ETV Bharat / bharat

Panchayat Election Violence in WB : দিনাজপুৰত মনোনয়ন দাখিলৰ সময়ত চিপিআইএম কৰ্মীক গুলীয়াই হত্যা

author img

By

Published : Jun 15, 2023, 7:14 PM IST

অভিযোগ অনুসৰি, চোপ্ৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ আগবঢ়াৰ সময়তে তৃণমূল সমৰ্থিত দুৰ্বৃত্তই কান্তলবাৰী অঞ্চলত চিপিআইএম আৰু কংগ্ৰেছ নেতা তথা প্ৰাৰ্থীসকলৰ ওপৰত আক্ৰমণ চলায় । উক্ত ঘটনাত মুঠ ১২ জন লোক আঘাতপ্ৰাপ্ত হয় । তাৰে মাজৰ এজনৰ মৃত্যু হয় ।

Panchayat Election Violence in WB
Panchayat Election Violence in WB

নিউজ ডেস্ক, ১৫ জুন : পশ্চিমবংগত চলি আছে পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়া । বৃহস্পতিবাৰে আছিল মনোনয়ন-পত্ৰ দাখিলৰ অন্তিমটো দিন । বংগৰ পঞ্চায়ত নিৰ্বাচন, ২০২৩-ৰ বাবে মনোনয়ন দাখিলৰ অন্তিমটো দিনত ৰক্তক্ষয়ী হিংসাৰ সৃষ্টি হয় । ভাংগাৰ আৰু কেনিঙত বিস্তৰ ধ্বংসযজ্ঞৰ পিছত বৃহস্পতিবাৰে উত্তৰ দিনাজপুৰৰ চোপ্ৰাত এক আতংকময় পৰিস্থিতিক সৃষ্টি হয় । প্ৰাপ্ত তথ্য মতে, নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজতে এজন চিপিআইএম কৰ্মীক গুলীয়াই হত্যা কৰা হয় । লগতে আন কেইবাজনো লোক আহত হয় । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য, বাঁওপন্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিলৰ অন্তিমটো দিনত মনোনয়ন-পত্ৰ দাখিল কৰিবলৈ চোপ্ৰা বিডিঅ' কাৰ্যালয়লৈ এক সমদল উলিয়ায় ।

অভিযোগ অনুসৰি, উক্ত সমদলতে গুলীচালনাৰ ঘটনা সংঘটিত হয় । তৃণমূলৰ পৃষ্ঠপোষকতাতে দুৰ্বৃত্তই গুলী চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাটোত কেইবাজনো লোক গুলীবিদ্ধ হয় । আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি ইছলামপুৰ উপ-জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অৱশ্যে তাৰে মাজৰ এজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আনহাতে, আন কেইবাজনো লোকৰ অৱস্থা সংকটজনক । বিডিঅ' কাৰ্যালয়ৰ পৰা কেইকিলোমিটাৰ দূৰৈত এই গুলীচালনাৰ ঘটনাটো সংঘটিত হয় । শাসকীয় দলটোৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে ।

আনহাতে, এই ঘটনাৰ বাতৰি লাভ কৰাৰ পিছতে চোপ্ৰা আৰক্ষী থানাৰ এটা বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয় । বাঁওপন্থী আৰু কংগ্ৰেছ নেতৃত্বই দাবী কৰে যে এই আক্ৰমণটো আছিল পূৰ্ব পৰিকল্পিত । অৱশ্যে ঘটনা সন্দৰ্ভত শাসকীয় দলটোৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই । এই প্ৰতিবেদন লিখাৰ সময়লৈকে বাঁওপন্থী আৰু কংগ্ৰেছ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰা নাই ।

অভিযোগ অনুসৰি, চোপ্ৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ আগবঢ়াৰ সময়তে তৃণমূল সমৰ্থিত দুৰ্বৃত্তই কান্তলবাৰী অঞ্চলত চিপিএম আৰু কংগ্ৰেছ নেতা তথা প্ৰাৰ্থীসকলৰ ওপৰত আক্ৰমণ চলায় । এইটোও অভিযোগ কৰা হৈছে যে তেওঁলোকক লাঠিৰেও প্ৰহাৰ কৰা হৈছিল আৰু তেওঁলোকৰ সমদলত বোমা নিক্ষেপ কৰাও হৈছিল । প্ৰাপ্ত খবৰ অনুযায়ী, মুঠ ১২ জন লোকৰ ওপৰত গুলীচালনা কৰা হয় । তেওঁলোকৰ ভিতৰত এজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । মৃতকৰ নাম মনচুৰ আলী আৰু তেওঁ অঞ্চলটোত এজন চিপিএম কৰ্মী হিচাপে জনাজাত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.