ETV Bharat / bharat

Mamata Slams PM Modi : আমি বিজেপিক ভাৰত ত্যাগ কৰোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ; মমতা বেনাৰ্জী - Prime Minister Narendra Modi

"তেওঁলোকে কৈছে ভাৰত ত্যাগ কৰক । আমি ত্যাগ কৰাৰ প্ৰয়োজন নাই । মই এই দেশৰ । এইটো এটা আন্দোলন । তেওঁলোকে গান্ধীজীক পাহৰি গৈছে ।" স্বভাৱগত শৈলীৰে মমতাই কয় ।

Mamata Slams PM Modi
Mamata Slams PM Modi
author img

By

Published : Aug 9, 2023, 5:42 PM IST

নিউজ ডেস্ক, ৯ আগষ্ট : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে ঝাৰগ্ৰামৰ পৰা ভাৰত ত্যাগ আন্দোলনৰ বাৰ্ষিকীত বিজেপিক ভাৰত ত্যাগ কৰোৱাৰ ভাবুকি দিয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক সমালোচনা কৰি কোৱা 'ভাৰত ত্যাগ' বিষয়টোও মুখ্যমন্ত্ৰীগৰাকীয়ে এককভাৱে প্ৰত্যুত্তৰ দিয়ে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ 'ভাৰত ত্যাগ' শ্লোগান ব্যৱহাৰ কৰি বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক জন্মলগ্নৰে পৰাই আক্ৰমণ কৰি আহিছে । শেহতীয়া কেইদিনমানৰ পৰা তেওঁ এই বিষয়টোত অধিক সোচ্চাৰ হৈ আছে । "মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ কৰা বুলি কোৱাৰ দৰে বৰ্তমানৰ শ্লোগানটো হ'ব লাগে দুৰ্নীতি ভাৰত ত্যাগ কৰা, ৰাজবংশ ত্যাগ কৰা, ইণ্ডিয়াই ৰাজনীতি ত্যাগ কৰা । ইণ্ডিয়াই ত্যাগ কৰিলে দেশখন বাচিব আৰু আমাৰ দেশখন উন্নত হ'ব ।" ব্যঙ্গাত্মক সুৰত প্ৰধানমন্ত্ৰীয়ে কৈছিল ।

অৱশ্যে প্ৰধানমন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ মমতা বেনাৰ্জীয়ে ঝাৰগ্ৰাম মঞ্চৰ পৰা তেওঁৰ শ্লেষাত্মক বক্তব্যৰ ওপৰত তীব্ৰ সমালোচনা কৰে । "তেওঁলোকে কৈছে ভাৰত ত্যাগ কৰক । আমি ত্যাগ কৰাৰ প্ৰয়োজন নাই । মই এই দেশৰ । এইটো এটা আন্দোলন । তেওঁলোকে গান্ধীজীক পাহৰি গৈছে । গান্ধীজীয়ে কৈছিল ব্ৰিটিছে ভাৰত এৰি যাওক । এইটো তেওঁৰ সপোন আছিল । ব্ৰিটিছসকলক স্বাধীনতা সংগ্ৰামীসকলে ভাৰত এৰিবলৈ বাধ্য কৰিছিল । আমি স্বাধীনতা বিচাৰিছিলোঁ ।" মমতাই তেওঁৰ পৰম্পৰাগত শৈলীত কয় ।

ভাৰত ত্যাগ আন্দোলনৰ বাৰ্ষিকীত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে বিজেপিক কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰিবলৈও আহ্বান জনায় । "কেন্দ্ৰীয় বঞ্চনাৰ বিৰুদ্ধে আমাৰ আন্দোলন অব্যাহত থাকিব । মই কেন্দ্ৰীয় চৰকাৰক কৈছোঁ, বিজেপি দিল্লী এৰি যাওক । বিজেপিয়ে ভাৰত ত্যাগ কৰক । আপোনাৰ শাসনত থকাৰ কোনো অধিকাৰ নাই । কিয়নো আপুনি দলিতসকলক অত্যাচাৰ কৰিছে । এনকাউণ্টাৰত মানুহ নিহত হৈছে । মণিপুৰ জ্বলি আছে । কিন্তু কেন্দ্ৰ এতিয়াও নিৰ্বিকাৰ । সাম্প্ৰদায়িক সংঘৰ্ষৰ অভিযান্ত্ৰিকতাৰ দ্বাৰা দেশখন টুকুৰা-টুকুৰ কৰাটোৱে তেওঁলোকৰ চিন্তা ।"

মমতা বেনাৰ্জীয়ে ঝাৰগ্ৰামৰ তিনিদিনীয়া প্ৰশাসনিক ভ্ৰমণৰ সময়ত মণিপুৰ বিষয়ত বিজেপিক তীব্ৰ আক্ৰমণ কৰে । তেওঁ মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰক দোষী সাব্যস্ত কৰে আৰু সমগ্ৰ বিশ্বৰ লোকসকলক তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় । উল্লেখ্য, বুধবাৰে ভাৰত ত্যাগ আন্দোলনৰ বাৰ্ষিকীত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত তেওঁ বিজেপিক তীব্ৰ সমালোচনা কৰে । "মণিপুৰৰ জনজাতীয় লোকসকল সংকটৰ সন্মুখীন হৈছে ।

তেওঁলোকৰ দুৰ্দশাৰ কথা শুনিবলৈ কোনো নাই । দলিতসকলক ভাৰতত অত্যাচাৰ কৰা হয় আৰু কেন্দ্ৰ তথাপি অবিচলিত । ভাৰত ত্যাগ দিৱসৰ দিনা আমি প্ৰতিশ্ৰুতি দিছোঁ যে আমি বিজেপিক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰিম ।" মমতাই কয় । মমতাই পশ্চিমবংগত এজন অনা-শৈক্ষিক ব্যক্তিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ বাবে বংগৰ ৰাজ্যপাল ডঃ চিভি আনন্দ বসুৰ সিদ্ধান্তকো সমালোচনা কৰে ।

লগতে পঢ়ক :Rahul Gandhi in Lok Sabha : মণিপুৰৰ পৰা হাৰিয়ানাৰ সংঘাতলৈ...সদনত কি কি ক’লে ৰাহুল গান্ধীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.