ETV Bharat / bharat

জাইডাছক জেনেৰিক ঔষধৰ বাবে ইউএছএফডিএৰ অনুমোদন - IQVIA data

হাঁওফাঁওত উচ্চ ৰক্তচাপৰ চিকিৎসাৰ বাবে জুলীয়া ঔষধৰ বাবে চিলডেনাফিল ব্যৱহাৰ কৰা হয় (pulmonary hypertension)। শেহতীয়া ভাৱে জাইডাছ লাইফচাইন্সে (Zydus Lifesciences) আমেৰিকাৰ বজাৰত পালমোনাৰী হাইপাৰটেনচনৰ চিকিৎসাৰ বাবে ব্যৱহৃত জুলীয়া ঔষধত চিলডেনাফিল ব্য়ৱহাৰ কৰিবলৈ আমেৰিকাযুক্ত স্বাস্থ্য নিয়ন্ত্ৰকৰ পৰা অনুমোদন লাভ কৰিছে ।

US approved to market Sildenafil for oral suspension
জাইডাছক জেনেৰিক ঔষধৰ বাবে ইউএছএফডিএৰ অনুমোদন
author img

By

Published : Oct 1, 2022, 1:11 PM IST

নেশ্য়নেল ডেস্ক, ১অক্টোবৰ:জাইডাছ লাইফচাইন্সে (Zydus Lifesciences) আমেৰিকাৰ বজাৰত পালমোনাৰী হাইপাৰটেনচনৰ চিকিৎসাৰ বাবে ব্যৱহৃত জুলীয়া ঔষধত চিলডেনাফিল (US approved Sildenafil for oral suspension) ব্য়ৱহাৰ কৰি বজাৰত উপলব্ধ কৰিবলৈ আমেৰিকাযুক্ত স্বাস্থ্য নিয়ন্ত্ৰকৰ পৰা অনুমোদন লাভ কৰিছে । শনিবাৰে জাইডাছ লাইফচাইন্সে এই বিষয়ে সদৰি কৰিছে । কোম্পানীটোৱে সামগ্ৰীবিধ ব্য়ৱহাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ (US Food and Drug Administration) পৰা অনুমোদন লাভ কৰিছে বুলি এক বিবৃতিত উল্লেখ কৰিছে ।

উল্লেখ্য় যে হাঁওফাঁওত উচ্চ ৰক্তচাপৰ চিকিৎসাৰ বাবে জুলীয়া ঔষধৰ বাবে চিলডেনাফিল ব্যৱহাৰ কৰা হয় (pulmonary hypertension)। চিলডেনাফিলে হাঁওফাঁওৰ ৰক্তনলীবোৰ শিথিল আৰু বহল কৰি কাম কৰে যিয়ে তেজ অধিক সহজে প্ৰবাহিত হ'বলৈ সুচল কৰি দিয়ে ।

হাঁওফাঁওত উচ্চ ৰক্তচাপ হ্ৰাস হোৱাৰ ফলত হৃদযন্ত্ৰ আৰু হাঁওফাঁওৱে ভালদৰে কাম কৰিব পাৰে আৰু সঞ্চালন কৰাৰ ক্ষমতা উন্নত কৰে । জাইডাছে উল্লেখ কৰিছে যে ঔষধটো ইয়াৰ বাড্ডি-আধাৰিত নিৰ্মাণ (Baddi based manufacturing plant) কাৰখানাত প্ৰস্তুত কৰা হ'ব । আইকিউভিআইএ (IQVIA data) তথ্য অনুসৰি, জুলীয়া ঔষধৰ বাবে চিলডেনাফিলৰ আমেৰিকা যুক্তৰাষ্ট্ৰত বাৰ্ষিক বিক্ৰীৰ পৰিমাণ আছিল ৬৫ নিযুত আমেৰিকান ডলাৰ ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোডীয়ে দিল্লীত মুকলি কৰিলে 5G সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.