নেশ্যনেল ডেস্ক,১৫ মে': ত্ৰিপুৰাত ক'ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ৰাজ্যখনৰ আটাইতকৈ পিছপৰা অঞ্চলসমূহতো টীকাকৰণ অভিযান আৰম্ভ কৰিছে । ৰাজ্যখনৰ পাহাৰীয়া দুৰ্গম অঞ্চলত বাস কৰা লোকসকলৰ চিকিৎসাজনিত সা-সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হয় ।
এই দিশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই অঞ্চলসমূহৰ লোকক প্ৰতিষেধক প্ৰদান কৰাৰ সিদ্ধান্ত লয় । চৰকাৰৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে স্বাস্থ্য কৰ্মীসকলে দায়িত্ব পালন কৰিছে । ধলাই জিলাৰ চাওমানু গ্ৰামোন্নয়ন খণ্ডৰ অন্তৰ্গত নাইছিৰাম ৰোজা পাৰাত স্বাস্থ্যকৰ্মীয়ে টীকাকৰণ প্ৰক্ৰিয়াৰ বাবে হিতাধিকাৰী বিচাৰি পাহাৰীয়া অঞ্চলত ট্ৰেকিং কৰিবলগীয়া হৈছিল ।
অৱশেষত স্বাস্থ্যসেৱা কৰ্মীসকলে ঝুম খেতিত কাম কৰি লোকক প্ৰতিষেধক প্ৰদান কৰে । টীকাকৰণ সম্পূৰ্ণ হোৱাৰ পিছত, দলটো পৰৱৰ্তী গন্তব্যস্থলীলৈ ৰাওনা হয় । এই বিশেষ অভিযানে কেৱল টীকাকৰণ অভিযান সম্পৰ্কে মানুহৰ মাজত আত্মবিশ্বাস জাগ্ৰত কৰাই নহয়, এই লোকসকলক ৰাজহুৱা স্বাস্থ্য সেৱা প্ৰণালীত বিশ্বাস কৰাত সহায় কৰিছে । কিয়নো দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি হৈ থকাৰ বাবে চৰকাৰী স্বাস্থ্য সেৱাৰ প্ৰতি মানুহে আস্থা হেৰুৱাইছে ।
ইফালে, প্ৰতিষেধক গ্ৰহণ কৰি হিতেশ্বৰ ৰুপিনী নামৰ এগৰাকী ব্যক্তিয়ে চৰকাৰক ধন্যবাদ জনায় । চৰকাৰে টীকাকৰণ অভিযানৰ পৰা বাদ পৰি ৰোৱা লোকক প্ৰতিষেধক প্ৰদান ব্যৱস্থা কৰাৰ বাবে তেওঁ সন্তুষ্টি ব্যক্ত কৰে । স্বাস্থ্য কৰ্মীয়ে জনোৱা তথ্য অনুসৰি এতিয়ালৈকে অঞ্চলটোত ৯ জনতকৈও অধিক লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । উল্লেখ্য যে, ত্ৰিপুৰাত শুকুৰবাৰে ৫৫২ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰে আৰু দুজন ৰোগীৰ মৃত্যু হয় ।
লগতে পঢ়ক: মুম্বাইৰ ধৰ্মীয় অনুষ্ঠানসমূহ ক'ভিড কেন্দ্ৰলৈ ৰূপান্তৰিত