ETV Bharat / bharat

Manipur Violence : মণিপুৰৰ হিংসাক লৈ কি ক'লে আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিয়ে ? - Garcetti met West Bengal Governor CV Ananda Bose

মণিপুৰৰ পৰিস্থিতিয়ে দৃষ্টি আকৰ্ষণ কৰিছে আমেৰিকাৰ । ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিৰ মতে অঞ্চলটোত শান্তি অবিহনে উন্নয়ন সম্ভৱ নহয় । এই ক্ষেত্ৰতত ভাৰতক সহায়ৰ বাবেও সাজু আছে আমেৰিকা ।

Manipur Violence
মণিপুৰৰ হিংসাক লৈ কি ক'লে আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিয়ে
author img

By

Published : Jul 7, 2023, 10:37 AM IST

নেশ্যনেল ডেস্ক,৭ জুলাই : মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন আমেৰিকা । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যিকোনো প্ৰকাৰে সহায় কৰিবলৈও সাজু আমেৰিকা । আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিয়ে কলকাতাত এই মন্তব্য কৰে । ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট প্ৰগতি হৈছে আৰু শান্তি অবিহনে এয়া সম্ভৱ নহয় । গাৰ্চেটিয়ে লগতে কয় যে মণিপুৰৰ হিংসা এক ভাৰতীয় বিষয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই অঞ্চলটোত শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে কিয়নো অঞ্চলটোত শান্তি স্থাপন হ'লে আমেৰিকাই অধিক সহযোগিতা, অধিক প্ৰকল্প আৰু অধিক বিনিয়োগ কৰিব পাৰে ।

তেওঁ কয়, "মই নাভাবো যে এইটো কৌশলগত উদ্বেগৰ বিষয় । মই ভাবো এইটো মানুহৰ চিন্তাৰ বিষয় । মই ভাবো হিংসাত শিশু বা ব্যক্তিৰ মৃত্যু হ'লে যত্ন ল'বলৈ আপুনি ভাৰতীয় হ'ব লাগিব বুলি কোনো কথা নাই ।"

তেওঁ লগতে কয় যে "উত্তৰ-পূব আৰু পূব প্ৰান্তত যথেষ্ট উন্নয়ন হৈছে । দেশখনে শেহতীয়া বছৰবোৰত কিছুমান উল্লেখযোগ্য কাম কৰিছে আৰু সেইবোৰ শান্তি অবিহনে অব্যাহত ৰাখিব নোৱাৰে বুলিও তেওঁ কয় । সেয়েহে আমেৰিকাই যিকোনো ধৰণে ভাৰতক সহায় কৰিবলৈ সাজু বুলিও তেওঁ উল্লেখ কৰে । এখন বিশেষ সন্মিলন সম্বোধন কৰি ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে কলকাতাক ৰাজ্যখনৰ ভিতৰতে এক মুখ্য লজিষ্টিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পশ্চিমবংগ চৰকাৰৰ প্ৰশংসা কৰে ।

ৰাষ্ট্ৰদূত গাৰ্চেটিৰ মতে পশ্চিমবংগ চৰকাৰে বন্দৰ আৰু স্থল, জলপথ, মাল্টিমোডেল পৰিবহন আন্তঃগাঁথনিৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে দেশ আৰু অঞ্চলৰ বাবে ই এক মুখ্য লজিষ্টিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলকাতাত প্ৰয়োজনীয় আন্তঃগাঁথনি ত্বৰান্বিত কৰাৰ সম্ভাৱনাৰ বিষয়েও কয় । তেওঁ কয় যে এগৰাকী কূটনীতিবিদ হিচাপে, তেওঁ দহ বছৰ ধৰি মেয়ৰ আছিল আৰু তেওঁ আন্তঃগাঁথনিৰ প্ৰতি উৎসাহী । তেওঁৰ মতে কলকাতা হৈছে এক পৰিকল্পিত চহৰ যি দীৰ্ঘদিন ধৰি অপৰিকল্পিত হৈ আছে । নেতাসকলৰ ইয়াক পুনৰ পৰিকল্পনা কৰাৰ আকাংক্ষা, কেৱল ইয়াতেই নহয় সমগ্ৰ পূব আৰু উত্তৰ-পূব ভাৰতত আছে । আমি আশা কৰা মতে ভাৰত আৰু আমেৰিকা ভাল বন্ধু আৰু অংশীদাৰ হ'বলৈ সক্ষম হ'ব ।

কলকাতা ভ্ৰমণৰ সময়ত গাৰ্চেটিয়ে পশ্চিমবংগৰ ৰাজ্যপাল চিভি আনন্দ বসু আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰধান মুখ্য উপদেষ্টা অমিত মিত্ৰক সাক্ষাৎ কৰে ৷ গাৰ্চেটিয়ে মহিলাৰ সৱলীকৰণ, বিভিন্ন সম্প্ৰদায়ৰ বাবে অৰ্থনৈতিক সুযোগ, জলবায়ু পৰিৱৰ্তন আৰু পশ্চিমবংগত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ উপায় সম্পৰ্কেও তেওঁলোকৰ সৈতে আলোচনা কৰে ৷

লগতে পঢ়ক :Chandrayaan 3 : ১৪ জুলাইত চন্দ্ৰযান-৩ৰ উৎক্ষেপণ, চন্দ্ৰযানৰ বিশেষত্ব কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.