ETV Bharat / bharat

Gyanvapi campus: জ্ঞানবাপী চৌহদৰ সমীক্ষাৰ বাবে অতিৰিক্ত 8 সপ্তাহৰ সময় বিচাৰি আবেদন

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 10:07 PM IST

জ্ঞানবাপী চৌহদৰ জৰীপ সম্পূৰ্ণ কৰাৰ অন্তিম সময় আছিল 2 ছেপ্টেম্বৰ ৷ অৱশ্যে এতিয়াও জৰীপ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই ৷ যাৰ বাবে অধিক সময় বিচাৰি আদালতত আবেদন কৰিছে নিৰীক্ষণ সমিতিয়ে ৷

Gyanvapi campus
Gyanvapi campus

নেশ্যনেল ডেস্ক, 2 ছেপ্টেম্বৰ: জ্ঞানবাপী চৌহদৰ সমীক্ষাৰ বাবে ASI সমিতিক দিয়া চাৰি সপ্তাহৰ সময় শনিবাৰে অৰ্থাৎ আজি সমাপ্ত হ’ব ৷ অৱশ্যে পৰ্যৱেক্ষণ সমিতিৰ পৰামৰ্শদাতাই জৰীপৰ বাবে অতিৰিক্ত আঠ সপ্তাহৰ সময় বিচাৰি বাৰাণসী জিলা আদালতত আবেদন দাখিল কৰে ৷ আদালতে বিষয়টোৰ শুনানি গ্ৰহণৰ দিন 8 ছেপ্টেম্বৰত নিৰ্ধাৰণ কৰিছে ৷ সেয়েহে 8 ছেপ্টেম্বৰলৈকে জৰীপ প্ৰক্ৰিয়া অব্যাহত থাকিব ৷

চৰকাৰী সূত্ৰই কয় যে ASI দলটোক বাৰাণসী জিলা ন্যায়ালয়ে 4 আগষ্টত প্ৰথম প্ৰতিবেদন দাখিল কৰিবলৈ সময় দিছিল, কিন্তু বিষয়টো উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত চলি থকাৰ বাবে কাৰ্যক্ৰম সম্পূৰ্ণ কৰিব পৰা নগ’ল ৷ ইয়াৰ পিছত, আদালতে বিশেষ আবেদনৰ ওপৰত ভিত্তি কৰি 4 সপ্তাহৰ সময় দিছিল ৷

‘‘সেই চাৰি সপ্তাহৰ সময়সীমা 2 ছেপ্টেম্বৰত অৰ্থাৎ আজি শেষ হৈছে ৷ জৰীপটো বৰ্তমানেও অব্যাহত আছে ৷ ইফালে বহু বহুতো অংশৰ জৰীপ এতিয়াও কৰা হোৱা নাই ৷ ইয়াৰ বাবেই এএছআই দলে জৰীপ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ অতিৰিক্ত 8 সপ্তাহৰ সময় বিচাৰিছে । ইয়াৰ বাবে আদালতত আবেদন কৰা হৈছে । আদালতে বিষয়টো 8 ছেপ্টেম্বৰত পৰৱৰ্তী শুনানিৰ বাবে তালিকাভুক্ত কৰে,’’ চৰকাৰী সূত্ৰটোৱে কয় ৷

21 জুলাইত, বাৰাণসী জিলা আদালতে জ্ঞানবাপী চৌহদৰ জৰীপৰ নিৰ্দেশ দিছিল। এই জৰীপ প্ৰক্ৰিয়া 24 জুলাইত আৰম্ভ কৰা হৈছিল ৷ একেদিনাই, মুছলমান পক্ষই জৰীপ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ এখন আবেদন দাখিল কৰিছিল । উচ্চতম ন্যায়ালয়ে এই আবেদনক খাৰিজ কৰে আৰু উচ্চ ন্যায়ালয়ক এই বিষয়টোৰ শুনানি আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷

উচ্চ ন্যায়ালয়ত নিজৰ ৰায়দানত, ASI সমিতিক জৰীপৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পাছত আদালতে চাৰি সপ্তাহৰ ভিতৰত জৰীপ কাৰ্য সম্পূৰ্ণ কৰিবলৈ আৰু 2 ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল, কিন্তু জৰীপ এতিয়াও সম্পূৰ্ণ হোৱা নাই ৷ যাৰ বাবে অতিৰিক্ত সময়ৰ বাবে এতিয়া আবেদন কৰা হৈছে ৷

লগতে পঢ়ক: One nation One election: কেন্দ্ৰই গঠন কৰিলে 8 জনীয়া সমিতি; আছে অমিত শ্বাহ, গোলাম নবী আজাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.