ETV Bharat / bharat

উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ উদ্ধাৰ অভিযান অব্যাহত

উত্তৰাখণ্ডত ভয়ংকৰ হিমবাহ বিস্ফোৰণত আৱদ্ধ লোকসকলৰ তপোৱনৰ সুৰংগত ষষ্ঠ দিনাও অব্যাহত আছে উদ্ধাৰ অভিযান । এই বিস্ফোৰণত এতিয়ালৈ উদ্ধাৰ কৰা হৈছে ৩৬ টা মৃতদেহ । উদ্ধাৰকাৰী দলে দিনে-নিশাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ।

উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ উদ্ধাৰ অভিযান অব্যাহত
উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ উদ্ধাৰ অভিযান অব্যাহত
author img

By

Published : Feb 12, 2021, 3:05 PM IST

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী: উত্তৰাখণ্ডত ভয়ংকৰ হিমবাহ বিস্ফোৰণত আৱদ্ধ লোকসকলৰ সন্ধানত অভিযান অব্যাহত । শুকুৰবাৰে চামোলি জিলাৰ তপোৱনৰ সুৰংগত ষষ্ঠ দিনাও অব্যাহত আছে উদ্ধাৰ অভিযান । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সদৰী কৰে এই কথা । তপোৱনত সুৰংগত প্ৰায় ৩০ জন লোক আৱদ্ধ হোৱাৰ আশংকা কৰিছে উদ্ধাৰ অভিযানকাৰী দলে । বৃহস্পতিবাৰে ঋষিগঙ্গা নদীত জলস্তৰ বৃদ্ধি পোৱাত সাময়িকভাৱে উদ্ধাৰ অভিযান স্থগিত ৰখা হৈছিল ।

ৰাজ্য় চৰকাৰে প্ৰকাশ কৰা মতে, হিমবাহ বিস্ফোৰণৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা এতিয়ালৈ ৩৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । আনহাতে তপোবনৰ সুৰঙ্গৰ ভিতৰত থকা ৩০ জন লোক আবদ্ধ হৈ থকাৰ লগতে ২০৪ জন লোক এতিয়ালৈ সন্ধানহীন হোৱাৰ খবৰ আহিছে । সুৰঙ্গৰ ভিতৰত আবদ্ধ লোকক উদ্ধাৰৰ বাবে বিভিন্ন ব্য়ৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । ইফালে ঋষিগঙ্গা নদীত জলস্তৰ বৃদ্ধি পোৱাত অঞ্চলবাসীক সতৰ্কতা বাণী জাৰি কৰাৰ লগতে অধিক আতংকিত নহ'বলৈ অনুৰোধ জনায় আৰক্ষীয়ে ।

উল্লেখ্য যে, দেওবাৰে উত্তৰাখণ্ডৰ চামোলি জিলাৰ তপোৱন-ৰেনি অঞ্চলত সংঘটিত হিমবাহ বিস্ফোৰণৰ ফলত ধলিগঙ্গা আৰু অলকনন্দা নদীত সৃষ্টি হৈছিল বানপানীৰ। যাৰফলত বহু বাসগৃহ আৰু ওচৰৰ ঋষিগঙ্গা বিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হয় । চামোলি জিলাত সংঘটিত এই বিস্ফোৰণত ইতিমধ্য়ে মৃত্য়ু হৈছে কেইবাজনো লোকৰ ।

লগতে পঢ়ক:শ্বহীদ জোৱানসকলক কিয় ইমান অপমান: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.