ETV Bharat / bharat

Monsoon affects tourism industry : প্ৰকৃতিৰ ৰোষত হিমাচল, ধৰাশায়ী পৰ্যটন উদ্যোগ - Himachal Pradesh tourism industry damaged

বাৰিষাৰ আৰম্ভণিৰ পৰাই হিমাচলত প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বান আৰু ভূমিস্খলনৰ বাবে ৰাজ্যখনৰ বহু গুৰুত্বপূৰ্ণ পথ বন্ধ হৈ পৰিছে । পৰ্যটন উদ্যোগত প্ৰভাৱ পৰিছে ।

Monsoon affects tourism industry
প্ৰকৃতিৰ ৰোষত হিমাচল
author img

By

Published : Jul 30, 2023, 1:11 PM IST

নেশ্যনেল ডেস্ক,৩০ জুলাই : বাৰিষা অহাৰ লগে লগে দেশৰ বিভিন্ন ৰাজ্যত প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিশেষকৈ পাহাৰীয়া ৰাজ্যবোৰত ধাৰাসাৰ বৰষুণ, ভূমিস্খলনে কালৰূপ ধাৰণ কৰিছে । ক্ষতিৰ সন্মুখীন হোৱা ৰাজ্যসমূহৰ ভিতৰত উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আদি অন্যতম । এই সময়ছোৱাত প্ৰকৃতিৰ ৰম্যভূমি হিমাচললৈ পৰ্যটকৰ যথেষ্ট আগমন হয় । কিন্তু এইবাৰ প্ৰতিকূল বতৰে ৰাজ্যখনৰ পৰ্যটন উদ্যোগত ব্যাপক প্ৰভাৱ পেলোৱা দেখা গৈছে ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি হিমাচল প্ৰদেশত ২৪ জুনৰ পৰা এতিয়ালৈকে বাৰিষাৰ সময়ত ১৮৭ গৰাকী লোকৰ মৃত্যু হৈছে । তথ্য অনুসৰি এতিয়ালৈকে ৩৪ গৰাকী লোক সন্ধানহীন হৈছে আৰু ২১৫ গৰাকী লোক আহত হৈছে । ভূমিস্খলন, বানৰ ফলত ৭০২ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । লগতে ৰাজ্যখনত ৭১৬১ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ২৪১ খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতি হৈছে আৰু ২২১৮ টা গোশালাৰ ক্ষতি হৈছে ।

চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ৫৬২০.২২ কোটি টকাৰ লোকচান হৈছে । ৰাজ্যখনত ভূমিস্খলনৰ ৭২ টা ঘটনা পোহৰলৈ আহিছে । ইফালে ৩ টা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৬৫০ৰো অধিক পথ বন্ধ হৈ আছে ।

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে জনোৱা মতে যোৱা ৭৫ বছৰৰ ভিতৰত ৰাজ্যখনত প্ৰকৃতিয়ে আটাইতকৈ বেছি ভয়ংকৰ ৰূপ লৈছে । কেন্দ্ৰীয় চৰকাৰৰ পৰা সহযোগিতাৰো তেওঁ কামনা কৰিছে । ৰাজ্যখনে সন্মুখীন হোৱা ক্ষতিৰ পৰিমাণ ৮,০০০ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে ।

ইফালে ধাৰাসাৰ বৰষুণ আৰু বানৰ বাবে হিমাচল প্ৰদেশৰ পৰ্যটন উদ্যোগ ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে । ধৰ্মশালাৰ পৰা মেকল'ডগঞ্জলৈ ৰাষ্ট্ৰীয় ঘাইপথ কেইবা ঠাইতো গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে । পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ধৰ্মশালাত বৰষুণৰ ফলত ৬ কোটিতকৈও অধিক লোকচান হৈছে ।

ধৰ্মশালাৰ এগৰাকী ব্যৱসায়ীয়ে জনোৱা মতে বাৰিষা চলি আছে আৰু প্ৰায় ৯০ দিন সময় বাকী আছে । এই বছৰ বাৰিষা সঠিক সময়ত আৰম্ভ হৈছে যদিও পূৰ্বৰ বছৰবোৰৰ তুলনাত যথেষ্ট বৰষুণ হৈছে ।

ক'ভিডৰ বাবে যোৱা ৩ বছৰ পৰ্যটন উদ্যোগ ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে । আনহাতে এতিয়া যোগাযোগ ব্যৱস্থা ক্ষতি হোৱাৰ লগে লগে এই উদ্যোগৰ সৈতে জড়িত সকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । ধৰ্মশালাত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে । ধৰ্মশালা সংযোগী মূল পথবোৰ বন্ধ হোৱাৰ বাবে মূলত পৰ্যটক আহিব পৰা নাই আৰু যান বাহনৰ চলাচল বন্ধ হৈ পৰিছে । ফলস্বৰূপে পৰ্যটন উদ্যোগ ক্ষতিৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক :Importance of Northeast in India Japan relations : নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰত-জাপানৰ সম্পৰ্কত উত্তৰ-পূব গুৰুত্বপূৰ্ণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.