ETV Bharat / bharat

UPSC CSE result 2022 : UPSC ৰ অসামৰিক পৰীক্ষাৰ ফলাফল ঘোষণা; শীৰ্ষ চাৰিটা স্থানত মহিলাৰ আধিপত্য - Indian Police Service

কেন্দ্ৰীয় লোকসেৱা আয়োগে মঙলবাৰে UPSC অসামৰিক সেৱাৰ ২০২২ বৰ্ষৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে (UPSC CSE result 2022 declared) । বিতং বিবৰণ তলত দিয়া হৈছে ।

UPSC CSE result 2022
UPSC CSE result 2022
author img

By

Published : May 23, 2023, 8:29 PM IST

নিউজ ডেস্ক, ২৩ মে' : কেন্দ্ৰীয় লোকসেৱা আয়োগে (Union Public Service Commission, UPSC) মঙলবাৰে অসামৰিক সেৱা পৰীক্ষা (Civil Services exam, CSE) 2022-ৰ ফলাফল প্ৰকাশ কৰিছে । ঘোষিত ফলাফলত ঈশিতা কিশোৰ (Ishita Kishore rank 1 in UPSC CSE 2022), গৰিমা লোহিয়া আৰু উমা হাৰাথি এনে ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ।

উল্লেখ্য যে, এইবাৰৰ ফলাফলত প্ৰথম চাৰিটা স্থান অধিকাৰ কৰিছে মহিলাই । মুঠ ৯৩৩ জন প্ৰাৰ্থীয়ে অসামৰিক সেৱা পৰীক্ষা (civil services examination 2022), ২০২২-ত উত্তীৰ্ণ হৈছে (UPSC CSE result 2022 toppers list) ।

ভাৰতীয় প্ৰশাসনিক সেৱা (Indian Administrative Service, IAS), ভাৰতীয় বৈদেশিক সেৱা (Indian Foreign Service, IFS) আৰু ভাৰতীয় আৰক্ষী সেৱাৰ (Indian Police Service, IPS) বিষয়া বাছনি কৰিবলৈ ইউপিএছচিয়ে তিনিটা পৰ্যায়ত বাৰ্ষিক পৰীক্ষা অনুষ্ঠিত কৰে । এই পৰ্যায় তিনিটা হৈছে- প্ৰাথমিক পৰ্যায় (preliminary), মুখ্য পৰ্যায় (main) আৰু সাক্ষাৎকাৰ (interview) পৰ্যায় ।

ইউপিএছচিৰ অসামৰিক সেৱাৰ মুখ্য পৰীক্ষা (UPSC Civil Services mains exam) আৰু ব্যক্তিত্ব পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে ইউপিএছচিৰ অফিচিয়েল ছাইট upsc.gov.in-ত ফলাফল পৰীক্ষা কৰিব পাৰে ।

ঘোষিত ফলাফলৰ শীৰ্ষ ১০ টা স্থান দখল কৰা প্ৰাৰ্থীকেইগৰাকী হৈছে :

  1. ঈশিতা কিশোৰ (5809986)
  2. গৰিমা লোহিয়া (1506175)
  3. উমা হাৰাথি এন (1019872)
  4. স্মৃতি মিশ্ৰ (0858695)
  5. ময়ূৰ হাজাৰিকা (0906457)
  6. গহনা নব্য জেমছ (2409491)
  7. ৱাছিম আহমদ ভাট (1802522)
  8. অনিৰুদ্ধ যাদৱ (0853004)
  9. কণিকা গোৱেল (3517201)
  10. ৰাহুল শ্ৰীবাস্তৱ (0205139)

উল্লেখ্য যে প্ৰাৰ্থীসকলে upsc.gov.in অফিচিয়েল ৱেবছাইটত তেওঁলোকৰ নিজৰ নিজৰ ফলাফল চাব পাৰে । কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২২ চনৰ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা অসামৰিক সেৱা পৰীক্ষাৰ লিখিত পৰীক্ষা আৰু ২০২৩ চনৰ জানুৱাৰী-মে'ত অনুষ্ঠিত কৰা ব্যক্তিত্ব পৰীক্ষাৰ সাক্ষাৎকাৰৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ইউপিএছচিয়ে চাৰিটা বিভাগত নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত মেধা তালিকা প্ৰকাশ কৰিছে । বিভাগকেইটা হৈছে :

  • ভাৰতীয় প্ৰশাসনিক সেৱা (Indian Administrative Service)
  • ভাৰতীয় বৈদেশিক সেৱা (Indian Foreign Service)
  • ভাৰতীয় আৰক্ষী সেৱা (Indian Police Service) আৰু
  • কেন্দ্ৰীয় সেৱাৰ গ্ৰুপ 'এ' আৰু গ্ৰুপ 'বি' (Central Services, Group ‘A’ and Group ‘B’) ।

আনহাতে, কেন্দ্ৰীয় লোকসেৱা আয়োগে এই বছৰ নিম্ন উল্লিখিত পদসমূহৰ বাবে খালী পদসমূহ মুকলি কৰিছে :

  • ভাৰতীয় প্ৰশাসনিক সেৱাৰ (IAS) বাবে 180 জন প্ৰাৰ্থী
  • ভাৰতীয় আৰক্ষী সেৱাৰ (IPS) বাবে 200
  • ভাৰতীয় বৈদেশিক সেৱাৰ (IFS) বাবে 38 আৰু
  • কেন্দ্ৰীয় সেৱা গ্ৰুপ 'এ'ৰ বাবে 473 আৰু গ্ৰুপ 'বি' সেৱাৰ বাবে 473 গৰাকী প্ৰাৰ্থী ।

লগতে পঢ়ক :UPSC result 2022 : UPSC পৰীক্ষাত পঞ্চম স্থান দখল অসমৰ ময়ুৰ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.