স্পৰ্টছ ডেস্ক,৯ ডিচেম্বৰ: তামিলনাডুৰ কুন্নুৰৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছে । যি দুৰ্ঘটনাত ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (CDS) জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ লগতে ১১ গৰাকী লোকৰ মৃত্যু হৈছে (13 died in chopper crash at Coonoor)। এই ঘটনাই দেশবাসীক শোকস্তব্ধ কৰিছে । বিভিন্ন ক্ষেত্ৰৰ লোকসকলে সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰা দেখা গৈছে ।
ভাৰতৰ ক্ৰিকেট জগতৰ কেইবাগৰাকী তাৰকা আৰু খেলুৱৈয়ে ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে (Cricketer expressed grief over the Coonoor incident) । ভাৰতীয় টেষ্ট দলৰ অধিনায়ক বিৰাট কোহলী আৰু ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰে জেনেৰেল বিপিন ৰাৱাট আৰু বাকীসকলৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰে । টুইটযোগে বিৰাট কোহলীয়ে শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ পৰিয়াল আৰু আত্মীয়ৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ।
আনহাতে তাৰকা শচীন তেণ্ডুলকাৰেও সামাজিক মাধ্যমত লিখিছে যে দেশৰ বাবে জেনেৰেল বিপিন ৰাৱাটৰ অৱদানে সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰে । কিন্তু এই দিনটো সমগ্ৰ দেশ লগতে প্ৰতিৰক্ষা বাহিনীৰ বাবে অতি দুখৰ দিন বুলি অভিহিত কৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে । মৰ্মান্তিক ঘটনাত নিহত সকলোৰে আত্মাৰ সদগতিৰ বাবেও প্ৰাৰ্থনা কৰে শচীন তেণ্ডুলকাৰে ।
ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাইও ঘটনাক লৈ শোক প্ৰকাশ কৰে । জাদেজাই উল্লেখ কৰিছে যে চিডিএছ বিপিন ৰাৱাটৰ মৃত্যু দেশৰ বাবে এক বৃহৎ ক্ষতি । নিহত সকলোৰে আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে এই দুৰ্ঘটনাত আহত জিপি কেপ্টেইন বৰুণ সিঙৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনাইছে খেলুৱৈ গৰাকীয়ে ।
ভাৰতীয় বলাৰ ইশান্ত শৰ্মাইও টুইটযোগে শোক প্ৰকাশ কৰে । জেনেৰল ৰাৱাট লগতে তেওঁৰ পত্নী আৰু প্ৰতিৰক্ষা বাহিনীৰ কৰ্মীসকলৰ মৃত্যুৰ খবৰে তেওঁক যথেষ্ট পৰিমাণে আঘাত দিছে বুলিও উল্লেখ কৰে ইশান্ত শৰ্মাই ।
লগতে পঢ়ক :RIP Gen Bipin Rawat : চীফ অৱ ডিফেন্স ষ্টাফৰ মৃত্যুত শোকস্তব্ধ বলীউড