ETV Bharat / bharat

ক'ভিডৰ কৰাল গ্ৰাসত ভাৰতৰ গাঁওসমূহ - Villages under the serpent

সমগ্ৰ বিশ্বতে এতিয়া বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ যোৱা বছৰৰ ক'ভিড আক্ৰান্ত সংখ্যাতকৈ চলিত বৰ্ষত অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত ৷ বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি,দেশৰ গ্ৰাম্যাঞ্চলত ক'ভিড আক্ৰান্তৰ সংখ্যা চহৰ অঞ্চলতকৈ সৰ্বাধিক ৷

ক'ভিডৰ কৰাল গ্ৰাসত ভাৰতৰ গাঁওসমূহ
ক'ভিডৰ কৰাল গ্ৰাসত ভাৰতৰ গাঁওসমূহ
author img

By

Published : May 22, 2021, 5:39 PM IST

ভাৰতবৰ্ষৰ যি সমূহ গাঁৱত ৬৫ শতাংশ লোকে বসবাস কৰে, সেই গাঁও সমূহত এতিয়া ক'ভিড ১৯ ৰ এক বিপদ সংকুল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ যোৱা বছৰ যেতিয়া ক'ভিডৰ প্ৰথম সংক্ৰমণ আৰম্ভ হৈছিল, তাৰ প্ৰায় পাঁচ মাহ পাছতহে গাঁও সমূহত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখিবলৈ পোৱা গৈছিল ।

কিন্তু চলিত বৰ্ষৰ দেশৰ প্ৰায় ৪৯০ খন জিলাত ক'ভিডৰ সংক্রমণ দেখা গৈছে য'ত, দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় দহ শতাংশতকৈ অধিকাংশই এই ৰোগত আক্ৰান্ত হৈছে ৷ আমি যদি মাৰ্চ মাহৰ পৰিসংখ্যা লক্ষ্য কৰো তেন্তে দেখিবলৈ পাও যে, ৩৬.০৮ শতাংশ গাঁৱেই এতিয়া ক'ভিড ভাইৰাছৰ কৱলত পৰিছে। এপ্ৰিল মাহলৈকে এই সংখ্যা ৪৫.৫ শতাংশলৈ বৃদ্ধি পাইছে, য'ত গাঁৱৰ সংখ্যা ৪৮.৫ শতাংশ ।

বাতৰি কাকতৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, দেশৰ গ্ৰাম্যাঞ্চলত ক'ভিড আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি পাইছে আৰু ই নগৰীয়া বা চহৰ অঞ্চলতকৈ বেছি । যোৱা মাহৰ পৰিসংখ্যাই ইতিমধ্যে স্পষ্ট কৰিছে যে, চহৰতকৈ গ্ৰাম্যাঞ্চলত সংক্ৰমণৰ সংখ্যা ৪৪ শতাংশকৈ বৃদ্ধি পাইছে । ইতিমধ্যে ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহলৈ কিছু নিৰ্দেশ দিছে ৷

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহক নিৰ্দেশ দিছে যে, গাঁও অঞ্চলত বা আদিবাসী আৰু জনজাতি অধ্যুষিত অঞ্চল সমূহত মানুহৰ শৰীৰত ক'ভিডৰ চিন বা লক্ষণে দেখা দিলে তাৎক্ষণিক ভাৱে চিকিৎসা সেৱা প্ৰদান কৰিব লাগিব ।

আনকি চহৰ অঞ্চলসমূহত চিকিৎসা সেৱাৰ দুই তৃতীয়াংশ উপলব্ধ কৰিব লাগিব, য'ত স্বাস্থ্য সেৱাৰ পৰিকাঠামো ভাগি পৰাৰ দৰে অৱস্থা হৈ পৰিছে । এই ক্ষেত্ৰত চৰকাৰৰ উচিত কৰণীয় আছিল যে, যাৱতীয় সকলো ব্যৱস্থা তাৎক্ষণিক ভাৱে গ্ৰহণ কৰি ক'ভিডৰ সংক্ৰমণ গাঁও অঞ্চললৈ বিয়পাত বাধা দিয়া । কিন্তু বাস্তৱৰ পৰা আতৰি আহি চৰকাৰে এতিয়া কমিউনিটি চিকিৎসা বিষয়া বা এ এন এম সমূহক ৰেপিড এন্টিজেন টেষ্ট আৰু আন-আন পৰীক্ষাৰ বিষয়ে প্ৰশিক্ষণ দি ক'ভিড পজিটিভ চিনাক্ত কৰণতহে গুৰুত্ব দিছে ।

