ETV Bharat / bharat

SC on hate speech case : ঘৃণামূলক ভাষণ গোচৰত অতি স্পষ্ট উচ্চতম ন্যায়ালয়, সকলো পক্ষকে একেধৰণে চোৱা হ'ব - Hate speech case

নুহ-গুৰুগ্ৰাম সাম্প্ৰদায়িক হিংসা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা উচ্চতম ন্যায়ালয়ৰ । ঘৃণামূলক ভাষণৰ ক্ষেত্ৰত সকলো পক্ষকে একেধৰণে বিবেচনা কৰা হ'ব । কেৰালাত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আইইউএমএল) ৰেলীত ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগ আছিল ।

SC on hate speech case
ঘৃণামূলক ভাষণ গোচৰত অতি স্পষ্ট উচ্চতম ন্যায়ালয়
author img

By

Published : Aug 18, 2023, 7:55 PM IST

নেশ্যনেল ডেস্ক,১৮ আগষ্ট : ঘৃণামূলক ভাষণৰ সৈতে সম্পৰ্কিত বিষয় এটা শুনানীত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কয় যে আদালতে তেহচিন পুনাৱালাৰ নিৰ্দেশনা অনুসৰি কাম কৰিছে । উচ্চতম ন্যায়ালয়ে জোৰ দি কয় যে কেৰালাত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আইইউএমএল) ৰেলীত ঘৃণামূলক ভাষণ দিয়া হৈছিল বুলি এগৰাকী অধিবক্তাই কৰা দাবীত আদালত স্পষ্ট হৈছে । ঘৃণামূলক ভাষণৰ ক্ষেত্ৰত উভয় পক্ষক একেধৰণে গুৰুত্ব দিয়া হ'ব বুলিও আদালতে স্পষ্ট কৰি দিয়ে । ঘৃণামূলক ভাষণৰ সৈতে সম্পৰ্কিত এক গোচৰৰ শুনানিৰ সময়ত এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে ।

গোচৰটোৰ আৰম্ভণিতে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এছভিএন ভাট্টিক লৈ গঠিত এখন বিচাৰপীঠে কয় যে তেওঁলোকে তেহচিন পুনাৱালা ৰায় (২০১৮)ত গৃহীত নিৰ্দেশনাসমূহ অনুসৰি সকলো বিবেচনা কৰিব । কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি অতিৰিক্ত ছলিচিটৰ জেনেৰেল (এএছজি) কে এম নটৰাজৰ উপস্থিতিত লগতে আদালতে কয় যে ন্যায়ালয়ে আশা কৰে যে সকলো পক্ষ এই ক্ষেত্ৰত সহমত প্ৰদৰ্শন কৰিব ।

ঘৃণামূলক ভাষণ সন্দৰ্ভত এগৰাকী অধিবক্তাই কৈছিল যে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ দ্বাৰা এক সমদল অনুষ্ঠিত হৈছিল । য'ত "হিন্দুসকলৰ মৃত্যু" বুলি শ্ল'গান দিয়া হৈছিল । ন্যায়াধীশ খান্নাই কয় যে আদালত অতি স্পষ্ট যে সেয়া যি পক্ষই নহওঁক তেওঁলোক উভয়ৰে ক্ষেত্ৰত একে ধৰণে পদক্ষেপ ল'ব । যদি কোনোৱে ঘৃণামূলক ভাষণ প্ৰদান কৰে তেন্তে তেওঁলোক আইন অনুসৰি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব । এই সন্দৰ্ভত আদালতে ইতিমধ্যে মতামত প্ৰকাশ কৰিছে । সেয়ে তাৰ পুনৰাবৃত্তি কৰিব লাগিব বুলি আদালতে নাভাবে ।

অধিবক্তা নিজাম পাশাই কয় যে তেওঁ আশা কৰে ইয়াত কোনো পক্ষ নাই আৰু সকলোৱে একেটা পক্ষত আছে । ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ ৰেলীত ঘৃণামূলক ভাষণৰ দাবী কৰা অধিবক্তাই কয় যে পাশাই শীৰ্ষ আদালতৰ সন্মুখত সম্পূৰ্ণ তথ্য প্ৰকাশ কৰা নাই । অৱশ্যে আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানি শুকুৰবাৰে নিৰ্ধাৰণ কৰিছে ।

উল্লেখ্য যে হাৰিয়ানাত নুহ-গুৰুগ্ৰাম সাম্প্ৰদায়িক হিংসাৰ পাছত মুছলমানসকলক বৰ্জন কৰাৰ বাবে কেইবাটাও গ্ৰুপে কৰা আহ্বানৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে শীৰ্ষ ন্যায়ালয়ে এক আবেদনৰ শুনানি গ্ৰহণ কৰে । এই আবেদনখন সাংবাদিক শ্বাহিন আব্দুল্লাই দাখিল কৰে । যাক অধিবক্তা পাশাই প্ৰতিনিধিত্ব কৰে । ১১ আগষ্টত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক ঘৃণামূলক ভাষণৰ গোচৰসমূহৰ ওপৰত এখন সমিতি গঠন কৰিবলৈ কৈছিল । লগতে কৈছিল যে সম্প্ৰদায়সমূহৰ মাজত সম্প্ৰীতি আৰু সম্পৰ্ক থাকিব লাগিব আৰু সকলো সম্প্ৰদায় দায়বদ্ধ আৰু কোনেও ঘৃণামূলক ভাষণ গ্ৰহণ কৰিব নোৱাৰে ।

শীৰ্ষ আদালতে কেন্দ্ৰৰ পৰামৰ্শদাতাক নিৰ্দেশনা বিচাৰিবলৈ আৰু ১৮ আগষ্টৰ ভিতৰত সমিতিৰ বিষয়ে অৱগত কৰিবলৈ কৈছিল । বিচাৰপীঠে উল্লেখ কৰে যে আদালতলৈ অহাটো কোনো সমাধান নহয় । আনহাতে 'ঘৃণামূলক ভাষণ'ৰ সমস্যাৰ মোকাবিলা কৰাৰ বাবে এক ইন-বিল্ট মেকানিজমৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক :Children fall ill after eating chaat and chowmein : চাট আৰু চাউমিন খাই অসুস্থ ২৪ গৰাকী শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.