ETV Bharat / bharat

Protest for green world : সেউজীয়া পৃথিৱীৰ হকে 90 সহস্ৰাধিক গঞাৰ নিৰৱচ্ছিন্ন প্ৰতিবাদ

author img

By

Published : May 9, 2023, 11:03 AM IST

সেউজীয়া পৃথিৱীৰ বাবে নিৰৱচ্ছিন্ন আন্দোলন অব্যাহত ৰাখিছে 90 সহস্ৰাধিক গঞাই ৷ 2 মাহৰো অধিক দিন ধৰি গাঁওবাসীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ ঘন জংঘলৰ মাজত ঘৰ সাজে অব্যাহত ৰাখিছে প্ৰতিবাদ (villagers built shelter village in forest ) ৷

Villagers protest for green world in narayanpur
সেউজীয়া পৃথিৱীৰ বাবে আন্দোলন

নেশ্যনেল ডেস্ক, 9 মে’ : ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাৰ আবুঝমাদৰ গাঁৱৰ লোকসকলে আৰম্ভ কৰিছে প্ৰতিবাদ ৷ পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত গাঁওবাসীয়ে আৰম্ভ কৰিছে প্ৰতিবাদ ৷ 90 খন গাঁৱৰ প্ৰতিবাদকাৰী গঞাই পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত আৰম্ভ কৰিছে আন্দোলন আৰু গাঁওবাসীয়ে ঘৰ-বাৰী এৰি থৈ সুকীয়া এক স্থানত আৰম্ভ কৰিছে প্ৰতিবাদ (Villagers protest for green world in narayanpur) ।

নিজৰ ঘৰ-বাৰী এৰি ঘন অৰণ্যৰ মাজত প্ৰতিবাদকাৰী গঞাই ঘৰ সাজি লৈছে আৰু তাৰ পৰাই তেওঁলোকে আৰম্ভ কৰিছে পৰিৱেশ ৰক্ষাৰ বাবে আন্দেলন । সম্প্ৰতি পানী, বন, মাটি তথা পৰিৱেশৰ প্ৰতি প্ৰতিদিনে বৃদ্ধি হৈছে ন ন প্ৰত্যাহ্বান আৰু পৰিৱেশ ৰক্ষাৰ প্ৰতি বদ্ধপৰিকৰ হৈ এইসকল গঞাই দিনে নিশাই আৰম্ভ কৰিছে আন্দোলন । উল্লেখ্য যে, বিগত 80 দিন ধৰি নিৰৱচ্ছিন্নভাৱে এইসকল লোকে অব্যাহত ৰাখিছে প্ৰতিবাদ (shelter village in forest of narayanpur protesters)।

আন্দোলন সন্দৰ্ভত গাঁওবাসীয়ে চাহিদা পূৰণ নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ প্ৰতিবাদকাৰীসকলৰ ঘৰৰ পৰা প্ৰতিবাদস্থলীলৈ যথেষ্ট দূৰ হোৱাৰ বাবেই ঘন অৰণ্যৰ মাজত তেওঁলোকে নতুনকৈ আশ্ৰয় শিবিৰ নিৰ্মাণ কৰিবলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে ৷ পৰিৱেশ ৰক্ষাৰ এই আন্দোলনত ৰাজ্যখনৰ আবুঝমদ অঞ্চলৰ 14 খন গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 90 সহস্ৰাধিক গাঁওবাসীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে । প্ৰতিবাদস্থলী এলেকাত 50 টাতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে । গাঁওবাসীৰ দাবী পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি স্পষ্টকৈ উল্লেখ কৰে প্ৰতিবাদকাৰীয়ে (Adivasi Sarva Samaj Maad Bachao Manch) ।

পিছে এই আন্দোলনস্থলী হৈছে অৰ্ছা নদী পাৰাৰ মূল পথত ৷ সেয়ে প্ৰতিবাদকাৰী গঞাই পথটোৰে অহা-যোৱা কৰা লোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ লগতে পথটোৰে আবুঝামদ অভিমুখে যোৱা লোকৰ বাবে অস্থায়ীভাৱে তালাচীৰ ব্যৱস্থা কৰিছে ৷ এই কাম সমাপনৰ বাবে একাংশ যুৱকক দায়িত্ব দিয়া হৈছে ৷ আনকি উক্ত পথটোৰে চলাচল কৰা প্ৰতিগৰাকী লোকৰে নাম পঞ্জীয়নভুক্ত কৰা হৈছে ৷ অৰ্থাৎ ইয়াৰ দ্বাৰা প্ৰতিবাদকাৰী গঞাই সকলো ৰাইজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি জানিবলৈ পোৱা গৈছে ।

আন্দোলনৰ সমান্তৰালভাৱে প্ৰতি সন্ধিয়াৰ ভাগত জনজাতীয় সংস্কৃতি, পৰম্পৰা আৰু গোতুলে গান-নৃত্য আদিৰো ব্যৱস্থা কৰা হৈছে (Adivasi sarva samaj maad bachao manch in Narayanpur)। আধুনিক সমাজত বিদ্যুৎ, বিশুদ্ধ পানী আৰু পকী ঘৰ অবিহনে প্ৰত্যহিক জীৱন যাত্ৰাৰ বিষয়ে কল্পনা কৰিবই নোৱাৰি । তেনে সময়ত আবুঝমাদৰ গঞা ৰাইজে বিদ্যুৎ-বিশুদ্ধ পানী অবিহনে সুস্থ পৃথিৱীৰ স্বাৰ্থত 80 দিন পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰাটো সচাঁকৈয়ে এক উল্লেখনীয় পদক্ষেপ ৷

লগতে পঢ়ক : Assam govt 2 years anniversary : কাইলৈ দুবছৰীয়া হ’ব ৰাজ্যৰ বিজেপি চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.