নিউজ ডেস্ক,24এপ্ৰিল : আজি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ 48 সংখ্যক জন্মদিন ৷ ক'ভিড-১৯ত আক্ৰান্ত হৈ ছয় দিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পাচত সুস্থ হৈ উঠা ভাৰতৰ প্ৰাক্তন ক্ৰিকেতাৰ তথা আইকন গৰাকীৰ জন্মদিনত আজি অলেখ শুভাকাংক্ষীয়ে জনাইছে জন্মদিনৰ শুভকামনা ৷
প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ জন্মদিনৰ দিনটোত প্ৰাক্তন পেচ বলাৰ ভেঙ্কটেশ প্ৰসাদেও টুইটাৰৰ জৰিয়তে জনায় জন্মদিনৰ শুভকামনা ৷ পেচ বলাৰ গৰাকীয়ে কিংবদন্তি গৰাকীৰ সৈতে ভাগ বতৰা কৰা কিছুমান গৌৰৱময় মুহূৰ্তৰ ফটো পোষ্ট কৰি টুইটাৰত সঁচা হৈছে সত্য, সঁচা হৈছে জীৱন, সঁচা হৈছে উত্তৰ, সঁচাই এইটো বুলি পোষ্ট কৰে । বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন গৰাকীক আটাইতকৈ নম্ৰ আৰু অবিশ্বাস্য মানুহ বুলি মন্তব্য কৰি টুইটাৰত @sachin_rt #HappyBirthdaySachin বুলি উল্লেখ কৰি জন্মদিনৰ শুভেচ্ছা জনায় ৷
উল্লেখ্য যে, ১৯৭৩ চনৰ ২৪ এপ্ৰিলত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰ গৰাকীয়ে ১০০ টা আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰি অভিলেখ গঢ়িছিল ৷ ৪৯ খন এদিনীয়া আন্তৰ্জাতিক আৰু ৫১ খন টেষ্টত শতকেৰে এইগৰাকী ক্ৰিকেটাৰে সৰ্বোচ্চ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাকে ধৰি ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তাৰেপৰি দেশৰ লেখত লবলগীয়া চাৰিগৰাকী ক্ৰিকেটাৰৰ ভিতৰতে প্ৰথম স্থান দখল কৰি আহিছে এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে । শচীন তেণ্ডুলকাৰৰ লগতে শীৰ্ষত থকা আন তিনি গৰাকী ক্ৰিকেটাৰ হৈছে মহেন্দ্ৰ সিং ধোনী (২০০৭/০৮), বৰ্তমানৰ ভাৰতৰ অধিনায়ক বিৰাট কোহলী (২০১৮) আৰু ৰোহিত শৰ্মা (২০২০)।
অন্য এক খবৰৰ বাবে: ক’ভিডৰ সুযোগ লৈ নগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি
ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে 2013 চনত লাভ কৰিছিল ভাৰত ৰত্ন ৷ তেণ্ডুলকাৰ আছিল ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰা একমাত্ৰ প্ৰাপক ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ গ্ৰহণ কৰাৰ পাচতে ক্ৰিকেটাৰ গৰাকীয়ে লাভ কৰিছিল এই সন্মান ৷
শেহতীয়াকৈ সমগ্ৰ দেশতে সন্ত্ৰাস সৃষ্টি কৰা ক'ভিড 19ত আক্ৰান্ত হৈছিল ক্ৰিকেটাৰ গৰাকী ৷ মাৰ্চ মাহৰ শেষৰ ভাগত ক'ভিড-১৯ৰ পৰীক্ষাত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰাৰ পাছতে তৎকালেই সতৰ্কতামূলক ব্যৱস্থা হিচাপে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি হৈছিল তেণ্ডুলকাৰ আৰু যোৱা ৮ এপ্ৰিলত ভাৰতৰ এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে আৰোগ্য হৈ ঘৰলৈ উভতি আহিছিল ।
ক্ৰিকেটাৰ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ পাচতে সকলো শুভাকাংক্ষীলৈ ৮ এপ্ৰিলত টুইটাৰযোগে এইদৰে লিখিছিল, মই এইমাত্ৰ চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিছো ৷ মই বিশ্ৰাম আৰু আৰোগ্য হৈ থকাৰ সময়ত অকলশৰীয়া হৈ থাকিম । শুভকামনা আৰু প্ৰাৰ্থনাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছো । মই সচাকৈয়ে প্ৰশংসা কৰো, মোৰ সেই চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলক ৷ তেওঁলোকৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম ৷ যি সকলে মোৰ বহু যত্ন লৈছিল ৷ তদুপৰি এনে কঠিন পৰিস্থিতিত এবছৰ ধৰি তেওঁলোকে অক্লান্ত পৰিশ্ৰম কৰি আহিছে ৷
দেশৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ জন্মদিনত আন এজন অনুৰাগীয়ে টুইটাৰযোগে "ক্ৰিকেটৰ ঈশ্বৰখ্যাত ব্যক্তি গৰাকীক জনালো জন্মদিনৰ শুভেচ্ছা । ক্ৰিকেটৰ দ্বাৰা বিখ্যাত হোৱা বহুতো আছে; কিন্তু এনে এজন মানুহ আছে যিয়ে ক্ৰিকেটক বিখ্যাত কৰি তুলিছিল । ব্যক্তি গৰাকীয়ে #SachinTendulkar" লিখি এনেদৰে জন্মদিনৰ শুভেচ্ছা জনায় ৷
অন্য এক খবৰৰ বাবে: বিশাখাপট্টনমত নৌসেনাৰ বাইক ৰেলীৰ সফল সামৰণি