এইয়া যথেষ্ট গুৰুত্ব সহকাৰে ভাবিব লগীয়া বিষয় যে, জিলা প্ৰশাসনে এতিয়াও উত্তৰাখণ্ডৰ লেবেৰহাৰীৰ দৰে গাঁৱত কেনেকৈ ইমান সংক্ৰমণ হ'ল, তাৰ কাৰণ বিচাৰি উলিয়াব পৰা নাই । যিখন গাঁৱত এমাহৰ ভিতৰতে ৩০ জন লোকৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল ।

আমাৰ দেশৰ গাঁও সমূহত এতিয়াও সাধাৰণ চিকিৎসা সেৱা উপলব্ধ নহয়। এনে পৰিস্থিতিত এইয়া পৰিতাপৰ বিষয় যে, কেন্দ্ৰীয় চৰকাৰে মাথো কিছু নিৰ্দেশনাৱলী দিয়েই নিজৰ দায়িত্ব সামৰিছে ।

পঞ্চায়তী ৰাজ দিৱসৰ দিনা এখন সভা উদ্ধোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে, 'মই নিশ্চিত যে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যদি কোনোবাই যুদ্ধ কৰি জিকিব পাৰে, সেইয়া হৈছে আমাৰ গাঁওসমূহ' । এইয়া দুখজনক যে, যি সময়ত কৰ'ণা ভাইৰাছে মৃত্যুৰ এক উলংগ নৃত্য কৰি আছে, সেই সময়তে আমাৰ নেতা সকলে গাঁও সমূহ তথা গাঁৱৰ বাসিন্দা সকলক সুৰক্ষিত কৰাৰ কথা নাভাবি কেৱল কথাৰ ফুলজাৰি মাৰি সময় অতিবাহিত কৰি আছে ।

বৰ্তমান মধ্যপ্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰ নিচিনা ৰাজ্য সমূহত ক'ভিড পৰিস্থিতি খুবেই ভয়াবহ আৰু উদ্বেগজনক । কেন্দ্ৰীয় চৰকাৰে কিছুদিন পূৰ্বে ঘোষণা কৰিছে যে, স্বাস্থ্য কেন্দ্ৰ, উপস্বাস্থ্য কেন্দ্ৰ আদিয়ে অতি ভয়াৱহ পৰিস্থিতিৰ অৱস্থাৰ সন্মুখীন হৈছে আৰু আচৰিত ভাৱে এতিয়া আকৌ সেই কেন্দ্ৰীয় চৰকাৰেই গ্ৰাম্য চিকিৎসালয় আৰু উপস্বাস্থ্য স্বাস্থ্য কেন্দ্ৰ সমূহক লগত লৈ ক'ভিডৰ বিৰুদ্ধে যুঁজ খনত জয়ী হোৱাৰ কথা কৈছে ।

এখন উপস্বাস্থ্য কেন্দ্ৰৰ অধীনত ৪ খন গাঁও থাকে । ঠিক তেনেদৰে ২৭ খন গাঁৱৰ মাজত থাকে এখন চিকিৎসালয় আৰু কমিউনিটি স্বাস্থ্যকেন্দ্ৰই সামৰি লয় ১২৭ খনকৈ গাঁও । এই কেন্দ্ৰ সমূহত বৰ্তমান কমেও ৮০,৬০০ টা পদ খালী হৈ আছে ।

যি সময়ত চহৰত অৱস্থিত চিকিৎসালয় সমূহেও ক'ভিডৰ বিৰুদ্ধে যুঁজত পৰাজয় বৰণ কৰিছে, সেই সময়তে সামান্য সুবিধা নথকা গ্ৰাম্য চিকিৎসা কেন্দ্ৰ সমূহে ক'ভিডৰ বিৰুদ্ধে যুঁজত সফল হোৱাটো সম্ভৱনে ?

কিন্তু কিছুমান গাঁৱত এতিয়াও গাঁওবাসীয়ে কিছু নিয়ম পালন কৰি ক'ভিড সংক্ৰমণৰ পৰা আঁতৰি থাকিব পাৰিছে । এই গাঁও সমূহত প্ৰচলিত নীতি-নিয়ম তথা সজগতা মূলক কৰ্মইহে আমাক এতিয়া ক'ভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিব ।

অন্য এক খবৰৰ বাবে: ক'ভিড-19: আক্ৰান্তৰ হাৰ কমিলেও কমা নাই মৃত্যুৰ হাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.