ETV Bharat / bharat

ভাৰত মহাসাগৰত আমেৰিকাৰ নৌ-সেনা আৰু ভাৰতীয় বায়ু সেনাৰ যুটীয়া অনুশীলন

author img

By

Published : Jun 23, 2021, 9:49 AM IST

আইএএফ( IAF) সদৰি কৰা অনুসৰি এই বিশেষ অনুশীলনৰ সৈতে সংযুক্ত হৈ থাকিব ইউএছ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপে এফ-১৮ যুঁজাৰু বিমান (The US Carrier Strike Group is expected to field F-18 fighters) আৰু ই-২চি হাওকি এই ডব্লিউ এণ্ড চি বিমান E-2C Hawkeye AEW&C aircraft ৷ উল্লেখযোগ্য যে, এই বিশেষ অনুশীলন তিৰুৱন্তপুৰমৰ দক্ষিণ আৰু পশ্চিম ভাৰত মহাসাগৰৰ পাৰত দুদিনধৰি চলিব ৷

US Navy, IAF to carry out joint drill in Indian Ocean Region
ভাৰত মহাসাগৰত আমেৰিকাৰ নৌ-সেনা আৰু ভাৰতীয় বায়ু সেনাৰ যুটীয়া অনুশীলন

নেশ্যনেল ডেস্ক, 23 জুন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌ-সেনা আৰু ভাৰতীয় বায়ু সেনাই যুটীয়াভাৱে ভাৰত মহাসাগৰত দুদিনীয়াকৈ বুধবাৰৰ পৰা দেশৰ প্ৰতিৰক্ষাৰ স্বাৰ্থত সামৰিক অনুশীলন আৰম্ভ কৰিব ৷ ভাৰত মহাসাগৰীয় (Indian Ocean) অঞ্চলত বন্ধুত্বপূৰ্ণভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌ-সেনাৰ সৈতে ভাৰতীয় বায়ু সেনাই 23 আৰু 24 জুনত ৰ’নাল্ড ৰেগান কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ (Ronald Reagan Carrier Strike Group) সৈতে সম্পন্ন হ’বলগীয়া এক বিশেষ কাৰ্যকৰী অনুশীলনত অংশগ্ৰহণ কৰিব ৷ উল্লেখযোগ্য যে, ৰেগান কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপটো বৰ্তমান ভাৰত মহাসাগৰ বিভিন্ন অঞ্চলত নিয়োজিত হৈ আছে ।

এই বিশেষ অনুশীলনত চাউদাৰ্ণ এয়াৰ কামাণ্ডাৰ দায়িত্বত থকা ক্ষেত্ৰত আইএএফ (IAF) কৰ্মীসকলে চাৰিটা বিশেষ কাৰ্যক্ষম কামাণ্ডৰ অধীনত থকা ঘাটিসমূহত অনুশীলন কৰা দেখা যাব ৷ ইয়াৰ সৈতে জড়িত হৈ থাকিব জাগুয়াৰ আৰু এছইউ-30 এমকেআই ফাইটাৰছ, (Jaguars and Su-30 MKI fighters) ৷ একেদৰে থাকিব (airborne warning and control system) এয়াৰবৰ্ণ ৱাৰিমং এণ্ড কন্ট্ৰল চিছটেম, airborne early warning and control (AEW&C) system এয়াৰবৰ্ণ আৰলি ৱাৰমিং এণ্ড কন্ট্ৰল চিছটেমৰ লগতে এয়াৰ-টু-এয়াৰ ৰিফুৱেলাৰ বিমান( air-to-air refueller aircraft) ৷

আনহাতে আইএএফ( IAF) সদৰি কৰা অনুসৰি এই বিশেষ অনুশীলনৰ সৈতে সংযুক্ত হৈ থাকিব ইউএছ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপে এফ-১৮ যুঁজাৰু বিমান (The US Carrier Strike Group is expected to field F-18 fighters) আৰু ই-২চি হাওকি এই ডব্লিউ এণ্ড চি বিমান E-2C Hawkeye AEW&C aircraft ৷ উল্লেখযোগ্য যে, এই বিশেষ অনুশীলন তিৰুৱন্তপুৰমৰ দক্ষিণ আৰু পশ্চিম ভাৰত মহাসাগৰৰ পাৰত দুদিনধৰি চলিব ৷

মনকৰিবলগীয়া যে, ভাৰত মহাসাগৰৰ অঞ্চলত সামুদ্ৰিক অভিযান চলোৱাৰ ক্ষেত্ৰত আইএএফৰ(IAF) যথেষ্ট অভিজ্ঞতা পুষ্ট ৷ আনহাতে আন্তৰ্জাতিকভাৱে যেতিয়া ভাৰতীয় বায়ু সেনাই অনুশীলনত অংশগ্ৰহণকে ধৰি দেশৰ দ্বীপ অঞ্চলসমূহত অনুশীলন কৰি আহিছে বিগত বছৰসমূহত ৷ ভাৰতীয় বায়ু সেনাই (IAF) বিভিন্ন সময়ত সাগৰীয় অঞ্চল সমূহত দুৰ্যোগৰ সময়ত জনতাক বন্ধু ৰাষ্ট্ৰসমূহৰ সহযোগত উদ্ধাৰ অভিযান চলোৱাৰ লগতে সাহাৰ্য-সামগ্ৰীও বিতৰণ কৰি অহা দেখা গৈছে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিএছজিৰ (CSG ) সৈতে ভাৰতীয় বায়ু সেনাৰ এই সম্পৰ্কই বন্ধুত্বপূৰ্ণভাৱে বিদেশী শক্তিৰ সৈতে সামুদ্ৰিক ক্ষেত্ৰত যুটীয়াভাৱে অভিযান চলোৱাত যথেষ্ট সুবিধাজনক হ’ব ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিএছজিৰ (CSG) সৈতে হোৱা এই বিশেষ অনুশীলনে দুয়োখন দেশৰ আন্তঃকাৰ্যকৰীতাৰ দিশ বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয়ভাবে সামুদ্ৰিক অনুসন্ধান চলোৱা আৰু উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত যথেষ্ট লাভজনক হ’ব বুলি ধাৰণা কৰা হৈছে ৷

একেদৰে সামুদ্ৰিক বিমান শক্তি ক্ষেত্ৰতো সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ আদান-প্ৰদানকে ধৰি একাধিক ক্ষেত্ৰত দুয়োখন দেশে লাভান্বিত হ’ব ৷

লগতে পঢ়কঃ দেশৰ কেইবাখনো ৰাজ্যত ক’ভিড-19 ৰ ডেল্টা+ ৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.