নিউজ ডেস্ক, 12 জুন: যদি আপুনি সস্তাতে ভাল ডিজাইন আৰু শক্তিশালী কেমেৰাৰ ফোন এটা কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ । ভাৰতত বিগত বছৰ মুকলি হোৱা Vivo Y35 স্মাৰ্টফোনৰ মূল্য হ্ৰাস কৰিলে Vivoয়ে ।
এই মিড ৰেঞ্জ স্মাৰ্টফোনটোৰ ডিজাইন চিকচিকিয়া আৰু ইয়াত কোৱালকম প্ৰচেছৰো অন্তৰ্ভুক্ত আছে । Vivo Y35ত আছে 50MP প্ৰাইমেৰী কেমেৰা । স্মাৰ্টফোনটোত 44W ফাষ্ট চাৰ্জিঙৰো সুবিধা আছে । স্মাৰ্টফোনৰ বিষয়ে অধিক বিশদভাৱে জানো আহক-
Vivo Y35ৰ নতুন মূল্য আৰু অফাৰ
ভিভ’ই ভাৰতত ১৭,৯৯৯ টকাত মুকলি কৰিলে Vivo Y35, এতিয়া এই স্মাৰ্টফোনৰ মূল্য ৫০০ টকা কৰ্তন কৰা হৈছে । গ্ৰাহকে এতিয়া ১৬,৪৯৯ টকাত Vivo Y35 ক্ৰয় কৰিব পাৰিব । স্মাৰ্টফোনটো এগেট ব্লেক আৰু ডন গোল্ড ৰঙৰ বিকল্পত ক্ৰয় কৰিব পাৰিব ।
ইয়াৰ লগতে স্মাৰ্টফোন নিৰ্মাতা কোম্পানীটোৱে ভিভ’ ৱাই৩৫ ক্ৰয় কৰিলে ১০০০ টকাৰ কেছবেক অফাৰো আগবঢ়াইছে । গ্ৰাহকে আইচিআইচিআই, এছবিআই, য়েছ বেংক, ফেডাৰেল বেংক, এ ইউ স্মল ফাইনেন্স আৰু আইডিএফচি ফাৰ্ষ্ট বেংক ব্যৱহাৰ কৰিও ১০০০ টকা পৰ্যন্ত অতিৰিক্ত কেছবেক লাভ কৰিব পাৰিব । গ্ৰাহকে স্মাৰ্টফোনৰ লগতে ভি-শ্বিল্ড প্ৰটেকচন প্লেনৰ দৰে অন্যান্য সুবিধাও লাভ কৰিব পাৰিব ।
Vivo Y35ৰ বৈশিষ্ট্যসমূহ
Vivo Y35 ত 6.58 ইঞ্চি FHD+ ডিছপ্লে আছে যাৰ ৰিজ’লিউচন 1080 x 2408 পিক্সেল । ডিছপ্লেটোৱে মসৃণ ৯০ হাৰ্টজ ৰিফ্ৰেছ ৰেট আৰু ৫০০ নিট উজ্জ্বলতাও প্ৰদান কৰে । ভিভ’ ৱাই৩৫ত অক্টা কোৰ কোৱালকম স্নেপড্ৰেগন ৬৮০ চিপছেট আছে, য’ত ৮ জিবি ৰেম আছে । স্মাৰ্টফোনটোত ১২৮ জিবি ইণ্টাৰনেল ষ্ট’ৰেজ আছে যিটো মাইক্ৰ’এছডি কাৰ্ড যোগ কৰি আৰু অধিক সম্প্ৰসাৰিত কৰিব পাৰি ।
Vivo Y35ৰ অন্য সুবিধাসমূহ
Vivo Y35ত ট্ৰিপল ৰেয়াৰ কেমেৰা ছেটআপ আছে য’ত আছে 50MP মেইন চেন্সৰ, 2MP ডেপথ চেন্সৰ, আৰু 2MP নেন’চেন্সৰ । ছেলফি আৰু ভিডিঅ’ চেটৰ বাবে ডিভাইচটোৰ সন্মুখত ১৬এমপি চেলফি কেমেৰা আছে । স্মাৰ্টফোনটোত 5000mAh বেটাৰী পেক কৰা হৈছে যিয়ে 44W FlashCharge প্ৰযুক্তি সমৰ্থন কৰে । ভিভ’ ৱাই৩৫ত ৱাই-ফাই ২.৪গিগাহাৰ্টজ/৫গিগাহাৰ্টজ, ব্লুটুথ ৫.০, এটা ইউএছবি টাইপ-চি প’ৰ্ট, আৰু জিপিএছকে ধৰি বিভিন্ন সংযোগ বিকল্প উপলব্ধ ।
লগতে পঢ়ক: Instagramতো উপলব্ধ হ’ব নেকি AI Chatbot ? ব্যৱহাৰকাৰীৰ বাবে অতি শীঘ্ৰেই আহিব নতুন বৈশিষ্ট্য