ETV Bharat / bharat

ছোনীয়া গান্ধীক উত্তৰাখণ্ড কংগ্ৰেছৰ বিধায়িনী দলৰ সদস্য মনোনীত কৰাৰ দায়িত্ব - উত্তৰাখণ্ড কংগ্ৰেছৰ প্ৰভাৰী

2022 চনৰ আৰম্ভণিতে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৫৭ খন আসনত জয় লাভ কৰাৰ পিছত বিজেপিয়ে ক্ষমতা দখল কৰিছিল আৰু কংগ্ৰেছে ৭০ জনীয়া বিধানসভাত ১১ খন আসন লাভ কৰিছিল ।

উত্তৰাখণ্ড কংগ্ৰেছৰ নতুন বিধায়িনী দলৰ সদস্যক মনোনীত কৰাৰ দায়িত্ব ছোনীয়া গান্ধীক অৰ্পণ

author img

By

Published : Jun 29, 2021, 6:25 PM IST

নিউজ ডেস্ক, 29 জুন : প্ৰবীণ কংগ্ৰেছ নেতা তথা উত্তৰাখণ্ড বিধানসভাৰ বিৰোধী দলৰ নেতা ইন্দিৰা হৃদয়েশৰ আকস্মিক মৃত্যুৰ কেইদিনমান পিছত দলৰ ৰাজ্যিক নেতাসকলে সৰ্বভাৰতীয় কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক নতুন বিধায়িনী দলৰ সদস্যক মনোনীত কৰাৰ বাবে দায়িত্ব দিয়াৰ সিদ্ধান্ত লয় । উত্তৰাখণ্ড কংগ্ৰেছৰ বিধায়িনী দলে (Congress Legislative Party) সোমবাৰে এই সন্দৰ্ভত নতুন দিল্লীত এখন বৈঠক অনুষ্ঠিত কৰে । বৈঠকৰ পাছত উত্তৰাখণ্ড কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেন্দ্ৰ যাদৱে টুইট কৰি কয় যে, "ইন্দিৰা হৃদয়েশৰ আকস্মিক মৃত্যুৰ পিছত ৰাজ্যখনৰ বাবে নতুন বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰাৰ বাবে উত্তৰাখণ্ডৰ কংগ্ৰেছ বিধায়িনী দলে এখন বৈঠক অনুষ্ঠিত কৰে । বৈঠকত সৰ্বভাৰতীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীক এই সিদ্ধান্ত ল'বলৈ অনুৰোধ জনোৱা হয় ।

উত্তৰাখণ্ড কংগ্ৰেছৰ প্ৰভাৰী আৰু সহ প্ৰভাৰী লগতে ১০ জন বিধায়কে বৈঠকত অংশগ্ৰহণ কৰে । 2022 চনৰ আৰম্ভণিতে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৫৭ খন আসনত জয় লাভ কৰাৰ পিছত বিজেপিয়ে ক্ষমতা দখল কৰিছিল আৰু কংগ্ৰেছে ৭০ জনীয়া বিধানসভাত ১১ খন আসন লাভ কৰিছিল ।

লগতে পঢ়ক : বুধবাৰে মোডী মন্ত্ৰীসভাৰ বিশেষ কেবিনেট বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.