ETV Bharat / bharat

UP Police recovers crude bombs: উত্তৰ প্ৰদেশত উদ্ধাৰ বৃহৎ পৰিমাণৰ খাৰ বোমা

author img

By

Published : Mar 4, 2023, 10:53 AM IST

Updated : Mar 4, 2023, 12:19 PM IST

উত্তৰ প্ৰদেশত এগৰাকী 20 বছৰীয়া যুৱতীৰ গৃহৰ পৰা উদ্ধাৰ হৈছে প্ৰায় 288 টা খাৰ বোমা (UP Police recovers crude bombs) ৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱতীগৰাকীক ৷

Crime Branch recovers 288 crude bombs in Kanpur
উত্তৰ প্ৰদেশত উদ্ধাৰ 288 টা খাৰুৱা বোমা

নেশ্যনেল ডেস্ক, 4 মাৰ্চ: উত্তৰ প্ৰদেশত উদ্ধাৰ 288 টা খাৰ বোমা (UP Police recovers crude bombs) ৷ শুকুৰবাৰে ক্ৰাইম ব্ৰাঞ্চ আৰু কানপুৰ আৰক্ষীয়ে লক্ষ্মীপুৰৱাত চলোৱা এক যৌথ অভিযানত অঞ্চলটোৰ এটা ঘৰৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰকখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় (police recovered bombs in Kanpur) ৷ উত্তৰ প্ৰদেশৰ লক্ষ্মীপুৰৱাত এগৰাকী ২০ বছৰীয়া যুৱতীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় ২৮৮ টা খাৰুৱা বোমা (Crime Branch team recovered crude bombs ) । বৃহৎ পৰিমাণৰ এই খাৰুৱা বোমাখিনি জব্দ কৰাৰ লগে লগে এক বৃহৎ কূটাঘাটৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীয়ে উল্লেখ কৰে ৷

বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা ঘৰখনৰ যুৱতীগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । বৃহস্পতিবাৰে ১৬ টা খাৰ বোমাৰ সৈতে গ্ৰেপ্তাৰ হোৱা এজন লোকৰ সৈতে ছোৱালীজনীৰ সম্পৰ্ক আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, জিলা বদৰৰ নিবাসী বাসু সোণকাৰক বৃহস্পতিবাৰে ১৬ টা খাৰুৱা বোমাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল (police recovered crude bombs in kanpur) । সোধা-পোছাৰ সময়ত সোণকাৰে দিয়া তথ্যৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চৰ সৈতে আৰক্ষীয়ে লক্ষ্মীপুৰৱাত বাসুৰ প্ৰেমিকা ২০ বছৰীয়া টিনা গুপ্তাৰ ঘৰত অভিযান চলায় । অভিযানকাৰী আৰক্ষীৰ দলটোৱে টিনাৰ বাসগৃহৰ পৰা কমেও ২৮৮ টা বোমা উদ্ধাৰ কৰাৰ লগতে ২০ বছৰীয়া যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে ।

চামনগঞ্জ আৰক্ষী থানাৰ গৃহ বিষয়া অমৰনাথ বিশ্বকৰ্মাই জনোৱা মতে, বসু সোণকাৰৰ জেৰাৰ সময়ত লক্ষ্মীপুৰৱাত প্ৰেয়সীৰ বাসস্থানত অধিক বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখাৰ কথা আৰক্ষীৰ আগত অৱগত কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই যুৱতীগৰাকীৰ বাসগৃহৰ পৰা বৃহৎ পৰিমানৰ বোমাখিনি জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় টিনাক । ঘটনাৰ সৈতে জড়িত দুয়োজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ (Crime Branch recovers 288 crude bombs in Kanpur) ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশত প্ৰয়াগৰাজত অধিবক্তা উমেশ পালৰ হত্যাত খাৰ বোমা ব্যৱহাৰ কৰা হৈছিল । বিধায়ক ৰাজু পাল (MLA Raju Pal) হত্যাকাণ্ডৰ প্ৰাথমিক সাক্ষী আছিল উমেশ ৷ ইয়াৰ পূৰ্বে ২০২২ চনৰ ২৪ নৱেম্বৰত পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ এটা ঘৰৰ পৰা কমেও ছটা খাৰ বোমা উদ্ধাৰ কৰা হৈছিল । ঘৰটো ভাড়াত লোৱা হৈছিল বুলি সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক : Govt employee arrested for taking bribe: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰু এজন চৰকাৰী কৰ্মচাৰী

Last Updated : Mar 4, 2023, 12:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.