ETV Bharat / bharat

তেলেগু ভাষাক পশ্চিমবংগৰ চৰকাৰী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত - west bengal news

মঙলবাৰে তেলেগু ভাষাক ৰাজ্যখনৰ চৰকাৰী ভাষা হিচাপে ঘোষণা ৷ মঙলবাৰে কেবিনেট সভাত এই ঘোষণা কৰে পশ্চিমবংগ চৰকাৰে ৷ লগতে তেলেগু সম্প্ৰদায়ক ভাষা-সংখ্যালঘু স্থিতি হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ ৰাজ্য চৰকাৰৰ ৷

West Bengal Govt. announces Telugu as official language
তেলেগু ভাষাক পশ্চিমবংগৰ চৰকাৰী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত
author img

By

Published : Dec 23, 2020, 9:47 AM IST

নেশ্যনেল ডেস্ক,23 ডিচেম্বৰ : পশ্চিমবংগৰ কেবিনেট সভাত মঙলবাৰে তেলেগু ভাষাক ৰাজ্যখনৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছে পশ্চিমবংগ চৰকাৰে ৷ ৰাজ্যখনৰ শিক্ষামন্ত্ৰী পাৰ্থ চেতাৰ্জীয়ে জনায় যে,তেলেগু সম্প্ৰদায়ৰ লোকসকলে দীৰ্ঘদিনৰ পৰাই এই দাবী সাব্যস্ত কৰি আহিছে ৷ বিধায়ক প্ৰদীপ সৰকাৰৰ নেতৃত্বত এটা দলে চৰকাৰক সাক্ষাৎ কৰে ৷ অৱশেষত চৰকাৰে খড়গপুৰৰ তেলেগু সম্প্ৰদায়ৰ লোকসকলৰ এই দাবী মানি লৈ তেলেগু ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰে ৷

ইয়াৰ পূৰ্বে বঙালী আৰু ইংৰাজী,নেপালী,উৰ্দু,চাওতালী,হিন্দী,উড়িয়া,পঞ্জাৱী,ৰাজবংশী,কমতাপুৰী,কুৰ্মালী আৰু কুৰুখ ভাষাক ৰাজ্যখনৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয় ৷ তাৰোপৰি,তেলেগু সম্প্ৰদায়ক ভাষা-সংখ্যালঘু স্থিতি হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷

লগতে পঢ়ক : সাংসদ সৌমিত্ৰ খানে তেওঁৰ পত্নী সুজাতা মণ্ডল খানলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.