল্লেখ্য যে, পশ্চিম বংগৰ তিনিগৰাকীকৈ আই পি এছ বিষয়াক গৃহমন্ত্ৰালয়ৰ কাৰ্যায়লত উপস্থিত হ'বলৈ দি জাৰী কৰা চমনৰ তীব্ৰ বিৰোধীতা কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে পশ্চিম বংগৰ চৰকাৰে ৷ পশ্চিম বংগৰ আৰক্ষী বিষয়াক সালসলনি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰই হস্তক্ষেপ কৰা বিষয়টো ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় চৰিত্ৰৰ ওপৰত কেন্দ্ৰৰ অত্যাচাৰ বুলি অভিহিত কৰিছিল অৰবিন্দ কেজৰিৱালে ৷ তদুপৰি এই তিনিগৰাকীকৈ আই পি এছ বিষয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ৷

  • This act is nothing but a deliberate attempt to encroach upon State’s jurisdiction & demoralize the serving officers in WB. This move, particularly before the elections is against the basic tenets of the federal structure. It's unconstitutional & completely unacceptable! (2/3)

    — Mamata Banerjee (@MamataOfficial) December 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

2021ৰ পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াকৈ পশ্চিম বংগ ভ্ৰমণ কৰা জে পি নাড্ডাৰ সুৰক্ষাৰ দায়িত্বত আছিল এই তিনিওগৰাকী আই পি এচ বিষয়া ৷ ভ্ৰমণকালতে নাড্ডাৰ কনভয়ত আক্ৰমণ চলাইছিল দুৰ্বৃত্তই ৷ এই ঘটনাৰ লগত সংগতি ৰাখিয়েই কৰ্তব্যত অবহেলাৰ অপৰাধত কেন্দ্ৰই বিষয়া কেইগৰাকীক চমন জাৰী কৰিছিল ৷

লগতে পঢ়ক:কৃষি আইন সাময়িকভাৱে স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ

Last Updated : Dec 18, 2020, 3:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.