ETV Bharat / bharat

Haridwar Viral video: মাত্ৰ 10 টকাৰ বিনিময়ত ঘৰত বহিয়েই হৰিদ্বাৰৰ গংগাত স্নান কৰক

author img

By

Published : Dec 24, 2022, 4:55 PM IST

উত্তৰাখণ্ড হৰিদ্বাৰৰ এটা ভাইৰেল ভিডিঅ’ ৷ মাত্ৰ 10 টকাৰ বিনিময়ত গংগা ঘাটত আপোনৰ হৈ স্নান কৰিব এজন যুৱকে (Taking a dip in Ganga) ৷ পিছে মাত্ৰ 10 টকাৰ বিনিময়ত গংগাত স্নান কৰা যুৱকজন কোন (Haridwar Viral video)? সবিশেষ এই প্ৰতিবেদনত...

Haridwar Viral video
উত্তৰাখণ্ড হৰিদ্বাৰৰ এটা ভাইৰেল ভিডিঅ’
উত্তৰাখণ্ড হৰিদ্বাৰৰ এটা ভাইৰেল ভিডিঅ’

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ : ক্ৰমাৎ দেশৰ ভিন্ন প্ৰান্তত শীতৰ প্ৰকোপ বৃদ্ধি হৈছে ৷ বিশেষকৈ পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আদিত শীতৰ বাবে মানুহে নিত্য নৈমিতিক কামকাজ কৰাতো কিছু ব্যাঘাত জন্মিছে ৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে উত্তৰাখণ্ড হৰিদ্বাৰৰ এটা ভাইৰেল ভিডিঅ’ ৷

হৰিদ্বাৰৰ এজন ব্যক্তিয়ে হৰিদ্বাৰ হৰ কি পৌৰীৰ সমীপৰ এটা ঘাটত ৰাইজ তথা দৰ্শনাৰ্থীক উদ্দেশ্যি কৈছে, ‘‘ঠাণ্ডা বতৰৰ বাবে যদি আপুনি মন্দিৰ দৰ্শন কৰিব আহিও এই ঘাটত এবাৰ স্নান নকৰে, তেন্তে আৰাধনা কৰা নকৰাৰ কোনো অৰ্থ নাথাকিব ৷

সেয়ে আপুনি যদি এই ঘাটলৈ আহিও স্নান কৰিব নিবিচাৰে তেন্তে আপোনাৰ হৈ সম্পূৰ্ণ 1 মিনিট সময় মই পানীত স্নান কৰিম (Ganga bath in Haridwar) ৷ ইয়াৰ বাবে দিব লাগিব মাত্ৰ 10 টকা’’ । সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিভিঅ’ (Viral video of Ganga bath in Haridwar) ৷

এতিয়া নিশ্চয় সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে, ভাইৰেল হোৱা এই ভিডিঅ’টো হৰিদ্বাৰৰ নতুন ব্যৱসায় নেকি ? প্ৰকৃততে এই ভিডিঅ’টোত এজন ব্যক্তিৰ ব্যক্তিগত প্ৰচেষ্টাহে ৷ ব্যক্তিগৰাকীৰ নাম মনোজ নিছাদ । পেছাত ইভেণ্ট মেনেজমেণ্টৰ কাম কৰা মনোজ হৰিদ্বাৰৰ উত্তৰ অঞ্চলৰ এক চিনাকি মুখ । সম্প্ৰতি ভাইৰেল হোৱা মনোজৰ এই ভিডিঅ’ৰ বাবে যে এনে নহয় ৷ সামাজিক কামৰ বাবে মনোজ সৰ্বত্ৰে চৰ্চাত আছে ৷

লগতে পঢ়ক : India Covid Measures : চিকিৎসা অক্সিজেন যোগান সন্দৰ্ভত ৰাজ্যসমূহলৈ পত্ৰ স্বাস্থ্য মন্ত্ৰালয়ৰ

মনোজে অকলেই নিজৰ অঞ্চলৰ এখন চিকিৎসালয় স্থাপনৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছিল । সেই আন্দোলনৰ ফলতেই হৰিদ্বাৰৰ উত্তৰ অঞ্চলবাসীয়ে শীঘ্ৰে লাভ কৰিবলৈ সক্ষম হৈছিল এখন চৰকাৰী হাস্পতাল ৷ ইতিমধ্যে উক্ত অঞ্চলটোৰ বাবে চৰকাৰী হাস্পতালৰ প্ৰস্তাৱ গৃহীত কৰিছে চৰকাৰে ৷ কেৱল এয়াই নহয়, বিগত সময়চোৱাতো আৰ টি আইৰ জৰিয়তে ৰাজ্যৰ 200 ৰো অধিক বিদ্যালয়ত খোৱাপানীৰ সংযোগ নথকাৰ কথা উদঙাই দেখুৱাইছিল ।

মনোৰঞ্জনৰ বাবে ভিডিঅ’ বনাই মনোজে : কিছুদিন পূৰ্বে মনোজে ছ’চিয়েল মিডিয়াত নিজৰ এটা ইউটিউব চেনেল খুলিছিল । মনোজে প্ৰায়ে নিজৰ ইউটিউব আৰু ফেচবুকত বহু ধেমেলীয়া ভিডিঅ’ পোষ্ট কৰি থাকে । তাৰ ভিতৰত এটা হ’ল সম্প্ৰতি ভাইৰেল হোৱা হৰিদ্বাৰৰ এই ভিডিঅ’ ৷ যিটো তেওঁ কেৱল মনোৰঞ্জনৰ বাবেই নিৰ্মাণ কৰিছিল ।

মনোজৰ সৈতে সাক্ষাৎকাৰ : ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মনোজে কয়, ‘‘এই ভিডিঅ’টো ইমান ভাইৰেল হ’ব বুলি কোনো ধাৰণা নাছিল । এই ভিডিঅ’টো ৰাইজৰ মনোৰঞ্জনৰ বাবে বনোৱা হৈছে । কেৱল হৰিদ্বাৰৰ পৰাই নহয়, এই ভিডিঅ’টোক লৈ দেশৰ বহু ৰাজ্যৰ চিনাকি অচিনাকি লোকৰ পৰাও তেওঁৰ ফোন আহিছে’’ ।

এই ভিডিঅ’টোৰ পৰা লাভ কৰা টকাৰে তেওঁ শীতত ঠেৰেঙা লগা শিশুসকলৰ বাবে গৰম কাপোৰ আৰু টুপী কিনিব ৷ এই ভিডিঅ’টোৰ পৰা ইতিমধ্যে প্ৰায় 10 হাজাৰৰো অধিক ধন লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : Kejriwal in Vipassana meditation: ধ্যানত বহিব কেজৰিৱাল, ছিছোডিয়াই চলাব চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.