ETV Bharat / bharat

Up Election 2022: উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰীৰ মুখত Operation Ganga ৰ প্ৰসংগ

author img

By

Published : Mar 4, 2022, 8:50 PM IST

৭ মাৰ্চত অনুস্থিত হ'ব লগা উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই মিৰ্জাপুৰত । প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী গৰাকীৰ মুখত স্থান পালে Operation Ganga ৰ প্ৰসংগ ।

UP Polls
উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ

নেশ্যনেল ডেস্ক,০৪ মাৰ্চ: উত্তৰ প্ৰদেশত অনুস্থিত হ'বলগা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মিৰ্জাপুৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নিৰ্বাচনী প্ৰচাৰ সভাখনত মোদীৰ মুখত শুনা গ'ল অপাৰেচন গংগা(Operation Ganga)ৰ প্ৰসংগ । অপাৰেচন গংগাৰ জড়িয়তে ভাৰতীয় শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰা প্ৰক্ৰিয়াক প্ৰশংসাৰে ওপচাই তোলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বতে বৰ্তমান অতি বেয়া সময় চলি আছে । মহামাৰী বিভ্ৰান্তি আৰু অনিশ্চয়তাৰ দ্বাৰা প্ৰভাৱিত হৈছে বিশ্ব । কিন্তু এনে সংকটৰ সময়টো ভাৰতবৰ্ষই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।

মিৰ্জাপুৰত অনুস্থিত হোৱা জনসভাখনতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ প্ৰসংগও উল্লেখ কৰে । এনে অস্থিৰ পৰিৱেশৰ মাজতো ভাৰতে যুদ্ধবিদ্ধস্ত দেশখনৰ পৰা ভাৰতীয়সকলক উদ্ধাৰৰ যৎপৰোনাষ্টি ব্য়ৱস্থা গ্ৰহণ কৰিছে । তেওঁ উল্লেখ কৰে যে চলিত অপাৰেচন গঙ্গাৰ অধীনত হাজাৰ হাজাৰ শিক্ষাৰ্থীক দেশখনৰ পৰা সুৰক্ষিতভাৱে ঘূৰাই অনা হৈছে ।

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বৰ কিছু এনে পদক্ষেপৰ কথাও প্ৰচাৰ সভাখনত উল্লেখ কৰে । ক'ভিদ মহামাৰীৰ প্ৰথম ঢৌৰ সময়ত ভাৰতে অপাৰেচন বন্দে চলাই বিদেশত আৱদ্ধ হৈ পৰা প্ৰতিজন ভাৰতীয় ওভতাই আনিছিল ।

একেদৰে আফগানিস্তানত তালিবানৰ অধিগ্ৰহণৰ সময়টো ভাৰতীয় নাগৰিকসকলক ঘূৰাই আনিবলৈ অপাৰেচন দেৱী আৰম্ভ কৰিছিল । ইয়াৰ পূৰ্বে আজি ৰাতিপুৱা প্ৰধানমন্ত্ৰীয়ে অপাৰেচন গঙ্গাৰ অধীনত ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰিত কৰাৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ পঞ্চম উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে ।

প্ৰচাৰ সভাখনতে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশৰ ভোটাৰসকলে সতৰ্ক হৈ "পৰিয়ালৱাড়ী' আৰু 'মাফিয়াৱাড়ী'ক পৰাস্ত কৰিব লাগিব আৰু দ্বিতীয়বাৰৰ বাবে বিজেপি চৰকাৰক শাসনলৈ আনিব লাগিব । উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৭ মাৰ্চত অনুষ্ঠিত হ'ব । ভোটগণনা অনুষ্ঠিত হ'ব ১০ মাৰ্চত । ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত, শাসকীয় বিজেপিয়ে মুঠ ৪০৩ খন আসনৰ ভিতৰত ২১২ খন বিধানসভা আসন লাভ কৰিছিল ।

লগতে পঢ়ক: খিলঞ্জীয়া লোকৰ অধিকাৰৰ দাবীত TMC ৰ বিশাল জনসমাৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.