ETV Bharat / bharat

Indian students death in US: ভাৰতীয় ছাত্ৰীৰ মৃত্যুক লৈ আমেৰিকা আৰক্ষীৰ ঠাট্টা, তদন্তৰ দাবী ভাৰতৰ

আমেৰিকাত আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হৈছিল ভাৰতীয় শিক্ষাৰ্থীৰ । আৰক্ষীয়ে ঘটনাটোক লৈ উপলুঙাসূচক মন্তব্য কৰাৰ অভিযোগ । বিষয়টোক লৈ উদ্বেগ প্ৰকাশ ভাৰতীয় কনচুলেটৰ ।

US cop joking about Indian students death
ভাৰতীয় ছাত্ৰীৰ মৃত্যুক লৈ আমেৰিকা আৰক্ষীৰ ঠাট্টা
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 12:57 PM IST

নেশ্যনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ : যোৱা জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছিল । আমেৰিকাৰ এখন আৰক্ষীৰ দ্ৰুতবেগী বাহনৰ খুন্দাত এগৰাকী ভাৰতীয় ছাত্ৰীৰ মৃত্যু হৈছিল । এইবাৰ ভাৰতে সেই ঘটনাৰ কঠোৰ তদন্তৰ দাবী জনাইছে ।

এক শক্তিশালী বাৰ্তাত ভাৰতে বডীকেম ফুটেজৰ এক বিস্তৃত তদন্তৰ আহ্বান জনাইছে । ঘটনাটোৰ বিৱৰণ অনুসৰি আৰক্ষী বিষয়া কেভিন ডেভে প্ৰায় ১২০ কিলোমিটাৰ প্ৰতি ঘণ্টাত বাহন চলাইছিল । সেই সময়ত জাহ্নৱী কান্দুলাক বাহনখনে খুন্দিয়াইছিল । যাৰ ফলত তেওঁৰ মৃত্যু হয় । চিয়েটল আৰক্ষী বিভাগে মুকলি কৰা এটা ভিডিঅ'ত আন এগৰাকী বিষয়া চিয়েটল পুলিচ অফিচাৰ্ছ গিল্ডৰ বিষয়া ডেনিয়েল অডেৰক দুৰ্ঘটনাটোৰ বিষয়ে নিষ্ঠুৰতাৰে ঠাট্টা কৰা দেখা গৈছিল ।

চিয়েটলৰ নৰ্থ ইষ্টাৰ্ণ ইউনিভাৰ্চিটিত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি থকা জাহ্নৱী কান্দুলাই এই শোকাৱহ ঘটনাটোত মৃত্যু হয় । ভিডিঅ'টোত দেখা অদ্ভূত দৃশ্যবোৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনিৰ সৃষ্টি কৰিছে । বিশেষকৈ ভাৰতত এই ঘটনাই তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে ।

ভিডিঅ' ক্লিপটোত অডেৰক তেওঁৰ মৃত্যু হোৱা বুলি কোৱা শুনা গৈছে আৰু তাৰ পাছত তেওঁ কান্দুলাক সাধাৰণ নাগৰিক বুলি হৈ হাঁহিছিল । আনকি তেওঁ তাৰ ক্ষতিপূৰণ হিচাপে ঠাট্টাৰ সুৰত এঘাৰ হাজাৰ ডলাৰৰ চেক এখন লিখিবলৈ কৈছিল । আনকি ভিডিঅ'টোৰ শেষত অডেৰে ভুক্তভোগীৰ বয়সক লৈ কৈছিল তেওঁৰ বয়স ২৬ বছৰ নাছিল । সেয়ে তাৰ মূল্য সীমিত বুলিও কৈছিল ।

ইফালে ছান ফ্ৰাঞ্চিস্কোৰ ভাৰতীয় কনচুলেটে কান্দুলাৰ শোকাৱহ পথ দুৰ্ঘটনাৰ নিন্দা কৰে আৰু ইয়াক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে । ঘটনাৰ ন্যায় দাবী কৰি ইয়াৰ সৈতে জড়িত সকলো লোকৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে । এক্সৰ এটা পোষ্টত কনচুলেটে কৈছে যে, এই কৰুণ ঘটনাটোত জড়িত সকলৰ বিৰুদ্ধে পুংখানুপুংখ তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ বাবে চিয়েটল এণ্ড ৱাশ্বিংটন ৰাজ্যৰ স্থানীয় কৰ্তৃপক্ষৰ লগতে ৱাশ্বিংটন ডিচিৰ জ্যেষ্ঠ বিষয়াসকলৰ ওচৰত বিষয়টো উত্থাপন কৰা হৈছে ।

লগতে পঢ়ক :Shooting in US: চাঞ্চল্যকৰ ! ছাত্ৰৰ গুলীত মৃত্যু আন এজন ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.