ETV Bharat / bharat

প্ৰতিকূল বতৰৰ বাবে উপ-ৰাষ্ট্ৰপতিৰ জম্মু-কাশ্মীৰৰ কাৰ্যসূচী বাতিল - Vice president in Jammu

জম্মুৰ শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ কাৰ্যসূচী বাতিল উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ (Dhankhar Jammu visit)। প্ৰচণ্ড কুঁৱলীৰ বাবে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ বাতিল কৰা হৈছে ।

Dhankhar jammu visit
প্ৰতিকূল বতৰৰ বাবে উপ-ৰাষ্ট্ৰপতিৰ জম্মু-কাশ্মীৰৰ কাৰ্যসূচী বাতিল
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 2:56 PM IST

নেশ্যনেল ডেস্ক,৪ জানুৱাৰী : জম্মুৰ শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ এক কাৰ্যসূচীত দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় উপস্থিত থকাৰ কথা আছিল । কিন্তু জম্মু-কাশ্মীৰৰ ৰাজধানীত কুঁৱলীৰ বাবে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণ বাতিল কৰা হৈছে । এগৰাকী বিষয়াই জনোৱা মতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জম্মুৰ শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰাৰ কথা আছিল য'ত তেওঁ অষ্টম সমাৱৰ্তন কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা আছিল ।

কিন্তু প্ৰচণ্ড কুঁৱলী আৰু দুৰ্বল দৃশ্যমানতাৰ বাবে উপ-ৰাষ্ট্ৰপতিৰ বিশ্ববিদ্যালয় ভ্ৰমণ বাতিল কৰা হৈছে । লক্ষণীয়ভাৱে দেশৰ ৰাজধানী দিল্লীকে ধৰি বিভিন্ন ৰাজ্যত কুঁৱলীৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । শীতৰ লগে লগে কুঁৱলীৰ বাবে বিমান, ৰে'লৰ চলাচলতো ব্যাপক প্ৰভাৱ পৰিছে । ৰাজপথত বাহনৰ চলাচলত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । সমান্তৰালকৈ কম দৃশ্যমানতাৰ বাবে বহু স্থানত পথ দুৰ্ঘটনা হোৱাও দেখা গৈছে ।

জম্মু-কাশ্মীৰ অঞ্চলটো কুঁৱলীৰ ব্যাপক প্ৰভাৱ দেখা গৈছে । যাৰ বাবে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যসূচীটো বাতিলৰ সিদ্ধান্ত লোৱা হৈছে । অৱশ্যে, উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সময়সূচী অনুসৰি জম্মু-কাশ্মীৰৰে কাঠুৱা জিলাত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । সূত্ৰৰ মতে কাঠুৱাত বায়োটেক ষ্টাৰ্টআপ এক্সপ'ৰ উদ্বোধনী অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ।

জম্মু-কাশ্মীৰ চৰকাৰৰ এগৰাকী মুখপাত্ৰই বুধবাৰে কয় যে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৪ জানুৱাৰীত জম্মু-কাশ্মীৰৰ এদিনীয়া ভ্ৰমণলৈ যাব । লক্ষণীয়ভাৱে তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ নকল কৰাৰ পিচতে তেওঁ শেহতীয়াকৈ বিতৰ্কৰ কেন্দ্ৰ হৈ আছিল । শীতকালীন অধিবেশনৰ সময়ত সংসদ চৌহদত প্ৰতিবাদৰ বাবে বহু কেইগৰাকী সাংসদৰ নিলম্বনৰ সময়তো ৰাজ্যসভাৰ অধ্যক্ষ আছিল ধনখড় ।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে টিএমচি সাংসদৰ মিমিক্ৰিক গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰিছিল । ইফালে মিমিক্ৰিৰ ভিডিঅ' সংগ্ৰহ কৰাক লৈ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীকো সমালোচনা কৰিছিল ।

লগতে পঢ়ক :বিজেপিয়ে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰে; দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.