ETV Bharat / bharat

উত্তৰাখণ্ডৰ ফৰ্মূলাই ৰক্ষা কৰিব নেকি উত্তৰ প্ৰদেশৰ কেশৱ প্ৰসাদ মৌৰ্যক ?

author img

By

Published : Mar 22, 2022, 2:52 PM IST

উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যয়ে চিৰাথুৰ পৰা নিৰ্বাচন অৱতীৰ্ণ হৈ পৰাজিত হৈছে (UP Deputy CM Keshav Prasad Maurya lost the election)। উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত পৰাজিত হোৱা স্বত্বেও দলৰ নেতৃত্বই পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে পুষ্কৰ সিং ধামীক । পুষ্কৰ সিং ধামীৰ দৰে কেশৱ প্ৰসাদ মৌৰ্যৰ ক্ষেত্ৰত এক ফৰ্মূলা ব্যৱহাৰ কৰিব নেকি বিজেপি নেতৃত্বই । তেওঁ পুনৰ উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী হ'ব নেকি ?

Keshav Prasad Maurya
উত্তৰাখণ্ডৰ ফৰ্মূলাই ৰক্ষা কৰিব নেকি উত্তৰ প্ৰদেশৰ কেশৱ প্ৰসাদ মৌৰ্যক

নেশ্যনেল ডেস্ক,২২ মাৰ্চ : শেহতীয়াকৈ ঘোষণা হৈছে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল (Assam election result in 5 states)। উত্তৰাখণ্ডৰ ফলাফলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী এই নিৰ্বাচনত পৰাজিত হৈছে । কিন্তু তেওঁ পৰাজিত হোৱাৰ পাছতো কেন্দ্ৰীয় নেতৃত্বই তেওঁকে মুখ্যমন্ত্ৰী পদৰ বাবে বাছনি কৰিছে ।

ইয়াৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একে ফৰ্মূলা উত্তৰ প্ৰদেশতো ব্যৱহাৰ কৰিব বুলি বহুতে ধাৰণা কৰিছে । কিয়নো উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যয়ে চিৰাথুৰ পৰা নিৰ্বাচন খেলি পৰাজিত হৈছে (UP Deputy CM Keshav Prasad Maurya lost the election)।

সেয়ে তেওঁ যোগী আদিত্য নাথৰ মন্ত্ৰীসভাত স্থান নাপাব বুলি চৰ্চা চলি থকাৰ মাজতে একাংশই আকৌ ভাবিছে উত্তৰাখণ্ড ফৰ্মূলা ইয়াতো ব্যৱহাৰ কৰি তেওঁক পুনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হ'ব (Will Uttarakhand Formula save Keshav Prasad Maurya)।

উল্লেখ্য যে উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত পৰাজিত হোৱা স্বত্বেও দলৰ নেতৃত্বই পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে পুষ্কৰ সিং ধামীক । এনে পৰিস্থিতিত, ধামীয়ে এগৰাকী বিজেপি বিধায়কৰ ঠাইত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব লাগিব আৰু ছয় মাহৰ ভিতৰত বিধায়ক হিচাপে নিৰ্বাচিত হ'ব লাগিব । যদি তেওঁ নিৰ্বাচনত পৰাজিত হয়, তেন্তে তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰি যাব লাগিব । এনে পৰিস্থিতিত বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে কেশৱ প্ৰসাদ মৌৰ্যকো উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী দৰে উত্তৰ প্ৰদেশত পুনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰিব পাৰে ।

কেশৱ প্ৰসাদ মৌৰ্য (UP Deputy Chief Minister Keshav Prasad Maurya) কৌশাম্বীৰ চিৰাথু বিধানসভা আসনৰ পৰা এছ পি মিত্ৰজোঁটৰ প্ৰাৰ্থী পল্লৱী পেটেলৰ হাতত ৭,০০০ তকৈও অধিক ভোটত পৰাজিত হৈছে । আনহাতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও খাটিমা বিধানসভা আসনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজিত হৈছে ।

লগতে পঢ়ক :অপেক্ষাৰ অৱসান; দ্বিতীয়বাৰলৈ মণিপুৰৰ ৰাজপাটত এন বিৰেন সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.