ETV Bharat / bharat

ভাৰতৰ পৰা ভৌগোলিক অঞ্চলসমূহ ঘূৰাই আনিম : নেপালৰ প্ৰধানমন্ত্ৰী - নেপালৰ প্ৰধানমন্ত্ৰীৰ ভাৰতৰ ওপৰত মন্তব্য

"মহাকালী নৈৰ পূৱে অৱস্থিত কালাপানী, লিম্পিয়াধুৰা, লিপুলেখ অঞ্চল তিনিটা চুগৌলী চুক্তি মৰ্মে নেপালৰ অন্তৰ্গত ৷ আমি এই তিনিওটা অঞ্চলকে ভাৰতৰ সৈতে কূটনৈতিক আলোচনাৰ পিছতেই ওভটাই আনিম ৷"- নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অ'লি ৷

We will get back territories from India: Nepal PM K P Sharma Oli
নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অ'লি
author img

By

Published : Jan 11, 2021, 10:27 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক,11 জানুৱাৰী: ভাৰত আৰু নেপাল সীমান্তত দ্বিপাক্ষিক সম্পৰ্কত স্বাভাৱিকতা উভটাই অনাৰ প্ৰয়াসৰ মাজতে ভাৰতৰ পৰা কালাপানি, লিম্পিয়াধুৰা, লিপুলেখ অঞ্চলক উভটাই আনিব বুলি মন্তব্য কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অ'লিয়ে ৷ অহা 14 জানুৱাৰীত নেপালৰ বৈদেশিক মন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনৈতিক নেতাসকল নতুন দিল্লী ভ্ৰমণলৈ অহাৰ পূৰ্বে দেওবাৰে উচ্চ সদনত এই মন্তব্য কৰে নেপালৰ প্ৰধানমন্ত্ৰীয়ে ৷

অ'লিয়ে কয়, "মহাকালী নৈৰ পূৱে অৱস্থিত কালাপানী, লিম্পিয়াধুৰা, লিপুলেখ অঞ্চলসমূহ চুগৌলী চুক্তি মৰ্মে নেপালৰ অন্তৰ্গত ৷ আমি এই তিনিওটা অঞ্চলকে ভাৰতৰ সৈতে কূটনৈতিক আলোচনাৰ পিছতেই ওভটাই আনিম ৷ " তেখেতে আৰু কয়, "আগন্তুক 14 জানুৱাৰীত নতুন দিল্লী ভ্ৰমণৰ বাবে আমাৰ বৈদেশিক মন্ত্ৰী যাব ৷ এই ভ্ৰমণকালতেই এই তিনিওটা অঞ্চল সামৰি প্ৰকাশ কৰা মানচিত্ৰৰ ওপৰত দিল্লীৰ সৈতে আলোচনা কৰিব বৈদেশিক মন্ত্ৰীয়ে ৷"

উল্লেখ্য যে, বিগত বৰ্ষত নেপালে এই মানচিত্ৰ প্ৰকাশ কৰাৰ পিছতেই নেপালৰ এই কাৰ্যক একপক্ষীয় আখ্যা দিছিল ভাৰতে ৷ নেপালৰ এই কাৰ্যই দুয়ো দেশৰ মাজত সীমান্ত সমস্যা আলোচনাৰ মাধ্যমেৰে সামাধানৰ ক্ষেত্ৰত বুজাবুজিক বিপৰ্যস্ত কৰা বুলিও মন্তব্য কৰিছিল ভাৰতে ৷

সীমান্ত সমস্যাৰ বাবে স্থবিৰ হৈ পৰা দ্বিপাক্ষিক আদান-প্ৰদানসমূহ 2020 বৰ্ষৰ শেষলৈ উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ দ্বাৰা পুনৰ আৰম্ভ কৰা হয় ৷ ভাৰতে সদায় হিমালয়ান ৰাষ্ট্ৰখনক নিজৰ শ্ৰেষ্ঠ বন্ধু আৰু উন্নয়নৰ সহযোগী হিচাপে গণ্য কৰি আহিছে ৷ বিগত বৰ্ষৰ নৱেম্বৰত ভাৰতৰ বৈদেশিক মন্ত্ৰী হৰ্ষবৰ্ধন শৃংলাৰ নেপাল ভ্ৰমণৰ উদ্দেশ্য আছিল দুয়ো দেশৰে দ্বিপাক্ষিক চুক্তিসমূহ পুনৰীক্ষণ কৰা ৷

লগতে পঢ়ক-ভাৰতৰ সৈতে আলোচনাত বহিবলৈ অমান্তি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.