ETV Bharat / bharat

Food poisoning: হোটেলত খাদ্য গ্ৰহণ কৰি অসুস্থ 25 জনকৈ চিকিৎসক, তদন্ত অব্যাহত - food poisoning in hotel

তিনি তাৰকাযুক্ত হোটেলত খাদ্য গ্ৰহণ কৰি অসুস্থ 25 জনকৈ চিকিৎসক ৷ তিনি তাৰকাযুক্ত হোটেলত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ উদ্দেশ্য আহিছিল চিকিৎসকৰ দলটো ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৷

Food poisoning
হোটেলত খাদ্য গ্ৰহণ কৰি অসুস্থ 25 জনকৈ চিকিৎসক
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 11:11 AM IST

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ: খাদ্যত বিষক্ৰিয়া ঘটি অসুস্থ 25 জনকৈ চিকিৎসক ৷ লক্ষ্ণৌৰ তিনি তাৰকাযুক্ত এখন হোটেলত সংঘটিত হৈছে এই ঘটনা ৷ মুখ্য চিকিৎসা বিষয়াই লক্ষ্ণৌৰ তিনি তাৰকাযুক্ত হোটেলত সংঘটিত হোৱা ফুড পইজনিং কাণ্ডৰ তদন্তৰ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে । অৱশ্যে এজেন্সীৰ প্ৰতিবেদন অনুসৰি হুছেইনগাঞ্জ আৰক্ষীয়ে এনে কোনো তথ্য লাভ কৰা বুলি অভিযোগ নস্যৎ কৰিছে ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ হুছেইনগাঞ্জ অঞ্চলৰ এখন তিনি তাৰকাযুক্ত হোটেলত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ উদ্দেশ্য চিকিৎসকৰ দলটো উপস্থিত হৈছিল আৰু চিকিৎসককেইজনে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিচতে অসুস্থ হৈ পৰে । আহাৰ গ্ৰহণ কৰাৰ পিচতে চিকিৎসককেইজনে পেটৰ বিষ অনুভৱ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে কিছু সময়ৰ পিছতে বমি কৰিবলৈ আৰম্ভ কৰে বুলি জনায় ।

এই ঘটনাৰ পিছত আক্ৰান্ত চিকিৎসক-কৰ্মচাৰীৰ অধিকাংশই চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ যায় । চৰকাৰী সূত্ৰ অনুসৰি মুখ্য চিকিৎসা বিষয়া মনোজ আগৰৱালাই বিষয়টোৰ তদন্তৰ নিৰ্দেশ দি গোচৰটোত খাদ্য বিষক্ৰিয়া ঘটাৰ কথা প্ৰকাশ কৰিছে । তেওঁ কয় যে, ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিচতে বৃহস্পতিবাৰৰ গভীৰ নিশা চিকিৎসকৰ এটা দলক খাদ্যৰ নমুনা গ্ৰহণ কৰিবৰ বাবে হোটেলখনলৈ প্ৰেৰণ কৰা হয় ।

হোটেলৰ নিৰাপত্তা বিষয়া চন্দ্ৰমণি মিশ্ৰই খাদ্য খোৱাৰ বাবে চিকিৎসকসকল অসুস্থ হোৱা নাই বুলি উল্লেখ কৰি অৱশ্যে এই বিষয়ে তেওঁৰ হাতত কোনো তথ্য নাই বুলি জনায় । উল্লেখ্য যে, কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উত্তৰ প্ৰদেশৰ প্ৰায় 29 খন জিলাৰ চিকিৎসক হোটেলখনত সমবেত হৈছিল । বিষয়টোৰ তদন্ত বৰ্তমানেও অব্যাহত আছে ।

আনহাতে, হুছেইনগাঞ্জ আৰক্ষীয়ে বিষয়টোক অস্বীকাৰ কৰিছে । অৱশ্যে চিকিৎসা আৰু স্বাস্থ্য বিভাগে ঘটনাটোক গুৰুত্বসহকাৰে লৈ ক্ষতিগ্ৰস্ত হোৱা চিকিৎসক আৰু কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সুস্থতা নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব দিয়ে ।

লগতে পঢ়ক : Akali Dal leader shot dead: দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে আকালি দলৰ প্ৰাক্তন নেতাক, তদন্ত অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.