ETV Bharat / bharat

ভাৰতক নৱবৰ্ষৰ বিশেষ শুভেচ্ছা ভ্লাদিমিৰ পুটিনৰ

author img

By ANI

Published : Dec 31, 2023, 12:11 PM IST

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নৱবৰ্ষৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে (Putin new year message)। দুয়োখন দেশৰ মাজৰ বৰ্ধিত সম্পৰ্কৰ বিষয়েও উল্লেখ কৰে পুটিনে । ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ প্ৰশংসা ।

Putin new year message
ভাৰতক নৱবৰ্ষৰ বিশেষ শুভেচ্ছা ভ্লাদিমিৰ পুটিনৰ

নেশ্যনেল ডেস্ক,৩১ ডিচেম্বৰ : নৱবৰ্ষৰ শুভেচ্ছা জনাই ভাৰতৰ প্ৰশংসাত পঞ্চমুখ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে শনিবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তেওঁৰ নৱবৰ্ষৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে । লগতে তেওঁ উল্লেখ কৰে যে বিশ্বৰ কঠিন আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ স্বত্বেও দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী হৈ আছে ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে বিদায়ী বৰ্ষত কিছুমান গুৰুত্বপূৰ্ণ উন্নয়ন আৰু ভাৰত-ৰাছিয়া দ্বিপাক্ষিক সহযোগিতাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰে । শুভেচ্ছা বাৰ্তাত তেওঁ উল্লেখ কৰে যে বিদায়ী বৰ্ষত বাণিজ্য এক ব্যতিক্ৰমী উচ্চ হাৰত বৃদ্ধি পাইছে আৰু বিভিন্ন ক্ষেত্ৰত যুটীয়া প্ৰকল্পসমূহ সফলতাৰে ৰূপায়ণ কৰা হৈছে ।

তেওঁ লগতে বহুমুখী দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলা আৰু আঞ্চলিক আৰু গোলকীয় পৰ্যায়ত নিৰাপত্তা আৰু স্থিৰতা শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ সমন্বয়ৰ বাবে দুয়োখন দেশৰ মাজত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ভ্লাদিমিৰ পুটিনে ছাংহাই সহযোগিতা সংস্থা আৰু জি-২০ৰ ভাৰতৰ সভাপতিত্বৰ ফলাফলৰ প্ৰশংসা কৰে আৰু মস্কো আৰু নতুন দিল্লীয়ে বহুমুখী দ্বিপাক্ষিক সম্পৰ্ক বিকশিত কৰি থাকিব আৰু আঞ্চলিক আৰু গোলকীয় পৰ্যায়ত নিৰাপত্তা আৰু স্থিৰতা শক্তিশালী কৰাৰ প্ৰচেষ্টাক কাৰ্যকৰীভাৱে সমন্বয় কৰি থাকিব বুলি তেওঁৰ দৃঢ় বিশ্বাসী ।

তদুপৰি, ভ্লাদিমিৰ পুটিনে বেলাৰুছ, তাজিকিস্তান, আজাৰবাইজান, উজবেকিস্তান, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, তুৰস্ক আৰু আন বহুতো বিদেশী ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীক বৰদিন আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ।

২৮ ডিচেম্বৰত পুটিনে মস্কোলৈ আনুষ্ঠানিক ভ্ৰমণত থকা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰকো সাক্ষাৎ কৰে । বৈঠকত পুটিনে ইউক্ৰেইনৰ পৰিস্থিতিকে ধৰি জটিল গোলকীয় উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ইতিবাচক স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে বিশ্বব্যাপী অস্থিৰতাৰ মাজত ৰাছিয়া আৰু ভাৰতৰ মাজত অগ্ৰগতিশীল সম্পৰ্কৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । পুটিনে কয় যে তেওঁ আনন্দিত যে বিশ্বজুৰি সংঘটিত হোৱা সকলো অস্থিৰতা স্বত্বেও এছিয়াত তেওঁলোকৰ প্ৰকৃত বন্ধুৰ (ভাৰত) সৈতে সম্পৰ্ক ক্ৰমান্বয়ে আগবাঢ়ি আহিছে ।

লগতে পঢ়ক :ৰাছিয়াৰ বেলগোৰোডত ইউক্ৰেইনৰ গোলাবৰ্ষণত ২ শিশুসহ ১৮ জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.